অসমলৈ অনা হ’ব বৃন্দাবনী বস্ত্ৰ; লণ্ডনত সম্পন্ন বুজাবুজিৰ চুক্তি

অসমলৈ অনা হ’ব বৃন্দাবনী বস্ত্ৰ

-২০২৭ চনত অসমলৈ আহিব বৃন্দাবনী  বস্ত্ৰ

-প্ৰতিগৰাকী অসমবাসীয়ে চাব পাৰিব গুৰুজনাৰ অপূৰ্ব সৃষ্টি এই বস্ত্ৰভাগ

-বস্ত্ৰভাগ অনাৰ বাবে ব্ৰিটিছ মিউজিয়াম কৰ্তৃপক্ষৰে চুক্তি স্বাক্ষৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

-আজি লণ্ডনত সম্পন্ন কৰে এই চুক্তি

-চুক্তি অনুসৰি ১৮ মাহৰ বাবে অসমলৈ অনা হ’ব এই বস্ত্ৰ

-বস্ত্ৰভাগ ৰখাৰ বাবে অসমত JSWএ সাজিব ব্ৰিটিছ মিউজিয়াম সদৃশ সংগ্ৰহালয়

-২০২৭ত এই বস্ত্ৰভাগ আনি ৰখা হ’ব সংগ্ৰহালয়টোত

-অমূল্য বস্ত্ৰভাগ ৰখাৰ বাবে গুৱাহাটীত নিৰ্মাণ হ’ব বিশ্বমানৰ সংগ্ৰহালয়

-JSW ফাউণ্ডেছনে নিৰ্মাণ কৰিব এই সংগ্ৰহালয়

-অসমৰ সাংস্কৃতিক ঐতিহ্যৰ বাবে এক ঐতিহাসিক পদক্ষেপ

লগতে পঢ়ক : অসমত আৰম্ভ নিৰ্বাচনকেন্দ্ৰিক কুচকাৱাজ; শীঘ্ৰেই ভোটাৰ তালিকাৰ বিশেষ সংশোধনী

‘ ১৮ মাহৰ বাবে অসমলৈ অনা হ’ব গুৰুজনাৰ সৃষ্টি বৃন্দাবনী বস্ত্ৰ’; মুখ্যমন্ত্ৰী ডাঙৰ ঘোষণা

‘ ১৮ মাহৰ বাবে অসমলৈ অনা হ’ব গুৰুজনাৰ সৃষ্টি বৃন্দাবনী বস্ত্ৰ’

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক দিছে এটা ভাল খবৰ। এখন সংবাদমেলৰ যোগে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে শীঘ্ৰেই অসমলৈ অনা হ’ব গুৰুজনাৰ সৃষ্টি বৃন্দাবনী বস্ত্ৰ।

বৰ্তমান ইউৰূপৰ ৩টা ব্ৰিটিছ মিউজিয়ামত আছে বৃন্দাবনী বস্ত্ৰখন। ছেপ্তেম্বৰত এই বিষয়ত আলোচনা কৰিবৰ বাবে লণ্ডলনৈ যাব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। ব্ৰিটিছ মিউজিয়াম কৰ্তৃপক্ষই অসম চৰকাৰক দিছে কেইবাটাও চৰ্ত।

এই চৰ্ত পূৰণ কৰিলে ২০২৭ বৰ্ষত ১৮ মাহৰ বাবে অসমলৈ অনা হ’ব বৃন্দাবনী ব্স্ত্ৰখন। ইয়াৰ পূৰ্বে অসমবাসীয়ে এই বৰ্ষতে কলাক্ষেত্ৰত ডিজিটেলি চাব পাৰিব বৃন্দাৱনী বস্ত্ৰ।

মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়া মতে, বৃন্দাবনী বস্ত্ৰ ৰাখিবলৈ গুৱাহাটীত নিৰ্মাণ কৰা হ’ব এটা অত্যাধুনিক সংগ্ৰহালয়। JSW এ খানাপাৰাত নিৰ্মাণ কৰা হ’ব এই অত্যাধুনিক সংগ্ৰহালয়টো। ব্ৰিটিছ মিউজিয়াম কৰ্তৃপক্ষই বান্ধি দিয়া নিয়মৰ মাজেৰে অসমলৈ অনা হ’ব বৃন্দাবনী বস্ত্ৰ।

লগতে পঢ়ক: ‘গণপতি বাপ্পাৰ আশীৰ্বাদেৰে আৰম্ভ হৈছে ভাল সময়’; গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰিলে নতুন ৰাজভৱন