মহাৰাষ্ট্ৰ কংগ্ৰেছৰ জ্যেষ্ঠ বিধায়ক বিজয় বাদেত্তিৱাৰে অপাৰেচন সিন্দূৰক লৈ আকৌ এবাৰ বিতৰ্কিত মন্তব্য কৰিছে। তেওঁ নাগপুৰত এটা সাক্ষাৎকাৰত কৈছে যে, চৰকাৰে অপাৰেচন সিন্দুৰত স্বচ্ছতা বজাই ৰাখিব লাগে আৰু ৰাইজক সঠিক তথ্য দিব লাগে।
বাদেত্তিৱাৰে কৈছিল যে, যদি কোনোৱে প্ৰশ্ন কৰে যে যুদ্ধখন ডাঙৰ নে সৰু হৈছিল, কিমান লোকচান হৈছিল, আমেৰিকাৰ নিৰ্দেশত মিত্ৰতা কৰা হৈছিল নেকি, তেনেহলে ইয়াত ভুল ক’ত।
তেওঁ অভিযোগ কৰে যে অপাৰেচন সিন্দূৰৰ সময়ত চীনত নিৰ্মিত ৫ হাজাৰৰ পৰা ১৫ হাজাৰ টকাৰ ড্ৰোন প্ৰেৰণ কৰা হৈছিল, যাৰ কোনো ডাঙৰ প্ৰভাৱ পৰা নাছিল।
তেওঁ লগতে কৈছিল যে, সেই ড্ৰোণ সমূহ ধ্বংস কৰিবলৈ ভাৰতে ১৫ লাখ টকীয়া মিছাইল নিক্ষেপ কৰিছিল। ইয়াক লৈ চৰকাৰে স্পষ্টিকৰণ দিব লাগে। তেওঁ লগতে কয় যে আনকি ৰাফেল বিমানো ব্যৱহাৰ কৰা হৈছিল।
ইয়াৰ পূৰ্বেও বিধায়ক গৰাকীয়ে অপাৰেচন সিন্দূৰক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। বিধায়ক বিজয় বাদেত্তিৱাৰৰ এই প্ৰশ্নত এতিয়া বিতৰ্কৰ সৃষ্টি হৈছে।