উত্তৰকাশীত ধ্বংসলীলা
মঙলবাৰে উত্তৰকাশীত ডাৱৰ বিস্ফোৰণৰ ফলত এক শোকাৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে।ধৰালী গাঁও আৰু হৰ্শিল সেনা শিবিৰৰ ওপৰত ডাৱৰ বিস্ফোৰণৰ ফলত ৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৫০ জনতকৈ অধিক লোক সন্ধানহীন হৈ আছে।এই ঘটনা সন্দৰ্ভত উত্তৰকাশীবাসীলৈ শোক প্ৰকাশ কৰিছে বলীউডৰ তাৰকাসকলে।
বলীউডৰ অভিনেত্ৰী উৰ্বশী ৰাউটেলাৰ ঘৰ উত্তৰাখণ্ডৰ কোটদ্বাৰত।ডাৱৰ বিস্ফোৰণৰ ঘটনাত অভিনেত্ৰী গৰাকীয়ে শোক প্ৰকাশ কৰিছে।
ট্ৰেজেডী সন্দৰ্ভত উৰ্বশী ৰাউটেলা ক’লে যে মই হৰিদ্বাৰৰ কন্যা। উত্তৰাখণ্ডৰ প্ৰতিটো শিল, প্ৰতিখন নদী মোৰ আত্মাত নিহিত হৈ আছে।খীৰ গংগা নদীৰ বিধ্বংসী বানপানী দেখি মোৰ বৰ দুখ লাগিছে,যিটো শব্দৰে প্ৰকাশ কৰিব নোৱাৰি।
তেওঁ আৰু কয় যে ক্ষন্তেকতে ৰাস্তা-ঘাট, দোকান-পোহাৰ, সপোন আৰু স্মৃতি সকলো উটুৱাই লৈ গ’ল।আপোনজনক বিচাৰি সকলোৱে হাহাকাৰ কৰি আছে।বহু অভিভাৱকে নিজৰ সন্তানৰ বাবে প্ৰাৰ্থনা কৰিছে।
এই খবৰটো মোৰ বাবে কেৱল খবৰ নহয়, এইবোৰ মোৰ নিজৰ মানুহ, মোৰ ঘৰৰ মানুহ।অভিনেত্ৰীগৰাকীয়ে আৰু কয় যে মই আপোনালোক সকলোৰে বাবে প্ৰাৰ্থনা কৰিছো।মই সকলোকে প্ৰতিশ্ৰুতি দিছো যে মই আপোনালোকক সকলো ধৰণে সহায় কৰিম।
ইফালে ছাৰা আলী খানেও উত্তৰাখণ্ডৰ এই ডাৱৰ বিস্ফোৰণক লৈ শোক প্ৰকাশ কৰিছে। তেওঁ ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে যে উত্তৰাখণ্ডৰ ট্ৰেজেডীত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ প্ৰতি মোৰ শোক প্ৰকাশ।সকলোৰে সুৰক্ষা, শক্তি আৰু আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো।
লগতে পঢ়ক:মহাৱতাৰ নৰসিংহ : বৃহৎ সংগ্ৰহেৰে বক্স অফিচত খলকনি