ক্ষেপণাস্ত্ৰ আক্ৰমণক লৈ ক্ষুব্ধ ড’নাল্ড ট্ৰাম্প
ইউক্ৰেইনত ৰাছিয়াৰ আটাইতকৈ ডাঙৰ ক্ষেপণাস্ত্ৰ আক্ৰমণক লৈ ক্ষুব্ধ ড’নাল্ড ট্ৰাম্প । চলি থকা সামৰিক কাৰ্যকলাপৰ মাজতে মঙলবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক ধমক দিয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । ইউক্ৰেইনৰ সৈতে শান্তি চুক্তি চূড়ান্ত কৰাৰ প্ৰচেষ্টাত বাধাৰ সৃষ্টি কৰা বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক তীব্ৰ সমালোচনা কৰিছে ।
ৰাছিয়াৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ-
ট্ৰুথছ’চিয়েলত এটা পোষ্টত ট্ৰাম্পে কয়, ‘ভ্লাদিমিৰ পুটিনে উপলব্ধি কৰা নাই যে মই নাথাকিলে ইতিমধ্যে ৰাছিয়াত অতি বেয়া ঘটনা ঘটিলহেঁতেন । তেওঁলোকে জুইৰ লগত খেলি আছে ।’ শেহতীয়াকৈ ৰাছিয়াই ইউক্ৰেইনত ড্ৰোন আৰু মিছাইল আক্ৰমণ চলোৱাৰ পিছতে ট্ৰাম্পে এই মন্তব্য কৰিছে । ২০২২ চনত যুদ্ধ আৰম্ভ হোৱাৰ পিছত ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াই গ্ৰহণ কৰা এইটোৱেই আছিল আটাইতকৈ ডাঙৰ পদক্ষেপ ।
এই পোষ্টটোৰ মাত্ৰ এদিন পূৰ্বে ট্ৰাম্পে পুটিনৰ প্ৰতি নিজৰ হতাশা প্ৰকাশ কৰিছিল । তেওঁ কৈছিল, ‘তেওঁলোকে কোনো কাৰণ নোহোৱাকৈয়ে বহু লোকক হত্যা কৰি আছে আৰু মই কেৱল সৈনিকৰ কথা কোৱা নাই । অকাৰণতে ইউক্ৰেইনৰ চহৰসমূহত মিছাইল আৰু ড্ৰোন নিক্ষেপ কৰা হৈছে । মই সদায় কৈ আহিছো যে তেওঁ কেৱল ইউক্ৰেইনৰ এটা টুকুৰা নহয়, সমগ্ৰ ইউক্ৰেইন বিচাৰে আৰু সেয়া হয়তো সঠিক বুলি প্ৰমাণিত হ’ব, কিন্তু যদি তেওঁ তেনে কৰে তেন্তে ইয়াৰ ফলত ৰাছিয়াৰ পতন ঘটিব ।’
মাত্ৰ কেইদিনমানৰ আগতে ট্ৰাম্পে কৈছিল যে শেহতীয়াকৈ ইউক্ৰেইনত ৰাছিয়াই আক্ৰমণ কৰাৰ পিছত ৰাছিয়াই অতিৰিক্ত নিষেধাজ্ঞা আৰোপ কৰাৰ কথা চিন্তা কৰিছে । সংবাদ সংস্থা এ এফ পিৰ মতে, মৰিছটাউন বিমানবন্দৰত ট্ৰাম্পে কয়, ‘পুটিনৰ কামত মই সুখী নহয় । তেওঁ বহুত মানুহক হত্যা কৰি আছে, আৰু পুটিনৰ কি হৈছে নাজানো ।’
লগতে পঢ়ক : ‘শীঘ্ৰেই ধ্বংস হ’ব ৰাছিয়া…’; ভ্লাদিমিৰ পুটিনক পাগল আখ্যা ড’নাল্ড ট্ৰাম্পৰ