ঘৰতে সোমাই গুলীয়ালে দুজনকৈ সাংসদক
আমেৰিকাৰ মিনেছ’টাত দুজন জনপ্ৰতিনিধি তথা সাংসদ- ৰাজ্যিক চিনেটৰ জন হফমেন আৰু ৰাজ্যিক প্ৰতিনিধি মেলিছা হৰ্টমেন তেওঁলোকৰ বাসগৃহতে আক্ৰমণৰ সন্মুখীন হয় । স্থানীয় আৰক্ষীয়ে ইয়াক লক্ষ্যভিত্তিক আক্ৰমণ বুলি অভিহিত কৰিছে, য’ত জন হফমেন এই আক্ৰমণত আহত হোৱাৰ বিপৰীতে মেলিছা হৰ্টমেন আৰু তেওঁৰ স্বামীৰ এই আক্ৰমণত মৃত্যু হয় ।
মিনিয়াপলিছৰ উপকণ্ঠ অঞ্চল চেম্পলিন আৰু ব্ৰুকলিন পাৰ্কত সাসংদ দুগৰাকীৰ নিজ বাসগৃহত এই গুলীচালনাৰ সংঘটিত হয় । প্ৰাৰম্ভিক তদন্ত অনুসৰি আক্ৰমণকাৰীয়ে আৰক্ষী বিষয়াৰ ভেশত আহিছিল বুলি সন্দেহ কৰা হৈছে । ঘটনাৰ তদন্ত আৰম্ভ কৰা হৈছে ।
মিনেছ’টাৰ গৱৰ্ণৰ টিম ৱালজে সংবাদমেলত কয় যে আমি কেৱল মিনেছ’টাতে নহয়, সমগ্ৰ দেশতে সকলো ধৰণৰ ৰাজনৈতিক হিংসাৰ বিৰুদ্ধে থিয় দিব লাগিব । তেওঁ আৰু কয়, “যিসকল ইয়াৰ বাবে দায়ী তেওঁলোকক নিশ্চিতভাৱে শাস্তি দিয়া হ’ব ।”
এই আক্ৰমণৰ পিছত কৰ্তৃপক্ষই মিনিয়াপলিছৰ দুটা উপকণ্ঠ অঞ্চলত বাস কৰা লোকসকলক ঘৰৰ ভিতৰতে থাকিবলৈ আহ্বান জনায়, কিয়নো তেওঁলোকে সাংসদক হত্যা কৰা, আৰক্ষীৰ ইউনিফৰ্ম পিন্ধা বুলি অভিযোগ উত্থাপন কৰা সন্দেহজনক লোকৰ সন্ধানত নামিছে ।
ইফালে, মিনেছ’টা আৰক্ষীয়ে জনোৱা মতে, সন্দেহযুক্ত লোকজনৰ গাড়ীৰ পৰা এটা “মেনিফেষ্টো” উদ্ধাৰ কৰা হৈছে, য’ত কেইবাজনো বিধায়ক আৰু জনপ্ৰতিনিধি তথা সাসংদৰ নাম সম্ভাৱ্য লক্ষ্য হিচাপে উল্লেখ কৰা হৈছে ।
তদন্তকাৰী সংস্থাসমূহে এয়া এজন অকলশৰীয়া আক্ৰমণকাৰী আছিল নে কোনো বৃহৎ ষড়যন্ত্ৰৰ অংশ আছিল সেয়া এতিয়া জানিবলৈ চেষ্টা কৰিছে । লগতে অঞ্চলটোত নিৰাপত্তা বৃদ্ধি কৰাৰ লগতে সমীপৱৰ্তী সকলো জনপ্ৰতিনিধিক অতিৰিক্ত নিৰাপত্তা প্ৰদান কৰা হৈছে ।
স্থানীয় প্ৰশাসন, এফ বি আই আৰু অন্যান্য ফেডাৰেল সংস্থাসমূহে এই বিষয়ত যৌথ তদন্ত চলাই আছে । আক্ৰমণকাৰীৰ পৰিচয় ৰাজহুৱা কৰা হোৱা নাই যদিও তেওঁৰ ৰাজনৈতিক উদ্দেশ্যৰ সম্ভাৱনা নুই কৰা হোৱা নাই আৰু অনুমান কৰা হৈছে যে তেওঁ বিশেষভাৱে জনপ্ৰতিনিধিক লক্ষ্য কৰি লোৱাৰ পৰিকল্পনা কৰিছিল ।
লগতে পঢ়ক : ইজৰাইলৰ আক্ৰমণত মৃত্যু ইৰাণৰ মুৰব্বী হুছেইন চালামী; তেহৰাণে দিলে সকিয়নী