ভাৰত আৰু পাকিস্তানৰ মাজত আক্ৰমণত লৈ উত্তেজনা বৃদ্ধি পাইছে।ইফালে আমেৰিকাই পাকিস্তানৰ লাহোৰত থকা সকলো কনছুলেট কৰ্মচাৰীক ‘শ্বেল্টাৰ-ইন-প্লেচ’ (নিৰাপদ স্থানত থকা)ৰ নিৰ্দেশনা দিছে।
লাহোৰ আৰু ইয়াৰ আশে-পাশে ড্ৰ’ন বিস্ফোৰণৰ পিছত আমেৰিকাই তেওঁলোকৰ লোক সকলৰ বাবে এই নিৰ্দেশনা জাৰি কৰা হৈছে।
আমেৰিকাৰ দূতাবাসৰ পৰামৰ্শদাতাই কয় যে তেওঁলোকে প্ৰাৰম্ভিক খবৰ লাভ কৰিছে যে লাহোৰৰ মূল বিমানবন্দৰৰ আশে-পাশে থকা কিছু অঞ্চল পাকিস্তান প্ৰশাসনে খালী কৰিব পাৰে।
লাহোৰ আৰু পাকিস্তানৰ পঞ্জাব প্ৰদেশৰ আমেৰিকাৰ নাগৰিকসকলকো সকীয়াই দিয়া হৈছে যে, যদি তেওঁলোক সক্ৰিয় সংঘাতৰ অঞ্চলত আছে আৰু নিৰাপদে যাব পাৰে, তেন্তে তাৰ পৰা গুচি যাওক। যদি এয়া সম্ভৱ নহয়, তেন্তে নিৰাপদ স্থানত আশ্ৰয় লওক।
Post Views: 33