পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত বৃদ্ধি পোৱা উত্তেজনা সন্দৰ্ভত আজি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এখন ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হ’ব । পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ে বিশ্ব নিৰাপত্তা সংস্থাটোক “ভাৰতৰ আক্ৰমণাত্মক কাৰ্য্য, প্ৰৰোচনা আৰু উত্তেজনামূলক বক্তব্য”ৰ বিষয়ে অৱগত কৰিব বুলি কোৱাৰ এদিন পিছতে এই বিবৃতি প্ৰকাশ পাইছে । ইয়াত কোৱা হৈছে যে, “পাকিস্তানে সিন্ধু জল সন্ধি স্থগিত ৰখাৰ বাবে ভাৰতৰ অবৈধ কাৰ্য্যক বিশেষভাৱে উপস্থাপন কৰিব ।”
ইয়াৰ সমান্তৰালকৈ পাকিস্তানে কৈছে যে নতুন দিল্লীৰ এই কার্যই কেনেদৰে ‘শান্তি আৰু নিৰাপত্তা’ বিপন্ন কৰিছে সেই কথা দেশখনে স্পষ্ট কৰি দিব ৷
আজি অনুষ্ঠিত হ’বলগীয়া বৈঠকখন আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ সন্মুখত সীমা অতিক্ৰম কৰা উত্তেজনা সন্দৰ্ভত দুয়োপক্ষই নিজৰ মতামত দাঙি ধৰাৰ সুযোগ পাব । ৰাষ্ট্ৰসংঘত গ্ৰীচৰ স্থায়ী প্ৰতিনিধি তথা মে’ মাহৰ বাবে নিৰাপত্তা পৰিষদৰ সভাপতি ৰাষ্ট্ৰদূত ইভানজেলছ চেকেৰিছে ইয়াৰ পূৰ্বে জনাইছ যে, “এয়া এক নীতিগত স্থিতি । আমি সন্ত্ৰাসবাদক সকলো ধৰণৰ নিন্দা কৰিছো । আনহাতে, অঞ্চলটোত উত্তেজনা বৃদ্ধি পোৱাৰ বাবে আমি চিন্তিত ।”
উল্লেখ্য যে, ২৬ জন সাধাৰণ নাগৰিক নিহত হোৱা পহলগাম সন্ত্ৰাসবাদী আক্ৰমণক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে তীব্ৰ গৰিহণা দিছিল । এই আক্রমণৰ পাছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কেতবোৰ ব্যৱস্থা গ্ৰহণৰ কথা ঘোষণা কৰে, য’ত সিন্ধু জল সন্ধি স্থগিত ৰখা আৰু আত্তৰীৰ স্থল-প্রৱেশন প’ষ্ট তৎকালীনভাৱে বন্ধ কৰাকে ধৰি বহুকেইটা পদক্ষেপৰ কথা ঘোষণা কৰা হৈছিল ৷