পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ উত্তেজনাৰ মাজতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এখন ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হয়।অৱশ্যে পাকিস্তানৰ অনুৰোধৰ পিছত অনুষ্ঠিত এই বৈঠকত কোনো সুনিৰ্দিষ্ট ফলাফল পোৱা নগ’ল।
সোমবাৰে ইউএনএছচিত বন্ধ দুৱাৰৰ বৈঠকৰ পাছত পাকিস্তানে লাজৰ সন্মুখীন হ’বলগীয়া হয়।এই বৈঠকৰ পিছত ৰাষ্ট্ৰসংঘই কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই বা নতুবা কোনো ধৰণৰ প্ৰস্তাৱ গৃহীত কৰা নাছিল।
বৈঠকখনত পেহেলগাম আক্ৰমণৰ বাবে পাকিস্তানক পৰোক্ষভাৱে তিৰস্কাৰ কৰিছে ৰাষ্ট্ৰসংঘৰ মহাসচিবগৰাকীয়ে।বৈঠকৰ পূৰ্বে ৰাষ্ট্ৰসংঘৰ মহাসচিব গুটেৰেছে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দি কয় যে ইয়াৰ বাবে দোষীক শাস্তি দিব লাগিব।অৱশ্যে সামৰিক ব্যৱস্থা সমাধান নহয় বুলি উল্লেখ কৰি তেওঁ দেশসমূহক সংযম হ’বলৈ পৰামৰ্শ দিয়ে।
এই বৈঠকৰ সময়ত পাকিস্তানে অহৰহ মিছা বক্তব্য দি থাকিল।তেওঁলোকে ভাৰতে সিন্ধু নদী সন্ধি স্থগিত ৰখাৰ পদক্ষেপক অবৈধ বুলি অভিহিত কৰিছে।
ইয়াৰ ফলত অঞ্চলটোৰ শান্তি আৰু নিৰাপত্তাৰ প্ৰতি ভাবুকি আহি পৰিছে বুলিও তেওঁলোকে কয়।পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণত জড়িত থকাৰ কথা পুনৰ অস্বীকাৰ কৰিলে পাকিস্তানে।
তেওঁলোকে দাবী কৰিছিল যে তেওঁলোক নিৰ্দোষী আৰু আমি এনে আক্ৰমণক গৰিহণা দিছো, ইয়াৰ লগত পাকিস্তানৰ কোনো সম্পৰ্ক নাই।এনে আক্ৰমণৰ স্বচ্ছ আৰু স্বতন্ত্ৰ তদন্তৰ বাবেও সাজু হৈছে পাকিস্তান।
জানিব পৰা মতে এই বৈঠকখন UNSC ৰ সাধাৰণ চেম্বাৰৰ পৰিৱৰ্তে বন্ধ কোঠাতহে হৈছিল। বৈঠকখন সেই সময়ত হৈছিল, যেতিয়া ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে দুয়োখন পাৰমাণৱিক অস্ত্ৰধাৰী দেশৰ মাজত উত্তেজনা শিখৰত উপনীত হোৱাক লৈ উদ্বেগ প্ৰকাশ কৰিছিল।