পহলগাম আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰমাৎ উত্তেজনা বৃদ্ধি পাইছে । এতিয়া ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে দুয়োখন দেশকে সংযম ৰক্ষা কৰিবলৈ আহ্বান জনাইছে । ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানে কয় যে সামৰিক সমাধান কোনো সমাধান নহয় । ইয়াৰ লগতে তেওঁ পহলগাম সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিয়ে । উল্লেখ্য যে, পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছৰে পৰা ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা তুংগত আছে ।
ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে সোমবাৰে উদ্বেগ প্ৰকাশ কৰে যে ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা “বহু বছৰৰ ভিতৰত সৰ্বাধিক” । লগতে দুয়োখন দেশক সৰ্বাধিক সংযম আৰু পিছুৱাই যাবলৈ আহ্বান জনাই তেওঁ ।
আক্ৰমণৰ পিছত হোৱা কঠিন অনুভৱবোৰ মই বুজি পাওঁ : গুটেৰেছ
গুটেৰেছে এক চমু বিবৃতিত কয় যে ভুল নকৰিব : সামৰিক সমাধান কোনো সমাধান নহয় । লগতে তেওঁ কয় যে ২২ এপ্ৰিলত পহলগামত সংঘটিত ভয়ানক সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত যি কঠোৰ অনুভূতি তেওঁ বুজি পাইছে । তেওঁ পুনৰ এই আক্ৰমণক তীব্ৰ গৰিহণা দি নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ।
সাধাৰণ নাগৰিকক লক্ষ্য কৰি লোৱাটো গ্ৰহণযোগ্য নহয় : গুটেৰেছ
সাধাৰণ নাগৰিকক লক্ষ্য কৰি লোৱাটো গ্ৰহণযোগ্য নহয় আৰু বিশ্বাসযোগ্য আৰু বৈধ উপায়েৰে দাোষীক ন্যায়ৰ কাঠগঢ়ালৈ আনিব লাগিব বুলিও তেওঁ কয় ।
তেওঁ কয় যে, “ৰাষ্ট্ৰসংঘই যিকোনো পদক্ষেপক সমৰ্থন কৰিবলৈ সাজু আছে যিয়ে ডি-এস্কেলেচন, কূটনীতি আৰু শান্তিৰ প্ৰতি নৱীকৃত প্ৰতিশ্ৰুতিক প্ৰসাৰিত কৰে ।”