মহিলা বিশ্বকাপৰ বাবে ভাৰতীয় দলত স্থান লাভ উমা ছেত্ৰীৰ
বৃহস্পতিবাৰে ভাৰতৰ বিৰুদ্ধে আগন্তুক এদিনীয়া শৃংখলাৰ বাবে ভাৰতৰ দলত উইকেটকীপাৰ বেটছমেন উমা ছেত্ৰীক দলত স্থান দিছে।
দৰাচলতে আঁঠুৰ আঘাতৰ বাবে মহিলা বিশ্বকাপৰ পৰা বাহিৰ হ’ল যস্তিকা ভাটিয়া।কেৱল এয়াই নহয়, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আগন্তুক এদিনীয়া শৃংখলাৰ অংশ হৈও নাথাকিব যস্তিকা।
বিচিচিআইয়ে জনোৱা মতে, বিশাখাপট্টনমৰ প্ৰস্তুতি শিবিৰৰ সময়ত যস্তিকা আঘাতপ্ৰাপ্ত হৈছিল, যাৰ বাবে খেলুৱৈগৰাকীয়ে এই বিশ্বব্যাপী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নোৱাৰিব।
উমাৰ ছিনিয়ৰ দলত অন্তৰ্ভুক্ত হোৱাৰ অৰ্থ হ’ল তেওঁ আৰু বিশ্বকাপৰ অনুশীলন মেচত ইণ্ডিয়া এৰ হৈ খেলিব নোৱাৰিব।
উমা ছেত্ৰী এতিয়া অষ্ট্ৰেলিয়া ছিৰিজ আৰু আইচিচি মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫ৰ বাবে ভাৰতীয় দলৰ অংশ হৈ আছে। তেওঁ এতিয়া ইণ্ডিয়া এ দলৰ অংশ হৈ নাথাকিব।
লগতে পঢ়ক: লণ্ডনত অনুষ্ঠিত হোৱা ফিটনেছ টেষ্টত উত্তীৰ্ণ বিৰাট কোহলী; BCCI ৰ সিদ্ধান্ত লৈ বিতৰ্ক