ড্ৰোন আক্ৰমণ
পাকিস্তানী সন্ত্ৰাসবাদীৰ আচল চৰিত্ৰ উদঙাবলৈ ৰাছিয়ালৈ যোৱা ভাৰতীয় সাংসদৰ প্ৰতিনিধি দলটোৱে মস্কো বিমানবন্দৰত এক ভয়ংকৰ ঘটনাৰ সন্মুখিন হয়।
দৰাচলতে ডি এম কেৰ সাংসদ কনিমোঝীৰ নেতৃত্বত গঠিত প্ৰতিনিধি দলটোৱে মস্কোত প্ৰৱেশ কৰাৰ সময়তেই ইউক্ৰেইনে ড্ৰোন আক্ৰমণ কৰে। তাৰ পিছতেই বিমানবন্দৰটোত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়।
অৱশ্যে দলটো ড্ৰোন আক্ৰমণৰ পৰা সংকীৰ্ণভাৱে ৰক্ষা পৰে।এই বিমানখনত ডি এম কেৰ সাংসদ কনিমোঝীও আছিল।
ড্ৰোন আক্ৰমণৰ বাবে দলটো যোৱা বিমানখনে কেইবা ঘণ্টা ধৰি মস্কো বিমানবন্দৰৰ ওপৰেৰে ঘূৰি ফুৰিছিল।কানিমোঝি কঢ়িয়াই নিয়া বিমানখন মস্কো বিমানবন্দৰত অৱতৰণ কৰাত অসুবিধা হৈছিল।
অৱশেষত কেইবা ঘণ্টা পলম আৰু নিৰাপত্তাৰ অৱস্থাৰ মূল্যায়নৰ অন্তত বিমানখন মস্কো বিমানবন্দৰত অৱতৰণ কৰে।ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ পিছতে মস্কোৰ সকলো বিমানবন্দৰতে বিমানৰ চলাচল বন্ধ হৈ পৰে।
অপাৰেচন সিন্দুৰ সন্দৰ্ভত ভাৰতৰ ৬টা প্ৰতিনিধি দল বিভিন্ন দেশলৈ গৈ ভাৰতৰ স্থিতি প্ৰকাশ কৰিছে।সাংসদ কনিমোঝীৰ নেতৃত্বত সাংসদৰ প্ৰতিনিধি দলটোৱে ২২ মে’ত ৰাছিয়ালৈ ৰাওনা হৈছিল।
ভাৰতৰ পৰা ৰাছিয়ালৈ যোৱা প্ৰতিনিধি দলটোৰ ভিতৰত ডি এম কেৰ সাংসদ কনিমোঝী, সমাজবাদী পাৰ্টিৰ সাংসদ ৰাজীৱ ৰায়, আৰজেডিৰ সাংসদ প্ৰেমচান্দ গুপ্তা, কেপ্তেইন ব্রিজেশ, অশোক কুমাৰ মিত্তল আৰু ৰাষ্ট্ৰদূত মঞ্জীৱ সিং পুৰীক আছে।
লগতে পঢ়ক: ‘যদি পাকিস্তানলৈ যোৱা কোনোবা ইউটিউবাৰ আছে নাম দিয়ক’; এক্সন মোডত মুখ্যমন্ত্ৰী