চুডানৰ তৈলক্ষেত্ৰত সেনাৰ ড্ৰোণ আক্ৰমণ; ২০ ত কৈ অধিক লোক নিহত

চুডানৰ সৰ্ববৃহৎ তেল প্ৰক্ৰিয়াকৰণ কেন্দ্ৰ হেগলিগৰ সমীপত এক বৃহৎ ড্ৰোণ আক্ৰমণ কৰা হৈছে।এই ড্ৰোন আক্ৰমণত ২০ ত কৈও অধিক লোকৰ মৃত্যু হৈছে।

মঙলবাৰে সন্ধিয়া চুডানৰ সৰ্ববৃহৎ তেল প্ৰক্ৰিয়াকৰণ কেন্দ্ৰ হেগলিগৰ সমীপত চুডানৰ সশস্ত্ৰ বাহিনীয়ে এক বৃহৎ ড্ৰোণ আক্ৰমণ চলায়। এই ড্ৰোন আক্ৰমণত ২০ ত কৈও অধিক লোকৰ মৃত্যু হৈছে।

এই তথ্য অৰ্ধসামৰিক বাহিনী ৰেপিড চাপৰ্ট ফৰ্চ (আৰ এছ এফ)ৰ দ্বাৰা প্ৰদান কৰা হৈছে। উল্লেখ্য যে,২০২৩ চনৰ পৰা চুডানৰ সেনাৰ সৈতে যুঁজি থকা আৰ এছ এফে কয়,দক্ষিণ চুডানৰ সীমান্তৱৰ্তী তৈলখাদটোত এই আক্ৰমণ সেই সময়ত সংঘটিত হৈছিল, যেতিয়া RSF এ এদিন পূৰ্বেই এই সুবিধাটো দখল কৰিছিল।দুয়োপক্ষই জনোৱা মতে, নিহত আৰু আহত হোৱা লোকৰ সঠিক সংখ্যা বৰ্তমানেও নিশ্চিত কৰিব পৰা হোৱা নাই।

এই ড্ৰোণ আক্ৰমণত ৭ জন জনজাতীয় নেতা আৰু ২০ ত কৈও অধিক RSF ৰ যোদ্ধা নিহত হয়।RSF ৰ তথ্য অনুসৰি তুৰ্কীত নিৰ্মিত আকিনচি ড্ৰোণেৰে চলোৱা এই আক্ৰমণত দক্ষিণ চুডানৰ সৈন্যও নিহত হয়।

RSF এ এই আক্ৰমণক গৰিহণা দি আন্তঃৰাষ্ট্ৰীয় আইন উলংঘা বুলি অভিহিত কৰে।চুডানৰ দুজন সামৰিক বিষয়াই ড্ৰোণ আক্ৰমণ নিশ্চিত কৰি কয় যে ইয়াৰ লক্ষ্য হৈছে RSF ৰ যোদ্ধা।দক্ষিণ চুডানৰ ইউনিটি ষ্টেট চৰকাৰে নিশ্চিত কৰিছে যে দক্ষিণ চুডানৰ তিনিজন জোৱান নিহত হৈছে।

দক্ষিণ চুডানৰ কমাণ্ডাৰ জনছন অল’নীয়ে এক বিবৃতিত কয় যে,হেগলিগক বন্দী কৰাৰ পিছত হয়তো দক্ষিণ চুডানৰ বাহিনীক নিৰাপত্তাৰ বাবে প্ৰেৰণ কৰা হৈছিল।

দক্ষিণ চুডান তেল ৰপ্তানিৰ বাবে সম্পূৰ্ণৰূপে চুডানৰ পাইপলাইনৰ ওপৰত নিৰ্ভৰশীল আৰু এই সংঘাতে বাৰে বাৰে ইয়াৰ তেল উৎপাদনত ব্যাঘাত জন্মাইছে, যাৰ ফলত ইয়াৰ অৰ্থনৈতিক দুৰ্দশা আৰু অধিক ভয়াৱহ হৈ পৰিছে।

লগতে পঢ়ক: ৰাজপথত চাৰিচকীয়া বাহনৰ সৈতে বিমানৰ সংঘৰ্ষ, ভাইৰেল দুৰ্ঘটনাৰ ভয়াৱহ ভিডিঅ’

মস্কো বিমানবন্দৰত ইউক্ৰেনৰ ড্ৰোন আক্ৰমণ; বন্ধ হৈ পৰিছে বিমান চলাচল

 ড্ৰোন আক্ৰমণ

পাকিস্তানী সন্ত্ৰাসবাদীৰ আচল চৰিত্ৰ উদঙাবলৈ ৰাছিয়ালৈ যোৱা ভাৰতীয় সাংসদৰ প্ৰতিনিধি দলটোৱে মস্কো বিমানবন্দৰত এক ভয়ংকৰ ঘটনাৰ সন্মুখিন হয়।

দৰাচলতে ডি এম কেৰ সাংসদ কনিমোঝীৰ নেতৃত্বত গঠিত প্ৰতিনিধি দলটোৱে মস্কোত প্ৰৱেশ কৰাৰ সময়তেই ইউক্ৰেইনে ড্ৰোন আক্ৰমণ কৰে। তাৰ পিছতেই বিমানবন্দৰটোত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়।

অৱশ্যে দলটো ড্ৰোন আক্ৰমণৰ পৰা সংকীৰ্ণভাৱে ৰক্ষা পৰে।এই বিমানখনত ডি এম কেৰ সাংসদ কনিমোঝীও আছিল।

ড্ৰোন আক্ৰমণৰ বাবে দলটো যোৱা বিমানখনে কেইবা ঘণ্টা ধৰি মস্কো বিমানবন্দৰৰ ওপৰেৰে ঘূৰি ফুৰিছিল।কানিমোঝি কঢ়িয়াই নিয়া বিমানখন মস্কো বিমানবন্দৰত অৱতৰণ কৰাত অসুবিধা হৈছিল।

অৱশেষত কেইবা ঘণ্টা পলম আৰু নিৰাপত্তাৰ অৱস্থাৰ মূল্যায়নৰ অন্তত বিমানখন মস্কো বিমানবন্দৰত অৱতৰণ কৰে।ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ পিছতে মস্কোৰ সকলো বিমানবন্দৰতে বিমানৰ চলাচল বন্ধ হৈ পৰে।

অপাৰেচন সিন্দুৰ সন্দৰ্ভত ভাৰতৰ ৬টা প্ৰতিনিধি দল বিভিন্ন দেশলৈ গৈ ভাৰতৰ স্থিতি প্ৰকাশ কৰিছে।সাংসদ কনিমোঝীৰ নেতৃত্বত সাংসদৰ প্ৰতিনিধি দলটোৱে ২২ মে’ত ৰাছিয়ালৈ ৰাওনা হৈছিল।

ভাৰতৰ পৰা ৰাছিয়ালৈ যোৱা প্ৰতিনিধি দলটোৰ ভিতৰত ডি এম কেৰ সাংসদ কনিমোঝী, সমাজবাদী পাৰ্টিৰ সাংসদ ৰাজীৱ ৰায়, আৰজেডিৰ সাংসদ প্ৰেমচান্দ গুপ্তা, কেপ্তেইন ব্রিজেশ, অশোক কুমাৰ মিত্তল আৰু ৰাষ্ট্ৰদূত মঞ্জীৱ সিং পুৰীক আছে।

লগতে পঢ়ক: ‘যদি পাকিস্তানলৈ যোৱা কোনোবা ইউটিউবাৰ আছে নাম দিয়ক’; এক্সন মোডত মুখ্যমন্ত্ৰী

ভাৰতে লাভ কৰিলে নতুন কাউণ্টাৰ ড্ৰোন ব্যৱস্থা ‘ভাৰ্গবস্ত্ৰ’; ওড়িশাত সফল পৰীক্ষণ

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে সন্ত্ৰাসবাদী আত্মগোপন স্থানত আক্ৰমণ কৰাৰ পিছত পাকিস্তানৰ পৰা ড্ৰোন আৰু মিছাইলেৰে আক্ৰমণ সংঘটিত কৰে।

ভাৰতীয় সেনাই সংবাদমেলত কয় যে প্ৰায় ৪০০ ড্ৰোনে পাকিস্তানে পশ্চিম সীমান্তত আক্ৰমণ কৰিবলৈ ব্যৱহাৰ কৰিছিল। অৱশ্যে ভাৰতে সকলো আক্ৰমণ বিফল কৰিলে।

আজি ভাৰতে ওড়িশাৰ গোপালপুৰত থলুৱা এণ্টি ড্ৰ’ন ব্যৱস্থা ‘ভাৰ্গবস্ত্ৰ’ সফলতাৰে পৰীক্ষা কৰিলে।একেলগে একাধিক ড্ৰ’নক ধ্বংস কৰিবলৈ সক্ষম হোৱা কাউণ্টাৰ ড্ৰ’ন ব্যৱস্থা ‘ভাৰ্গবস্ত্ৰ’ৰ সফল পৰীক্ষা-নিৰীক্ষা কৰিছে এছএডিএলে।

এই কাউণ্টাৰ ড্ৰ’ন ব্যৱস্থাত ব্যৱহৃত মাইক্ৰ’ ৰকেটৰ ব্যাপক পৰীক্ষা গোপালপুৰৰ ছিৱাৰ্ড ফায়াৰিং ৰেঞ্জত কৰা হৈছিল।পৰীক্ষাৰ সময়ত ই সকলো নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়।

গোপালপুৰত সেনা বায়ু প্ৰতিৰক্ষাৰ জ্যেষ্ঠ বিষয়াৰ উপস্থিতিত ১৩ মে’ত ৰকেটটোৰ তিনিটা পৰীক্ষা সম্পন্ন কৰা হৈছিল।এটা এটাকৈ ৰকেট নিক্ষেপ কৰি দুটাকৈ পৰীক্ষা কৰা হৈছিল।

এটা পৰীক্ষা ২ ছেকেণ্ডৰ ভিতৰত ছালভো মোডত দুটা ৰকেট ধ্বংস কৰা হৈছিল।চাৰিওটা ৰকেটে আশা কৰা ধৰণে কাম কৰিছিল আৰু ডাঙৰ ড্ৰ’ন আক্ৰমণক কম কৰাত সফল হৈছিল।

চিকিৎসাৰ বাবে গৈছিল হাস্পতাললৈ; হঠাতে ভয়ংকৰ ড্ৰোণ আক্ৰমণ, ৭০ জনৰ মৃত্যু

চুডানৰ আল ফাছাৰ চহৰৰ এখন চিকিৎসালয়ত এক ভয়ংকৰ ড্ৰোণ আক্ৰমণ সংঘটিত হৈছে। জানিব পৰা মতে এই আক্ৰমণত কমেও ৭০ জন লোক নিহত হৈছে।

উত্তৰ দাৰফুৰ প্ৰদেশৰ চিকিৎসালয়খনত আক্ৰমণত প্ৰথমে ৩০ জন লোকৰ মৃত্যু হোৱা বুলি প্ৰকাশ পাইছিল যদিও পাছত মৃত্যুৰ সংখ্যা ৭০ লৈ বৃদ্ধি পায়। আক্ৰমণৰ সময়ত চিকিৎসালয়খনত যথেষ্ট ৰোগী আছিল।

২০২৩ চনৰ এপ্ৰিল মাহৰ পৰা চুডানৰ সেনাই অৰ্ধসামৰিক দ্ৰুত সমৰ্থন বাহিনীৰ সৈতে যুদ্ধ কৰি আহিছে। বিদ্ৰোহীসকলে দাৰফুৰৰ সমগ্ৰ পশ্চিম অঞ্চল দখল কৰিছে।

তেওঁলোকে মে মাহৰ পৰা উত্তৰ দাৰফুৰৰ ৰাজধানী এল-ফাছাৰকো ঘেৰাও কৰি আহিছে, কিন্তু চহৰখন পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই কিয়নো চুডানৰ সেনা-বাহিনীয়ে তেওঁলোকক বাৰে বাৰে পিছুৱাই যাবলৈ বাধ্য কৰাইছে।

এনে পৰিস্থিতিত এল-ফাশ্বাৰত স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনিৰ ওপৰতো আক্ৰমণ ব্যাপক হৈ পৰিছে। চিকিৎসা প্ৰদান কৰা চেৰিটি চিকিৎসকসকলে এই মাহত কয় যে তাত থকা চৌদি চিকিৎসালয়খনেই হৈছে “এতিয়াও অস্ত্ৰোপচাৰৰ ক্ষমতা থকা একমাত্ৰ চৰকাৰী চিকিৎসালয়”।