উদ্ধৱ থাকৰেৰ ডাঙৰ ইংগিত
মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ বাবে আজি (শুকুৰবাৰ) এটা ডাঙৰ দিন।মুম্বাইৰ ৱৰ্লিৰ এন এছ চি আই ড’মত শিৱসেনা ইউ বি টি আৰু মহাৰাষ্ট্ৰ নৱনিৰ্মান সেনাৰ যৌথ ৰেলী কৰে।
এই সমাৱেশৰ নাম দিয়া হৈছিল ‘মাৰাঠী বিজয় ৰেলী’। প্ৰায় ২০ বছৰৰ পিছত দুয়ো ভাতৃদ্বয় উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰে এই ৰেলীত একেলগে দেখা গ’ল।
ৰেলীত ভাষণ দি উদ্ধৱে কয় যে ‘আমি একত্ৰিত হৈছো, একেলগে থাকিবলৈ, এইটো অতি গুৰুত্বপূৰ্ণ।মোৰ আৰু ৰাজৰ মাজত যি বিভেদ আছিল, সেইটো একাংশ লোকে দূৰ কৰিছে। মাৰাঠীক কৰা অপমান সহ্য কৰা নহ’ব’।
তেওঁ লগতে কয় যে,’এই লোকসকলে এটা ব্যৱহাৰ আৰু নিক্ষেপ নীতি ব্যৱহাৰ কৰে।এতিয়া আমাৰ পাল। এতিয়া আমি সেইবোৰ উভালি বাহিৰলৈ পেলাই দিম’।
‘তোমালোকে সকলোৰে স্কুল বিচাৰি ফুৰিছা।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কোনখন স্কুললৈ গৈছিল? হিন্দুত্বৰ ওপৰত যিকোনো এজনৰ অধিকাৰ নাই। আমাক হিন্দুত্ব শিকোৱাৰ প্ৰয়োজন নাই’।
তেওঁ আৰু কৈছিল যে- ‘১৯৯২ চনত যেতিয়া মুম্বাইত হিংসা বিয়পি পৰিছিল তেতিয়া ইয়াৰ মাৰাঠী জনসাধাৰণে হিন্দুৰ জীৱন ৰক্ষা কৰিছিল।মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নভিছে কৈছিল যে গুণ্ডাগিৰি সহ্য কৰা নহ’ব’।
‘গতিকে মই তেওঁলোকক ক’ব বিচাৰো যে যদি তেওঁলোকে নিজৰ ভাষাক লৈ গুণ্ডাগিৰি কৰে তেন্তে আমিও গুণ্ডা’।
লগতে পঢ়ক: ২০ বছৰৰ পাছত একেখন মঞ্চতে উদ্ধৱ আৰু ৰাজ থাকৰে; মাৰাঠী পৰিচয়ৰ বাবে গৰ্জন