ৰাছিয়াক ভাবুকি ট্ৰাম্পৰ
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পুটিনক ৫০ দিনৰ ভিতৰত ইউক্ৰেইনৰ যুদ্ধৰ অন্ত পেলাবলৈ কৈছে। ট্ৰাম্পে ভাবুকি দি কৈছে যে যদি যুদ্ধ বন্ধ নকৰে তেতিয়াহলে ৰাছিয়াৰ ওপৰত ১০০ শতাংশ শুল্ক আৰোপ কৰিব।
ইউক্ৰেইনলৈ অধিক অস্ত্ৰ প্ৰেৰণৰ বাবেও নাটোৰ মিত্ৰ দেশসমূহৰ সৈতে চুক্তিবদ্ধ হোৱাৰ কথা ঘোষণা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে।
সোমবাৰে অভাল অফিচত নাটোৰ মহাসচিব মাৰ্ক ৰুটেৰ সৈতে হোৱা বৈঠকৰ সময়ত, এই যুদ্ধৰ অন্ত পেলাবলৈ চুক্তিৰ দিশত অগ্ৰগতি লাভ নকৰাৰ বাবে ৰাছিয়াক লৈ অসন্তুষ্ট বুলি কয় আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে।
আমেৰিকাই ইউক্ৰেইনক দিব অধিক অস্ত্ৰ
ভাৰত আৰু পাকিস্তান, ৰুৱাণ্ডা আৰু কংগো গণতান্ত্ৰিক গণৰাজ্যৰ মাজত সংঘাতৰ উদ্ধৃতি দি, ট্ৰাম্পে দাবী কৰে যে আমি বাণিজ্যৰ জৰিয়তে যুদ্ধ সমাধান কৰাত অতি সফল হৈছো।
সোমবাৰে হোয়াইট হাউছত এখন বৈঠকৰ সময়ত, ট্ৰাম্পে ইউক্ৰেইনক পেট্ৰিয়াট মিছাইল চিষ্টেমকে ধৰি অস্ত্ৰ প্ৰেৰণৰ পৰিকল্পনাও নিশ্চিত কৰিছে।
ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে নাটোৰ মিত্ৰ দেশসমূহে আমেৰিকাৰ পৰা কোটি কোটি টকাৰ সামৰিক সঁজুলি ক্ৰয় কৰি ইউক্ৰেইনলৈ প্ৰেৰণ কৰিব।
ট্ৰাম্পে কয় যে, “মই জাৰ্মানী আৰু নাটোৰ বেছিভাগ ডাঙৰ দেশৰ সৈতে কথা পাতিছো আৰু তেওঁলোক ইয়াক লৈ অতিশয় উৎসাহিত”।