ছাত্ৰ ভিছাৰ সাক্ষাৎকাৰত নিষেধাজ্ঞা আৰোপ ট্ৰাম্প প্ৰশাসনৰ
আমেৰিকাত পঢ়িবলৈ পৰিকল্পনা কৰা বিদেশী ছাত্ৰ-ছাত্ৰীসকললৈ বেয়া খবৰ । কিয়নো ট্ৰাম্প প্ৰশাসনে আমেৰিকাৰ সকলো দূতাবাস আৰু কনছুলেটক বৰ্তমান নতুনকৈ ছাত্ৰ ভিছাৰ সাক্ষাৎকাৰ গ্ৰহণ নকৰিবলৈ নিৰ্দেশ দিছে । এই পদক্ষেপ লোৱা হৈছে কাৰণ প্ৰশাসনে বিদেশী ছাত্ৰ-ছাত্ৰীৰ ছ’চিয়েল মিডিয়া ভেৰিফিকেচন বাধ্যতামূলক কৰাৰ কথা চিন্তা কৰিছে । ২৭ মে’ত আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ৰ স্বাক্ষৰিত এখন চৰকাৰী পত্ৰ অনুসৰি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নতুন গাইডলাইন জাৰি নোহোৱালৈকে ছাত্ৰ ভিছা (এফ এম) আৰু এক্সচেঞ্জ ভিজিটৰ (জে) ভিছাৰ সাক্ষাৎকাৰৰ নতুন তাৰিখ দিয়া নহ’ব ।
এই সমগ্ৰ বিষয়টোৰ ওপৰত আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ টেমি ব্ৰুচে কয়, ‘আমি ব্যক্তিগত ভিছাৰ কথা কোৱা নাই । আমি ব্যক্তিয়ে কৰা বাছনিৰ প্ৰকৃতিৰ কথা নকওঁ । আমি জানো যে আমেৰিকালৈ অহা মানুহক পৰীক্ষা কৰাৰ প্ৰক্ৰিয়াটোক অতি গুৰুত্বসহকাৰে লোৱা হয় । আমি আগলৈও তেনেকুৱাই কৰি যাম । আপুনি ছাত্ৰ হওক বা পৰ্যটক হওক, যাক ভিছাৰ প্ৰয়োজন, আমি তেওঁলোকৰ ওপৰত চকু ৰাখিম । এইটো ইমান বিতৰ্কিত বিষয় যেন লাগে যদিও সেয়া হ’ব নালাগে ।‘
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি প্ৰশাসনে প্ৰতিজন বিদেশী ছাত্ৰ-ছাত্ৰীৰ বিশেষকৈ ইজৰাইল বিৰোধী প্ৰতিবাদত জড়িত হৈ থকা ছাত্ৰ-ছাত্ৰীৰ ছ’চিয়েল মিডিয়াৰ কাৰ্যকলাপৰ পুংখানুপুংখ তদন্ত কৰিব বিচাৰে । ইয়াৰ ফলত ভিছা প্ৰক্ৰিয়া বহু পৰিমাণে লেহেমীয়া হ’ব পাৰে আৰু আমেৰিকাৰ বিশ্ববিদ্যালয়সমূহৰ আৰ্থিক লোকচানও হ’ব পাৰে, কিয়নো তেওঁলোক বিদেশী ছাত্ৰ-ছাত্ৰীৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল ।
লগতে পঢ়ক : এই ভুল কৰিলেই বাতিল হ’ব পাৰে ভিছা ! ভাৰতীয় ছাত্ৰ-ছাত্ৰীক সকীয়নি দিলে আমেৰিকাই