এম বি বি এছ অধ্যয়নৰ বাবে ভাৰতৰ শীৰ্ষ ১০ খন চিকিৎসা মহাবিদ্যালয়
সমগ্ৰ দেশৰ ছাত্ৰ-ছাত্ৰীসকলে NEET UG 2025 ৰ ফলাফলৰ বাবে অপেক্ষা কৰি আছে । ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা অৰ্থাৎ এন টি এয়ে ১৪ জুনত ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা আছে । ইয়াৰ পিছত সফল প্ৰাৰ্থীসকলে কাউন্সেলিং প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব লাগিব আৰু তাৰ ভিত্তিত তেওঁলোকক চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তি কৰিব পাৰিব য’ৰ পৰা তেওঁলোকে এম বি বি এছ অধ্যয়ন সম্পূৰ্ণ কৰিব পাৰিব । যিহেতু সকলোৱেই ভাৰতৰ শীৰ্ষ মেডিকেল কলেজত অধ্যয়ন কৰিব বিচাৰে, য’ৰ পৰা তেওঁলোকে এম বি বি এছ অধ্যয়ন সম্পূৰ্ণ কৰি নিজৰ কেৰিয়াৰক উচ্চতালৈ লৈ যাব বিচাৰে । এনে পৰিস্থিতিত এম বি বি এছ অধ্যয়নৰ বাবে ভাৰতৰ কোনবোৰ মেডিকেল কলেজ শীৰ্ষত আছে জানক ?
শীৰ্ষত এইমছ-
ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানিক ৰেংকিং ফ্ৰেমৱৰ্ক (এন আই আৰ এফ)ৰ প্ৰতিবেদনত দেখা গৈছে যে অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স (এইমছ) দিল্লী ৰেংকিঙত ভাৰতৰ শীৰ্ষ চিকিৎসা মহাবিদ্যালয় । এইমছ দিল্লীয়ে ২০২১ চনৰ পৰা ২০২৪ চনলৈ একেৰাহে চাৰি বছৰ ধৰি শীৰ্ষ চিকিৎসা মহাবিদ্যালয়ৰ তালিকাত প্ৰথম স্থান অক্ষুণ্ণ ৰাখিছে ।
দ্বিতীয় স্থানত PGIMER চণ্ডীগড়-
একে সময়তে দেশৰ শীৰ্ষ চিকিৎসা মহাবিদ্যালয়সমূহৰ তালিকাত দ্বিতীয় স্থানত আছে স্নাতকোত্তৰ চিকিৎসা শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান (পি জি আই এম ই আৰ) চণ্ডীগড়, ২০২১ চনৰ পৰা ২০২৪ চনলৈ অবিৰতভাৱে দ্বিতীয় স্থানত আছে এইখন মেডিকেল প্ৰতিষ্ঠান । আনহাতে খ্ৰীষ্টিয়ান চিকিৎসা মহাবিদ্যালয় (চি এম চি) ভেলোৰে বিগত চাৰি বছৰ ধৰি তৃতীয় স্থানত নিজৰ উপস্থিতি অক্ষুণ্ণ ৰাখিছে ।
ইফালে ভাৰতৰ শীৰ্ষ ৫ খন চিকিৎসা মহাবিদ্যালয়ৰ তালিকাত ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য আৰু স্নায়ু বিজ্ঞান প্ৰতিষ্ঠান (NIMHANS) বাংগালুৰু আৰু জৱাহৰলাল স্নাতকোত্তৰ চিকিৎসা শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান (JIPMER) পুডুচেৰীৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে । চতুৰ্থ স্থানত বাংগালুৰুৰ নেশ্যনেল ইনষ্টিটিউট অৱ মেন্টেল হেল্থ এণ্ড নিউৰ’ছায়েন্সেছে আৰু পঞ্চম স্থানত জৱাহৰলাল ইনষ্টিটিউট অৱ প’ষ্টগ্ৰেটেড মেডিকেল এডুকেচন এণ্ড ৰিচাৰ্চে দখল কৰিছে ।
২০২৩ চনতো এই চিকিৎসা মহাবিদ্যালয়খনে পঞ্চম স্থান দখল কৰিছিল, আনহাতে ২০২২ চনত বেনাৰস হিন্দু বিশ্ববিদ্যালয় অৰ্থাৎ বিএইচইউয়ে এই স্থান লাভ কৰিছিল আৰু ২০২১ চনত সঞ্জয় গান্ধী স্নাতকোত্তৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান, লক্ষ্ণৌ পঞ্চম স্থানত আছিল।
সপ্তম স্থানত আছে বি এইচ ইউ-
২০২৪ চনত শীৰ্ষ চিকিৎসা মহাবিদ্যালয়সমূহৰ তালিকাত ষষ্ঠ স্থানত সঞ্জয় গান্ধী স্নাতকোত্তৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান, সপ্তম স্থানত বেনাৰস হিন্দু বিশ্ববিদ্যালয়, আঠ নম্বৰত অমৃতা বিশ্ব বিদ্যাপীথাম, নৱম স্থানত কস্তুৰবা মেডিকেল কলেজ মণিপাল আৰু চেন্নাইৰ মাদ্ৰাজ মেডিকেল কলেজ এণ্ড গভৰ্ণমেণ্ট জেনেৰেল হস্পিতাল দশম স্থানত আছিল ।
লগতে পঢ়ক : ভাৰতত দ্ৰুতগতিত বৃদ্ধি পোৱা শীৰ্ষ ১০ টা চাকৰি…