‘এক জিলা, তিনি প্ৰতিষ্ঠান’: প্ৰতিখন জিলাতে চিকিৎসা, অভিযান্ত্ৰিক আৰু বিশ্ববিদ্যালয় স্থাপনৰ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ
বিগত সময়ছোৱাত ৰাজ্য চৰকাৰে বিভিন্ন জিলাত কেইবাখনো নতুন চিকিৎসা মহাবিদ্যালয়, অভিযান্ত্ৰিক প্ৰতিষ্ঠান আৰু বিশ্ববিদ্যালয় ঘোষণা কৰাৰ লগতে বহুতৰে কাৰ্যক্ষম উদ্বোধন কৰিছে
অসমৰ সৰ্বাংগীণ উন্নয়নৰ যাত্ৰাত এইবাৰ মূল শক্তি হ’ব ৰাজ্যৰ যুৱপ্ৰজন্ম । আজি সামাজিক মাধ্যম ‘X’ (পূৰ্বৰ টুইটাৰ) যোগে এক গুৰুত্বপূৰ্ণ পোষ্ট শ্বেয়াৰ কৰি এই কথা ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । ৰাজ্যখনৰ উন্নয়নৰ পৰৱৰ্তী পৰ্যায়টো সম্পূৰ্ণৰূপে যুৱশক্তিৰ দ্বাৰা পৰিচালিত হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিখন জিলাতে উচ্চ শিক্ষা আৰু পেছাদাৰী প্ৰতিষ্ঠান স্থাপনৰ শক্তিশালী ব্লুপ্ৰিণ্ট বা দৃষ্টিভংগী দাঙি ধৰে ।
‘এক জিলা, তিনি প্ৰতিষ্ঠান’ৰ লক্ষ্য-
যুৱপ্ৰজন্মৰ বিকাশ, সপোন আৰু প্ৰত্যাশাক এক নতুন গতি প্ৰদান কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে অসমৰ প্ৰতিখন জিলাতে তিনিখনকৈ প্ৰধান শৈক্ষিক প্ৰতিষ্ঠান থকাটো অত্যন্ত জৰুৰী । চৰকাৰৰ এই বিশেষ নীতিৰ সন্দৰ্ভত তেওঁ কয়-
“অসমৰ উন্নয়নৰ পৰৱৰ্তী পৰ্যায়ৰ বাবে মোৰ দৃষ্টিভংগী একেবাৰে স্পষ্ট । ই আমাৰ যুৱপ্ৰজন্মৰ দ্বাৰা পৰিচালিত হ’ব আৰু তেওঁলোকৰ সৰ্বাংগীণ বিকাশৰ বাবে প্ৰতিখন জিলাতে তিনিখনকৈ গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান থাকিব লাগিব ।”
মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, চৰকাৰে “এক জিলা, এক প্ৰতিষ্ঠান” (One District, One Institution) দৃষ্টিভংগীৰ অধীনত কাম কৰি আছে । এই আঁচনিৰ জৰিয়তে অসমৰ প্ৰতিখন জিলাতে তলত উল্লেখ কৰা তিনিখন মুখ্য প্ৰতিষ্ঠান নিশ্চিত কৰাৰ লক্ষ্য লোৱা হৈছে :
-এখন চিকিৎসা মহাবিদ্যালয়
-এখন অভিযান্ত্ৰিক মহাবিদ্যালয়
-এখন বিশ্ববিদ্যালয়
শিক্ষানুষ্ঠানৰ বিকেন্দ্ৰীকৰণত বিশেষ গুৰুত্ব-
ৰাজ্য চৰকাৰে বিগত কেইবছৰমানৰ পৰা অসমৰ চুকে-কোণে শৈক্ষিক আৰু স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি সম্প্ৰসাৰণৰ ওপৰত ধাৰাবাহিকভাৱে কাম কৰি আহিছে । পূৰ্বতে কেৱল গুৱাহাটী বা কেইটামান নিৰ্দিষ্ট চহৰ কেন্দ্ৰিক হৈ থকা উচ্চ শিক্ষা আৰু পেছাদাৰী প্ৰশিক্ষণক এতিয়া জিলা পৰ্যায়লৈ লৈ যোৱাৰ বাবে চৰকাৰে এই বিকেন্দ্ৰীকৰণৰ প্ৰয়াস হাতত লৈছে ।
লগতে পঢ়ক : ২০২৮ চনৰ ভিতৰত ১০ লাখ কোটিৰ অৰ্থনীতি হ’ব অসম : বিধানসভাত গুৰুত্বপূৰ্ণ তথ্য দাঙি ধৰিলে মুখ্যমন্ত্ৰীয়ে
ইতিমধ্যে বিগত সময়ছোৱাত ৰাজ্য চৰকাৰে বিভিন্ন জিলাত কেইবাখনো নতুন চিকিৎসা মহাবিদ্যালয়, অভিযান্ত্ৰিক প্ৰতিষ্ঠান আৰু বিশ্ববিদ্যালয় ঘোষণা কৰাৰ লগতে বহুতৰে কাৰ্যক্ষম উদ্বোধন কৰিছে । মুখ্যমন্ত্ৰীগৰাকীৰ আজিৰ এই ঘোষণাই অসমৰ শিক্ষা খণ্ডক এক ঐতিহাসিক দিশে পৰিচালিত কৰিব বুলি আশা কৰা হৈছে ।
লগতে পঢ়ক : ২ লাখ চাকৰি আৰু বেদখলমুক্ত ভূমিৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ অসম চৰকাৰ: মুখ্যমন্ত্ৰী