উচ্চ শিক্ষাৰ বাবে সৰ্বাধিক চাহিদা থকা শীৰ্ষ ডিগ্ৰী পাঠ্যক্ৰম
বৰ্তমানৰ পৰিৱৰ্তিত পৃথিৱীত উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলে এনে ডিগ্ৰী পাঠ্যক্ৰম বিচাৰে যিয়ে তেওঁলোকক জ্ঞান প্ৰদান কৰাই নহয়, সফল কেৰিয়াৰৰ নিশ্চয়তাও প্ৰদান কৰে । বিশ্ব পৰ্যায়ৰ বহু ক্ষেত্ৰৰ চাহিদা অহৰহ বৃদ্ধি পাইছে আৰু এই কাৰণেই সমগ্ৰ বিশ্বৰ ছাত্ৰ-ছাত্ৰীসকলে এইসমূহ ডিগ্ৰী পাঠ্যক্ৰমৰ প্ৰতি আকৰ্ষিত হৈছে । উচ্চ শিক্ষাৰ বাবে বিশ্ব পৰ্যায়ত কোনবোৰ ডিগ্ৰী পাঠ্যক্ৰমৰ আটাইতকৈ বেছি চাহিদা আছে জানো আহক ।
কম্পিউটাৰ বিজ্ঞান আৰু তথ্য প্ৰযুক্তি-
বৰ্তমানৰ ডিজিটেল যুগত উচ্চ শিক্ষাৰ বাবে এইটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ ক্ষেত্ৰ । এই ডিগ্ৰীৰ চাহিদা আকাশলংঘী হৈছে কৃত্ৰিম বুদ্ধিমত্তা (এ আই), মেচিন লাৰ্নিং, ডাটা বিজ্ঞান, চাইবাৰ নিৰাপত্তা আৰু চফ্টৱেৱেৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত নিত্য বৃদ্ধি পোৱা উদ্ভাৱনৰ বাবে । স্বাস্থ্যসেৱা, বিত্ত বা মনোৰঞ্জন হওক, প্ৰতিটো উদ্যোগতে আই টি পেছাদাৰীসকল অতি প্ৰয়োজনীয় ।
কম্পিউটাৰ বিজ্ঞান আৰু তথ্য প্ৰযুক্তি-
বৰ্তমানৰ ডিজিটেল যুগত এইটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ ক্ষেত্ৰ । এই ডিগ্ৰীৰ চাহিদা আকাশলংঘী হৈছে কৃত্ৰিম বুদ্ধিমত্তা (এআই), মেচিন লাৰ্নিং, ডাটা বিজ্ঞান, চাইবাৰ নিৰাপত্তা আৰু চফট্ৱেৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত নিত্য বৃদ্ধি পোৱা উদ্ভাৱনৰ বাবে । স্বাস্থ্যসেৱা, বিত্ত বা মনোৰঞ্জনৰ লগতে যি ক্ষেত্ৰই নহওক কিয় প্ৰতিটো উদ্যোগতে আই টি পেছাদাৰীসকল অতি প্ৰয়োজনীয় ।
অভিযান্ত্ৰিক-
অভিযান্ত্ৰিক বিজ্ঞান উচ্চ শিক্ষাৰ বাবে সদায় জনপ্ৰিয় পছন্দ আছিল যদিও এতিয়া ইয়াৰ চাহিদা আৰু অধিক বৃদ্ধি পাইছে । বিশেষকৈ চফ্টৱেৰ ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, মেকানিকেল ইঞ্জিনিয়াৰিং আৰু চিভিল ইঞ্জিনিয়াৰিঙৰ দৰে ক্ষেত্ৰত দক্ষ পেছাদাৰীৰ প্ৰয়োজন । কাৰিকৰী অগ্ৰগতি, মৌলিক আন্তঃগাঁথনিৰ বিকাশ আৰু নতুন কৌশলৰ আগমনে এই ক্ষেত্ৰত অসংখ্য সুযোগৰ সৃষ্টি কৰিছে ।
স্বাস্থ্য বিজ্ঞান আৰু চিকিৎসা বিজ্ঞান-
Covid-19 মহামাৰীৰ পিছত স্বাস্থ্য খণ্ডত বিনিয়োগ আৰু সজাগতা বৃদ্ধি পাইছে । বিশ্ব পৰ্যায়ত চিকিৎসক, নাৰ্ছ, ফাৰ্মাচিষ্ট আৰু অন্যান্য স্বাস্থ্য পেছাদাৰীৰ চাহিদা অতি বেছি । চিকিৎসা শিক্ষা আৰু আনুষংগিক স্বাস্থ্য বিজ্ঞানৰ পাঠ্যক্ৰমে ছাত্ৰ-ছাত্ৰীৰ বাবে এক নিৰাপদ আৰু সন্মানীয় কেৰিয়াৰ নিশ্চিত কৰে ।
ব্যৱসায় প্ৰশাসন আৰু ব্যৱস্থাপনা-
বিশ্ব অৰ্থনীতিত নেতৃত্ব আৰু পৰিচালনাৰ দক্ষতা বিকাশৰ বাবে এম বি এ (মাষ্টাৰ অৱ বিজনেছ এডমিনিষ্ট্ৰেচন), বিত্ত, বিপণন আৰু মানৱ সম্পদৰ দৰে পাঠ্যক্ৰম অতি প্ৰয়োজনীয় । উদ্যোগীকৰণ আৰু ষ্টাৰ্টআপ সংস্কৃতিৰ উত্থানেও এই ডিগ্ৰীসমূহৰ চাহিদা বৃদ্ধি কৰিছে, কিয়নো প্ৰতিটো ব্যৱসায়ত দক্ষ পৰিচালকৰ প্ৰয়োজন ।
ডাটা বিজ্ঞান আৰু বিশ্লেষণ-
বৰ্তমানৰ ‘বিগ ডাটা’ৰ যুগত তথ্য বুজি পোৱা আৰু বিশ্লেষণ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিছে । ডাটা বিজ্ঞানী আৰু বিশ্লেষকসকলে বিভিন্ন ব্যৱসায়িক বৃহৎ ডাটা ছেটৰ পৰা মূল্যৱান তথ্য আহৰণ কৰাত সহায় কৰে । গণিত, পৰিসংখ্যা আৰু কম্পিউটাৰ বিজ্ঞানৰ মিশ্ৰণ ভাল পোৱা ছাত্ৰ-ছাত্ৰীৰ বাবে এই ডিগ্ৰী আদৰ্শ ।
পৰিৱেশ বিজ্ঞান আৰু বহনক্ষমতা-
জলবায়ু পৰিৱৰ্তন, প্ৰদূষণ আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ দৰে বিশ্বব্যাপী প্ৰত্যাহ্বানসমূহে পৰিৱেশ বিজ্ঞান আৰু বহনক্ষমতাৰ সৈতে জড়িত ডিগ্ৰীৰ চাহিদা বৃদ্ধি কৰিছে । সেউজ শক্তি, পৰিৱেশ নীতি আৰু সংৰক্ষণৰ দৰে ক্ষেত্ৰসমূহত বহনক্ষম সমাধান বিকশিত কৰিব পৰা বিশেষজ্ঞৰ প্ৰয়োজন ।
মনোবিজ্ঞান-
মানসিক স্বাস্থ্যৰ প্ৰতি ক্ৰমবৰ্ধমান সজাগতা আৰু মানুহৰ আচৰণ বুজি পোৱাৰ প্ৰয়োজনীয়তাই মনোবিজ্ঞানক এক চাহিদাৰ ক্ষেত্ৰ কৰি তুলিছে । ক্লিনিকেল চাইক’লজিষ্ট, কনচালটেণ্ট আৰু অৰ্গেনাইজেচনেল চাইক’লজিষ্টে বিভিন্ন পৰিৱেশত কাম কৰিব পাৰে, যাৰ বাবে ই বহুমুখী ডিগ্ৰীত পৰিণত হৈছে ।
শিক্ষা-
শিক্ষকতা বৃত্তিটোৰ চাহিদা সদায় আছিল যদিও এতিয়া শিক্ষা প্ৰযুক্তিবিদ্যা আৰু অনলাইন শিক্ষণৰ উদ্ভাৱনৰ বাবে ই নতুন মাত্ৰা গ্ৰহণ কৰিছে । শিক্ষাৰ ডিগ্ৰী সেইসকলৰ বাবেহে যিসকলে পৰৱৰ্তী প্ৰজন্মক গঢ় দিব বিচাৰে বা শিক্ষা ব্যৱস্থাৰ উন্নতি কৰিব বিচাৰে ।
হস্পিটালিটি আৰু পৰ্যটন ব্যৱস্থাপনা-
বিশ্ব ভ্ৰমণ আৰু পৰ্যটন উদ্যোগৰ বৃদ্ধিৰ লগে লগে আতিথ্য আৰু ভ্ৰমণ ব্যৱস্থাপনাৰ দক্ষ পেছাদাৰীৰ চাহিদা বৃদ্ধি পাইছে । হোটেল পৰিচালনা, ইভেণ্ট প্লেনিং আৰু পৰ্যটন বিকাশৰ দৰে ক্ষেত্ৰত কেৰিয়াৰৰ সুযোগ উপলব্ধ ।
যোগাযোগ আৰু সংবাদ মাধ্যম অধ্যয়ন-
ডিজিটেল মিডিয়া, ছ’চিয়েল মিডিয়া আৰু বিশ্ব যোগাযোগৰ গুৰুত্ব বৃদ্ধি পোৱাৰ বাবে উচ্চ শিক্ষাৰ ক্ষেত্ৰত যোগাযোগ আৰু সংবাদ মাধ্যম অধ্যয়নৰ ডিগ্ৰীৰ চাহিদা বৃদ্ধি পাইছে । সাংবাদিকতা, জনসংযোগ, বিজ্ঞাপন আৰু ডিজিটেল বিপণনৰ দৰে ক্ষেত্ৰত কেৰিয়াৰ গঢ়িব বিচৰা ছাত্ৰ-ছাত্ৰীৰ বাবে এইটো এটা আকৰ্ষণীয় বিকল্প ।
লগতে পঢ়ক : এই কেইখন হৈছে দেশৰ শীৰ্ষস্থানীয় এম বি এ কলেজ… যদি নামভৰ্তি কৰে তেন্তে কোটি টকাৰ পেকেজ নিশ্চিত !