বিবাহ বিচ্ছেদক লৈ মুখ খুলিলে কন্যা টিনা আহুজাই
গোবিন্দ আৰু সুনীতা আহুজাৰ সম্পৰ্কত বিভাজনৰ খবৰে কঁপাই তুলিছে ছ’চিয়েল মিডিয়া।গোবিন্দ আৰু সুনীতাৰ বিবাহ বিচ্ছেদে চৰ্চা তুংগত উঠিছে।
অৱশ্যে গোবিন্দৰ মেনেজাৰে এই সকলোবোৰ কেৱল উৰাবাতৰি বুলি জানিবলৈ দিয়ে।এতিয়া গোবিন্দৰ কন্যা টিনা আহুজাক এই সন্দৰ্ভত সোধাত তেওঁ এনে এটা উত্তৰ দিলে যে এই বক্তব্য ভাইৰেল হৈ পৰিছে।
টিনা আহুজাই এটা সাক্ষাৎকাৰত এই সকলোবোৰ কথা ভিত্তিহীন আখ্যা দি কয় যে এই সকলোবোৰ কেৱল উৰাবাতৰিহে।
কিন্তু এই সকলোবোৰ কাহিনীৰ বিষয়ে তাই কি ক’ব বিচাৰে বুলি সোধাত তাই ক’লে, ‘এই সকলোবোৰ উৰাবাতৰিৰ প্ৰতি মই গুৰুত্ব দিব নিবিচাৰো।’
তেওঁ এইবোৰক কেৱল উৰাবাতৰি বুলি অভিহিত কৰি আনকো আহ্বান জনায় যে এনে উৰাবাতৰিক অপ্ৰয়োজনীয়ভাৱে গুৰুত্ব নিদিব।তেওঁ নিজৰ পৰিয়ালৰ প্ৰতি কৃতজ্ঞ বুলি দাবী কৰে আৰু কয় যে সেই পৰিয়ালটোৰ সৈতে থাকিবলৈ পাই নিজকে ধন্য অনুভৱ কৰিছে।
তেওঁ কয়, “মই কি ক’ম? তেওঁলোক আনকি দেশতো নাই। মই নিজকে ধন্য অনুভৱ কৰিছো যে এটা সুন্দৰ পৰিয়াল আছে আৰু সংবাদ মাধ্যম, অনুৰাগী আৰু শুভাকাংক্ষীৰ পৰা আমি যি মৰম আৰু সমৰ্থন পাইছো তাৰ বাবে মই সঁচাকৈয়ে কৃতজ্ঞ।”
লগতে পঢ়ক: নিশ্চিত হ’ল বিগ বছ হাউছৰ অতিথিৰ নাম… নিৰ্মাতাই মুকলি কৰিলে প্ৰমো