পুনে মেডিকেল কলেজৰ তিনিজন চিকিৎসক নিলম্বিত
পুনেৰ এখন চিকিৎসা মহাবিদ্যালয়ত ৰেগিংৰ এটা ঘটনা পোহৰলৈ আহিছে।পুনেৰ ছাছুন জেনেৰেল হস্পিতাল আৰু বি জে চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ অৰ্থপেডিক বিভাগৰ এজন কনিষ্ঠ আৱাসী চিকিৎসকৰ সৈতে ৰেগিং কৰাৰ ঘটনাৰ পিছত কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
মহাৰাষ্ট্ৰৰ চিকিৎসা শিক্ষা মন্ত্ৰী হাছান মুছৰিফে ঘোষণা কৰিছে যে তিনিজন কনিষ্ঠ আৱাসী চিকিৎসকক ছমাহৰ বাবে নিলম্বন কৰা হৈছে আৰু তেওঁলোকৰ প্ৰত্যেকৰে ওপৰত এক লাখ টকাৰ জৰিমনা বিহা হৈছে।অস্থিৰোগ বিভাগৰ মুৰব্বীকো বদলি কৰা হৈছে।
বিষয়টো পোহৰলৈ তেতিয়া আহে যেতিয়া ভুক্তভোগীয়ে মহাবিদ্যালয়খনৰ ডীনক এজাহাৰ দাখিল কৰে।প্ৰশাসনে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি আভ্যন্তৰীণ তদন্ত আৰম্ভ কৰে।
এই অভিযোগ মুখ্যমন্ত্ৰী আৰু চিকিৎসা শিক্ষা মন্ত্ৰালয়লৈও প্ৰেৰণ কৰা হয়, তাৰ পিছতে তাৎক্ষণিক হস্তক্ষেপ কৰা হয়।
মন্ত্ৰী হাছান মুছৰিফে কয় যে, ‘অভিযোগৰ প্ৰতি সঁহাৰি জনাই ডীনগৰাকীয়ে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰে।তদন্তৰ ভিত্তিত তিনিজন কনিষ্ঠ আৱাসী চিকিৎসকক ছমাহৰ বাবে নিলম্বন আৰু প্ৰত্যেককেই ১ লাখকৈ টকা জৰিমনা বিহা হৈছে।
ইয়াৰ উপৰিও অস্থিৰোগ বিভাগৰ মুৰব্বীক প্ৰতিষ্ঠানটোৰ পৰা বদলি কৰা হৈছে।” তেওঁ আৰু কয় যে ডীনক তাৎক্ষণিক প্ৰতিৰোধমূলক ব্যৱস্থা ৰূপায়ণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে যাতে কেম্পাছত পুনৰ এনে ৰেগিঙৰ ঘটনা সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব পৰা যায়।
লগতে পঢ়ক: NEET PG 2025 ৰ ভুৱা জাননী ভাইৰেল; NBEMS এ জাৰি কৰিলে সতৰ্কবাণী