পুনে মেডিকেল কলেজৰ তিনিজন কনিষ্ঠ চিকিৎসক নিলম্বিত; ৰেগিংৰ অভিযোগত এক লাখৰ জৰিমনা

পুনে মেডিকেল কলেজৰ তিনিজন চিকিৎসক নিলম্বিত

পুনেৰ এখন চিকিৎসা মহাবিদ্যালয়ত ৰেগিংৰ এটা ঘটনা পোহৰলৈ আহিছে।পুনেৰ ছাছুন জেনেৰেল হস্পিতাল আৰু বি জে চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ অৰ্থপেডিক বিভাগৰ এজন কনিষ্ঠ আৱাসী চিকিৎসকৰ সৈতে ৰেগিং কৰাৰ ঘটনাৰ পিছত কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

মহাৰাষ্ট্ৰৰ চিকিৎসা শিক্ষা মন্ত্ৰী হাছান মুছৰিফে ঘোষণা কৰিছে যে তিনিজন কনিষ্ঠ আৱাসী চিকিৎসকক ছমাহৰ বাবে নিলম্বন কৰা হৈছে আৰু তেওঁলোকৰ প্ৰত্যেকৰে ওপৰত এক লাখ টকাৰ জৰিমনা বিহা হৈছে।অস্থিৰোগ বিভাগৰ মুৰব্বীকো বদলি কৰা হৈছে।

বিষয়টো পোহৰলৈ তেতিয়া আহে যেতিয়া ভুক্তভোগীয়ে মহাবিদ্যালয়খনৰ ডীনক এজাহাৰ দাখিল কৰে।প্ৰশাসনে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি আভ্যন্তৰীণ তদন্ত আৰম্ভ কৰে।

এই অভিযোগ মুখ্যমন্ত্ৰী আৰু চিকিৎসা শিক্ষা মন্ত্ৰালয়লৈও প্ৰেৰণ কৰা হয়, তাৰ পিছতে তাৎক্ষণিক হস্তক্ষেপ কৰা হয়।

মন্ত্ৰী হাছান মুছৰিফে কয় যে, ‘অভিযোগৰ প্ৰতি সঁহাৰি জনাই ডীনগৰাকীয়ে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰে।তদন্তৰ ভিত্তিত তিনিজন কনিষ্ঠ আৱাসী চিকিৎসকক ছমাহৰ বাবে নিলম্বন আৰু প্ৰত্যেককেই ১ লাখকৈ টকা জৰিমনা বিহা হৈছে।

ইয়াৰ উপৰিও অস্থিৰোগ বিভাগৰ মুৰব্বীক প্ৰতিষ্ঠানটোৰ পৰা বদলি কৰা হৈছে।” তেওঁ আৰু কয় যে ডীনক তাৎক্ষণিক প্ৰতিৰোধমূলক ব্যৱস্থা ৰূপায়ণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে যাতে কেম্পাছত পুনৰ এনে ৰেগিঙৰ ঘটনা সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব পৰা যায়।

লগতে পঢ়ক: NEET PG 2025 ৰ ভুৱা জাননী ভাইৰেল; NBEMS এ জাৰি কৰিলে সতৰ্কবাণী

পুনেত ভয়ংকৰ ঘটনা; দলং ভাঙি নৈত পৰিল ২০ জনৰো অধিক লোক

পুনেত ভাঙি নৈত পৰিল ২০ জন

পুনেৰ তালেগাওঁ অঞ্চলৰ কুণ্ডমালৰ সমীপৰ ইন্দ্ৰায়নী নদীত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। প্ৰচণ্ড বৰষুণ আৰু প্ৰবল সোঁতৰ ফলত ইন্দ্ৰায়নী নদীৰ ওপৰত থকা এখন পুৰণি দলং হঠাতে ভাঙি যায়।

এই দুৰ্ঘটনাটোত প্ৰায় ১৫ৰ পৰা ২০জন লোক নদীত উটুৱাই নিয়াৰ আশংকা কৰা হৈছে। ঘটনাটোৰ ফলত ৬ জন লোকৰ মৃত্যু হৈছে।

জানিব পৰা মতে এই দলংখন কিছুদিনৰ পৰা জৰাজীৰ্ণ অৱস্থাত আছিল আৰু ইতিমধ্যে যান-বাহনৰ বাবে বন্ধ হৈ আছিল।

কিন্তু ধাৰাসাৰ বৰষুণ আৰু নদীৰ জলপৃষ্ঠ বৃদ্ধিৰ বাবে এই দলংখনলৈ বহু লোক আহি বাঢ়ি অহা পানী চাই আছিল। সেই সময়তে ভাঙি পৰে দলঙখন।

কোৱা হৈছে যে ২-৩ মাহ আগতে এই দলংখন বন্ধ কৰি দিয়া হৈছিল।কাৰণ দলংখন অতি জৰাজীৰ্ণ অৱস্থাত আছিল।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে স্থানীয় আৰক্ষী আৰু জিলা প্ৰশাসনৰ দলে সাহায্য আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে।NDRF ৰ সহায়ত  উদ্ধাৰ অভিযান চলোৱা হৈছে।ঘটনাস্থলীত ১৫ খন এম্বুলেন্স উপস্থিত হৈছে।

বিধায়ক সুনীল শ্বেলকে নদীত উটি যোৱাৰ ফলত ৬ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে।অৱশ্যে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

লগতে পঢ়ক: ইজৰাইল-ইৰাণ যুদ্ধত শান্তিদূত হ’ব পুটিন! ট্ৰাম্পৰ সৈতে ৫০ মিনিটৰ ফোন কলত কি কি আলোচনা

পুনৰ দেশত নিৰ্ভয়া কাণ্ড; বাইদেউ বুলি মাতি বাছতে ধৰ্ষণ যুৱতীক

পুনৰ দেশত সংঘটিত হৈছে নিৰ্ভয়া কাণ্ড। এইবাৰ মহাৰাষ্ট্ৰৰ পুনেত এগৰাকী ২৬ বছৰীয়া যুৱতীক বাছৰ ভিতৰতে ধৰ্ষণ যুৱকৰ।

পুনেৰ জনবহুল স্বৰ্গেট বাছ আস্থানত ৰখাই থোৱা এখন চৰকাৰী বাছত যুৱতী গৰাকী বৰ্বৰতাৰ সন্মুখীন হ’ব লগা হৈছিল। এই ঘটনাৰ অপৰাধী হৈছে ৩৬ বছৰীয়া দত্তাত্ৰেয় ৰামদাস গাদে।

যাৰ পূৰ্বে কেইবাটাও অপৰাধমূলক ৰেকৰ্ড আছে।অভিযুক্ত দত্তাত্ৰেয় ৰামদাস গাদেৰ বিৰুদ্ধে পুনে আৰু অহিলিয়ানগৰত চুৰি, ডকাইতিৰ বাবে ৬-৭ টা গোচৰ ৰুজু কৰা হৈছে।

অৱশ্যে ২০১৯ চনৰ পৰা দত্তাত্ৰেয় ৰামদাস গাদে জামিনত আছে। ঘটনাটো পোহৰলৈ অহাৰ পিছতে প্ৰতিবাদ আৰম্ভ হৈছিল। আৰক্ষীয়েও আৰম্ভ কৰিছিল তদন্ত।

অৱশেষত মহাৰাষ্ট্ৰ আৰক্ষীয়ে পুনেৰ স্বৰ্গেট বাছ আস্থানত এগৰাকী যুৱতীক বলাৎকাৰ কৰাৰ অভিযুক্ত দত্তাত্ৰেয় গাদেক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীয়ে শুকুৰবাৰে শিৰুৰ তহচিলত এজন লোকক আটক কৰিছিল। সেই লোকজনেই অভিযুক্তজনক দত্তাত্ৰেয় গাদে বুলি চিনাক্ত কৰা হৈছে, যাক পুনে আৰক্ষীয়ে মাজনিশা পুনেৰ শিৰুৰৰ পৰা জিম্মাত লৈছিল।

ইতিহাস সৃষ্টি কৰিলে ভাৰতে, এনে কৰা পৃথিৱীৰ প্ৰথম খন দেশ

পুনেত অনুষ্ঠিত চতুৰ্থখন টি-২০ খেলত ইংলেণ্ডক ১৫ ৰাণত পৰাস্ত কৰি টীম ইণ্ডিয়াই পাঁচখন খেলৰ টি-২০ শৃংখলা সুৰক্ষিত কৰিছে।

ভাৰতীয় দলটোৱে ইংলেণ্ডৰ বিৰুদ্ধে এই টি-২০ শৃংখলাত ৩-১ ৰ অপৰাজিত অগ্ৰগতি লাভ কৰিছে।ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলা জয় কৰি টীম ইণ্ডিয়াই এক ঐতিহাসিক অভিলেখ গঢ়িছে।

ভাৰত এইটো প্ৰাপ্ত কৰা বিশ্বৰ প্ৰথম খন দেশ হৈ পৰিছে। এই ঐতিহাসিক অভিলেখ কেতিয়াও অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ দৰে দলৰ নামত লিপিবদ্ধ কৰা হোৱা নাছিল, যাক টীম ইণ্ডিয়াই এতিয়া পুনেত ইয়াৰ নামত যোগ দিছে।

দৰাচলতে, টীম ইণ্ডিয়াই ইংলেণ্ডৰ বিৰুদ্ধে ৫ খন খেলৰ টি-২০ শৃংখলাত জয়ী হৈ অভিলেখ গঢ়িছে। ভাৰতীয় দলটোৱে ঘৰুৱা স্থানত একেৰাহে ১৭ খন টি-২০ শৃংখলাত অপৰাজিত হৈ থকাৰ অভিলেখ গঢ়ি ইতিহাস সৃষ্টি কৰিছে।

কলকাতাত ইংলেণ্ডৰ বিৰুদ্ধে খেলা প্ৰথমখন টি-২০ খেলত ভাৰত৭ উইকেটত জয়ী হৈছিল।ইয়াৰ পিছতে চেন্নাইত অনুষ্ঠিত দ্বিতীয়খন টি-২০ খেলতো ভাৰতীয় দলে ইংলেণ্ডক ২ উইকেটত পৰাস্ত কৰে।

তৃতীয় টি-২০ খেলখনত ইংলেণ্ডে প্ৰত্যাৱৰ্তন কৰে আৰু ভাৰতক ২৬ ৰাণত পৰাস্ত কৰে। এতিয়া, পুনেত অনুষ্ঠিত চতুৰ্থ খন টি-২০ মেচত ১৫ ৰাণত জয়লাভ কৰি ভাৰতে শৃংখলাটোৰ নিয়ন্ত্ৰণ লয় আৰু ৩-১ ৰ অপৰাজিত অগ্ৰগতি স্থাপন কৰে।

২০১৯ চনৰ ফেব্ৰুৱাৰীত টি-২০ শৃংখলাত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাজয়ৰ পিছত ভাৰতীয় দলটোৱে ঘৰুৱা খেলত এখনো টি-২০ শৃংখলা হেৰুৱাও নাই।

ঘৰুৱা স্থানত একেৰাহে সৰ্বাধিক টি-২০ শৃংখলাত অপৰাজিত হোৱাৰ ক্ষেত্ৰত, অষ্ট্ৰেলিয়া টীম ইণ্ডিয়াৰ পিছত আহিছে।অষ্ট্ৰেলিয়া ঘৰুৱা ভাৱে একেৰাহে ৮ খন টি-২০ শৃংখলাত অপৰাজিত হৈ আছে।

দক্ষিণ আফ্ৰিকাৰ দলটো তৃতীয় স্থানত আছে। দক্ষিণ আফ্ৰিকা ঘৰুৱা ভাৱে একেৰাহে ৭ খন টি-২০ শৃংখলাত অপৰাজিত হৈ আছে।

হাৰ্দিক পাণ্ডিয়া আৰু শিৱম দুবেৰ বিস্ফোৰক অৰ্ধশতকৰ পিছত শুকুৰবাৰে পুনেত অনুষ্ঠিত চতুৰ্থ খন টি-২০ খেলত ভাৰতৰ বলাৰসকলে এক সুন্দৰ প্ৰদৰ্শন আগবঢ়াই ইংলেণ্ডক ১৫ ৰাণত পৰাস্ত কৰে। পাঁচখন খেলৰ টি-২০ শৃংখলাত ভাৰতে ৩-১ ত অপৰাজিত অগ্ৰগতি লাভ কৰিছে।

সাৱধান! দেশত হঠাৎ নতুন ৰোগৰ প্ৰদুৰ্ভাৱ; ঘৰে ঘৰে স্বাস্থ্য বিভাগৰ  অভিযান

মহাৰাষ্ট্ৰৰ পুনেত গুইলিন-বেৰে চিণ্ড্ৰোম (জিবিএছ)ৰ বাঢ়ি অহা ঘটনাই মানুহৰ মাজত আতংকৰ সৃষ্টি কৰিছে।পুনেত, এই ৰোগত আক্ৰান্ত লোকৰ সংখ্যা ১৫০ ৰ অতিক্ৰম কৰিছে।

এই ৰোগৰফলত চোলাপুৰ জিলাত এজন লোক নিহত হৈছে। স্বাস্থ্য বিষয়াসকলৰ মতে, মহাৰাষ্ট্ৰত গুইলিন-বেৰে চিণ্ড্ৰোমৰ ফলত এইটো সম্ভৱতঃ প্ৰথম মৃত্যু।আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ফ্ৰেংকলিন ডি ৰুজভেল্টৰো গুইলিন-বেৰে চিণ্ড্ৰোমৰ ফলত মৃত্যু হৈছে।

মহাৰাষ্ট্ৰৰ স্বাস্থ্য বিভাগে কয় যে পুনেত গুইলিন-বেৰে চিণ্ড্ৰোমৰ মুঠ ঘটনাৰ সংখ্যা দেওবাৰে ১৫০ লৈ বৃদ্ধি পাইছে। সংক্ৰমিত ৰোগীসকলৰ ভিতৰত ৬৮ জন পুৰুষ আৰু ৩৩ গৰাকী মহিলা। ইয়াৰ ভিতৰত, ১৬ জন ৰোগী ভেণ্টিলেটৰত আছে।

গুইলিন-বেৰে চিণ্ড্ৰোম হৈছে এক ৰোগ প্ৰতিৰোধ প্ৰণালী সম্পৰ্কীয় বিৰল ৰোগ। ইয়াৰ ফলত, শৰীৰৰ অংশবোৰ হঠাতে জঠৰ হৈ পৰে আৰু পেশীবোৰ দুৰ্বল হৈ পৰে।

এই ৰোগৰ ফলত, হাত আৰু ভৰি দুৰ্বলতাৰ দৰে লক্ষণো দেখা যায়। চিকিৎসকৰ মতে, গুইলিন-বেৰে চিণ্ড্ৰোমৰ কাৰণ হৈছে সাধাৰণতে বেক্টেৰিয়া আৰু ভাইৰেল সংক্ৰমণ। ই ৰোগীসকলৰ ৰোগ প্ৰতিৰোধ প্ৰণালী দুৰ্বল কৰে।

পুনেত, দ্ৰুত সঁহাৰি দল আৰু পৌৰ স্বাস্থ্য বিষয়াসকলে গুইলিন-বেৰে চিণ্ড্ৰোমৰ দ্বাৰা প্ৰভাৱিত সিনহাগড় ৰোডৰ এলেকাবোৰত সংক্ৰমণৰ ঘটনাবোৰ নিৰীক্ষণ কৰি আছে।বিষয়াসকলৰ মতে, এতিয়ালৈকে ২৫,৫৭৮ টা পৰিয়ালৰ জৰীপ কৰা হৈছে।

গুইলিন-বেৰে চিণ্ড্ৰোম যি স্তৰলৈ মাৰাত্মক হ’ব পাৰে সেইটো আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ফ্ৰেংকলিন ডি ৰুজভেল্টৰো এই ৰোগৰ ফলত মৃত্যু হোৱাৰ পৰা অনুমান কৰিব পাৰি।

ৰুজভেল্ট পক্ষাঘাতগ্ৰস্ত হৈছিল আৰু তেওঁৰ কঁকালৰ তলৰ অংশ কাম কৰা বন্ধ হৈ গৈছিল। প্ৰথমতে এইটো বিশ্বাস কৰা হৈছিল যে ইয়াৰ কাৰণ পলিঅ’ৰ আছিল। অৱশ্যে, পিছৰ গৱেষণাই প্ৰকাশ কৰিছিল যে তেওঁৰ মৃত্যুৰ কাৰণ আছিল গুইলিন-বেৰে চিণ্ড্ৰোম।