ৰাজ্যত চলিব অবৈধ বাংলাদেশী বহিষ্কাৰ অভিযান
সোমবাৰে অনুষ্ঠিত হয় বিধান সভাৰ বিশেষ অধিৱেশন। এই অধিৱেশনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশী বহিষ্কাৰক লৈ এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।
সদনত উদাত্ত কণ্ঠৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ‘তীব্ৰগতিত ৰাজ্যত চলিব অবৈধ বাংলাদেশী বহিষ্কাৰ অভিযান। এইপৰ্যন্ত ৩০০ৰো অধিক অবৈধ বিদেশীক বিতাড়ন কৰা হৈছে’।
‘বিদেশী চিনাক্তকৰণ হ’লেই বিদেশী ন্যায়াধীকৰণলৈ যাব নালাগে। অসমত বিতাড়ন সন্দৰ্ভত কঠোৰ হৈছে মুখ্যমন্ত্ৰী। এইক্ষেত্ৰত পূৰ্বতকৈ সক্ৰিয় হ’ব প্ৰশাসন’।
‘সংশ্লিষ্ট জিলাসমূহৰ বাবে DCক দিয়া হ’ব সম্পূৰ্ণ কৰ্তৃত্ব।DCসকলে যাক যাকেই অবৈধ বুলি ভাৱে তেওঁলোকেই অবৈধ’।
‘এতিয়াৰে পৰা চহৰে-নগৰে, গাৱে-ভূঁঞে, চোকে-কোণে চলিব মাৰাথন অভিযান। NRCত নাম থাকক বা নাথাকক বাংলাদেশী বিতাড়ণ হ’বই’ বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে কয়।
‘ইয়াৰ বাবে অহা ১২মাহৰ ভিতৰত NRCৰ কাম সম্পন্ন হোৱাৰ সম্ভাৱনা আছে। বহু লোকে NRCত ভুৱাকৈ নিজৰ নাম অন্তৰ্ভুক্ত কৰিছে। ইয়াৰ বাবে অসমত NRCৰ পুনৰীক্ষণৰ দাবী কৰা হৈছে’।
‘এই সন্দৰ্ভত ইতিমধ্যে ভাৰত চৰকাৰৰ সৈতে অসম চৰকাৰৰ আলোচনা হৈছে। ২০ শতাংশ সীমান্ত অঞ্চলত আৰু ১০ শতাংশ অন্যান্য স্থানত NRCৰ এই পুনৰীক্ষণৰ প্ৰয়োজন হৈছে। NRCৰ ভেৰিফিকেচন সম্পন্ন হ’লেই ৰাইজৰ সন্দেহ দূৰ হ’ব’ বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়।
লগতে পঢ়ক: মহাকাশত নতুন কাহিনী লিখাৰ প্ৰস্তুতি; ১০ জুনত উৰা মাৰিব শুভাংশু শুক্লা