পুনৰ ভয়াৱহ ৰূপত আহিছে ক’ভিড মহামাৰী।হংকং, চিংগাপুৰৰ পিছত এইবাৰ ব্ৰিটেইনত ক’ভিডে সংহাৰী ৰূপ ধাৰণ কৰিছে। কৰ’না ভাইৰাছে পুনৰবাৰ বিশ্বত নিজৰ উপস্থিতিৰ প্ৰমাণ দিবলৈ আৰম্ভ কৰিছে।
বৰ্তমান পৰিস্থিতি আগৰ দৰে গুৰুতৰ নহয় যদিও কিছুমান দেশত হঠাতে কৰ’না ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাটোৱে নিশ্চিতভাৱে চিন্তাৰ সৃষ্টি কৰিছে।
এইবাৰ কৰ’নাৰ সৰ্বোচ্চ প্ৰভাৱ ব্ৰিটেইনত দেখা গৈছে, মাত্ৰ এসপ্তাহতে Covid-19ৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা প্ৰায় দুগুণলৈ বৃদ্ধি পাইছে।
ব্ৰিটেইন চৰকাৰৰ শেহতীয়া তথ্য অনুসৰি, ২ মে’ত সমাপ্ত হোৱা সপ্তাহটোত Covid-19ত আক্ৰান্ত হৈ ১০১ জন লোকৰ মৃত্যু হয়, যিবোৰ মৃত্যুৰ প্ৰমাণ পত্ৰত উল্লেখ আছে। এই সংখ্যা যোৱা সপ্তাহতকৈ ৬৫% বেছি।
ইয়াৰ পূৰ্বে জানুৱাৰী মাহত এসপ্তাহত ১১১ জন লোকৰ মৃত্যু হৈছিল।কিন্তু ২০২৩ চনৰ নৱেম্বৰ মাহত সাপ্তাহিকভাৱে মৃত্যু হোৱা ২৭৩ জনৰ তুলনাত এই সংখ্যা এতিয়াও কম, কিন্তু এই হঠাৎ বৃদ্ধিয়ে চিন্তাৰ সৃষ্টি কৰিছে।