শীঘ্ৰেই মুক্তি পাব ‘দ্য ফেমিলি মেন’ৰ নতুন ছিজন
বলীউড অভিনেতা মনোজ বাজপেয়ীৰ হিট ছিৰিজ ‘দ্য ফেমিলি মেন’ৰ নতুন ছিজন ঘোষণা কৰা হৈছে । এই শ্ব’টোৰ জৰিয়তে আপুনি আকৌ এবাৰ চাব পাৰিব আণ্ডাৰকাভাৰ এজেণ্ট শ্ৰীকান্ত তিৱাৰীৰ কাহিনী । ইফালে মঙলবাৰে প্ৰাইম ভিডিঅ’ৰ আন এখন হিট ছিৰিজ ‘পঞ্চায়ত’ৰ ছিজন ৪ মুক্তি লাভ কৰে । ইয়াৰ লগে লগে অনুৰাগীসকলে লাভ কৰিছে আন এক ভাল খবৰ ।
ঘোষণা কৰা হ’ল দ্য ফেমিলি মেনৰ নতুন ছিজন-
প্ৰাইম ভিডিঅ’ ইণ্ডিয়া আৰু মনোজ বাজপেয়ীয়ে ইনষ্টাগ্ৰামত ‘দ্য ফেমিলি মেন’ৰ নতুন পোষ্ট শ্বেয়াৰ কৰিছে । ইয়াত মনোজ বাজপেয়ীৰ চৰিত্ৰ শ্ৰীকান্ত চিন্তিত হৈ থিয় হৈ থকা দেখা গৈছে । তেওঁৰ চাৰিওফালে বন্দুকধাৰী থিয় হৈ আছে । পোষ্টাৰত লিখা আছে- ফেমিলী মেন ঘূৰি আহিছে । আনহাতে পোষ্টটোৰ কেপচনত লিখা আছে- সকলোৰে চকু আমাৰ Family Man ৰ ওপৰত । অতি সোনকালে আহি আছে The Family Manৰ নতুন ছিজন ।
এই জনপ্ৰিয় ছিৰিজৰ নতুন ছিজনৰ জৰিয়তে পুনৰবাৰ নিজৰ পৰিচালনাৰ দক্ষতা প্ৰদৰ্শন কৰিব পৰিচালক যুটি ৰাজ আৰু ডিকে । পোষ্টটোত টেগ কৰা অভিনেতাৰ তালিকাখন চালে দেখা যায় যে, এই ছিৰিজৰ নতুন ছিজনত প্ৰৱেশ কৰিবলৈ ওলাইছে কিছুমান নতুন চৰিত্ৰ । এই ছিজনত অভিনয় কৰিবলৈ গৈ আছে অভিনেতা যুগল হংসৰাজ, সীমা বিশ্বাস, হৰমন সিং আৰু তামিল অভিনেতা সন্দীপ কিষাণ । লাইনআপৰ পৰা স্পষ্ট যে এইবাৰ শ্ব’টোত অধিক মনোৰঞ্জক হ’ব ।
শ্ব’টোৰ নতুন ছিজন ঘোষণা কৰা হৈছে যদিও মুক্তিৰ তাৰিখ এতিয়াও প্ৰকাশ কৰা হোৱা নাই । এতিয়া ‘দ্য ফেমিলি মেন’ৰ ছিজন ৩ক লৈ অনুৰাগীৰ মাজত উত্তেজনা আৰু অধিক বৃদ্ধি পাইছে । উল্লেখ্য যে, মনোজ বাজপেয়ীৰ ‘দ্য ফেমিলি মেন’ত প্ৰিয়ামণি আৰু শ্বৰীব হাছমীয়েও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ।
লগতে পঢ়ক : ‘অনুপমা’ৰ শ্বুটিং স্থলীত ভয়ংকৰ অগ্নিকাণ্ড; জ্বলি ছাই হ’ল ষ্টুডিঅ’