থাইলেণ্ড-কম্বোডিয়া সংঘাত সন্দৰ্ভত নিৰাপত্তা পৰিষদৰ জৰুৰী বৈঠক
শেহতীয়াকৈ থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজত হোৱা সীমান্ত সংঘাতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো উদ্বেগ বৃদ্ধি কৰিছে । ইফালে শনিবাৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ জৰুৰী বৈঠক আহ্বান কৰা হয় । এই বৈঠক ‘আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তাৰ প্ৰতি ভাবুকি’ বিষয়ৰ অধীনত অনুষ্ঠিত হয় । কম্বোডিয়াই এই বৈঠকৰ দাবী জনাইছিল, তাৰ পিছত ৰাষ্ট্ৰসংঘৰ ১৫খন সদস্য দেশেই বিষয়টোক গুৰুত্বসহকাৰে লয় ।
কম্বোডিয়াই অভিযোগ উত্থাপন কৰিছে যে থাইলেণ্ডে কোনো প্ৰৰোচনা নোহোৱাকৈ আক্ৰমণ কৰি বৌদ্ধ মন্দিৰ আৰু সীমান্তৱৰ্তী অঞ্চলক লক্ষ্য কৰি লৈছে । কম্বোডিয়াই কয় যে থাইলেণ্ডৰ সেনাই ইচ্ছাকৃতভাৱে প্ৰথমে গুলীচালনা কৰিছিল আৰু পূৰ্বনিৰ্ধাৰিত সীমান্ত চুক্তি উলংঘা কৰিছিল । আনহাতে, থাইলেণ্ডেও নিৰাপত্তা পৰিষদলৈ এখন পত্ৰ প্ৰেৰণ কৰি স্পষ্ট কৰি দিছে যে এই সংঘাত কম্বোডিয়াই আৰম্ভ কৰিছিল আৰু দেশখনৰ সৈন্যই থাইলেণ্ডৰ ভূখণ্ডত গুলীচালনা কৰিছিল ।
সীমান্তৰ উত্তেজনা বৃদ্ধিৰ ফলত ক্ষতিগ্ৰস্ত লাখ লাখ লোক-
থাইলেণ্ডৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি এই পৰ্যন্ত ১.৩ লাখতকৈ অধিক লোক সংঘাত আক্ৰান্ত অঞ্চলৰ পৰা নিৰাপদ স্থানলৈ পলায়ন কৰিছে । কম্বোডিয়াৰ হাজাৰ হাজাৰ লোকেও ঘৰ এৰি যাবলৈ বাধ্য হৈছে । দুয়োখন দেশে ইখনে সিখনৰ ৰাষ্ট্ৰদূতক পুনৰ আহ্বান কৰাৰ লগতে বহু সীমান্ত চেকপইণ্ট বন্ধ কৰি দিয়া হৈছে ।
আছিয়ান আৰু বিশ্ব নেতাৰ আবেদন-
বৰ্তমান আছিয়ানৰ অধ্যক্ষ মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমে দুয়োখন দেশক আলোচনা কৰিবলৈ আহ্বান জনাইছে আৰু মধ্যস্থতাৰ প্ৰস্তাৱ আগবঢ়াইছে । আমেৰিকা, চীন, জাপান, ফ্ৰান্সৰ দৰে দেশসমূহেও দুয়োপক্ষক সংযম ৰক্ষা কৰি কূটনৈতিক সমাধান গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ।
প্ৰাচীন মন্দিৰক লৈ পুৰণি বিবাদ-
থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজৰ ৮০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্ত দশক দশক ধৰি বিতৰ্কৰ বিষয় হৈ আহিছে । এই বিবাদৰ কেন্দ্ৰবিন্দু হৈছে প্ৰাচীন হিন্দু মন্দিৰ ‘প্ৰসাত তা মুয়েন থম’ আৰু ‘প্ৰেহ ভিহেৰ’ । ২০১১ চনতো একেধৰণৰ সংঘাতত ১৬ জন লোকে প্ৰাণ হেৰুৱাইছিল আৰু তেতিয়াও নিৰাপত্তা পৰিষদে নিজাকৈ বৈঠক অনুষ্ঠিত কৰি হস্তক্ষেপ কৰিছিল ।
শেহতীয়া পৰিস্থিতি-
১৬ আৰু ২৩ জুলাইত থাইলেণ্ডৰ জোৱান আহত হোৱাৰ লগতে সীমান্তত লেণ্ডমাইন বিস্ফোৰণৰ ফলত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে । যদিও কম্বোডিয়াৰ প্ৰধানমন্ত্ৰীয়ে ২৪ জুলাইৰ পৰা যুদ্ধবিৰতিৰ কথা কৈছিল, তথাপিও থাইলেণ্ডে ইয়াক কাৰ্যকৰী কৰিবলৈ অস্বীকাৰ কৰিছিল । বৰ্তমান দুয়োখন দেশ কূটনৈতিক হেঁচা আৰু আন্তঃৰাষ্ট্ৰীয় নিৰীক্ষণৰ অধীনত আছে । আগন্তুক দিনত শান্তিৰ দিশত আছিয়ানৰ ভূমিকা গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ।
লগতে পঢ়ক : থাইলেণ্ডৰ সীমান্তত এতিয়াও যুদ্ধৰ দামামা; কম্বোডিয়াৰ তাৎক্ষণিক যুদ্ধবিৰতিৰ দাবী