বিনাচৰ্ত যুদ্ধবিৰতিৰ সহমতত উপনীত হৈছে থাইলেণ্ড-কম্বোডিয়া
বিশ্বৰ বিভিন্ন প্ৰান্তত সীমান্ত সংঘাত চলি আছে । ক’ৰবাত যুদ্ধৰ ৰূপ লৈছে আৰু ক’ৰবাত অনিৰ্দিষ্টকালীন আলোচনাৰ পৰ্যায় চলি আছে । ইয়াৰ মাদতে দক্ষিণ এছিয়াত থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজত সীমান্ত সংঘাত আৰম্ভ হয় আৰু পঞ্চম দিনা যুদ্ধবিৰতিৰে সমাপ্ত হয় । এই উত্তেজনাৰ চতুৰ্থ দিনলৈকে কমেও ৩৪ জন লোকৰ মৃত্যু হৈছে আৰু ২ লাখৰো অধিক লোকক পলায়ন কৰিবলগীয়া হৈছে । কিন্তু সকাহৰ খবৰটো হ’ল দুয়োখন দেশে বিনাচৰ্তে যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰিছে ।
সোমবাৰে মালয়েছিয়াত শান্তি বৈঠকৰ বাবে থাইলেণ্ড আৰু কম্বোডিয়াৰ নেতা বৈঠকত মিলিত হয় । মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমৰ মধ্যস্থতাত কুৱালালামপুৰত এই আলোচনা অনুষ্ঠিত হয় । বৰ্তমান মালয়েছিয়া দক্ষিণ এছিয়াৰ সংগঠন আছিয়ানৰ অধ্যক্ষ, যাৰ দুয়োখন দেশ সদস্য । ছ’চিয়েল মিডিয়াত বহু সাংবাদিকে নিশ্চিত কৰিছে যে দুয়োখন দেশে যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰিছে ।
বৃহস্পতিবাৰে লেণ্ডমাইন বিস্ফোৰণত ৫ গৰাকী থাইলেণ্ডৰ জোৱান আহত হোৱাৰ পিছতে এই সংঘাত আৰম্ভ হয় । ইয়াৰ পিছত দুয়োপক্ষই টেংক, জেট আৰু কামানেৰে আক্ৰমণ আৰম্ভ কৰে । থাইলেণ্ডে কম্বোডিয়াক চিকিৎসালয় আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰাৰ বিপৰীতে কম্বোডিয়াই দাবী কৰিছে যে থাইলেণ্ডৰ সেনাই ক্লাষ্টাৰ বোমা ব্যৱহাৰ কৰিছিল । থাইলেণ্ডৰ তথ্য অনুসৰি ৮ জন জোৱান আৰু ১৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু হোৱাৰ বিপৰীতে কম্বোডিয়াই ৫ জন জোৱান আৰু ৮ জন সাধাৰণ নাগৰিকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে । থাইলেণ্ডৰ ১,৩৮০০০ আৰু কম্বোডিয়াৰ ৮০ হাজাৰৰো অধিক লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হয় । দেওবাৰে আকৌ এবাৰ দুটা প্ৰাচীন মন্দিৰৰ সমীপত কামানৰ শব্দ শুনা যায় । অৱশেষত দুয়োখন দেশে শান্তি আলোচনাত সন্মতি দিয়ে আৰু ইয়াৰ ফলত যুদ্ধবিৰতি হয় ।
লগতে পঢ়ক : যুদ্ধ বন্ধ কৰক অন্যথা… কম্বোডিয়া আৰু থাইলেণ্ডক সকীয়নি ট্ৰাম্পৰ