ভাৰতত মুকলি হ’ল প্ৰথমটো টেছলাৰ শ্ব’ৰুম
আমেৰিকাৰ আগশাৰীৰ ইলেক্ট্ৰিক গাড়ী নিৰ্মাতা কোম্পানী টেছলাই মঙলবাৰে আনুষ্ঠানিকভাৱে ভাৰতত প্ৰৱেশ কৰিছে।ইয়াৰ অধীনত কোম্পানীটোৱে মঙলবাৰে ভাৰতৰ প্ৰথমটো শ্ব’ৰুম মুম্বাইত মুকলি কৰে।
মুম্বাইৰ বান্দ্ৰা কুৰ্লা কমপ্লেক্স (বি কে চি)ত এই শ্ব’ৰুম মুকলি কৰা হৈছে।ইয়াৰ পিছত নতুন দিল্লীত শীঘ্ৰে পৰৱৰ্তী শ্ব’ৰুম মুকলি হোৱাৰ সম্ভাৱনা আছে।
কোম্পানীটোৱে ভাৰতত মুকলি কৰিছে মডেলY, যাৰ আৰম্ভণিৰ এক্স শ্ব’ৰুমৰ মূল্য ৫৯.৮৯ লাখ টকা।মুম্বাই, দিল্লী আৰু গুৰুগ্ৰামত আৰম্ভ হ’ব মডেল ৱাইৰ বিক্ৰী।
ইয়াৰ পূৰ্বে যোৱা শুকুৰবাৰে ভাৰত কেন্দ্ৰিক এক্স (পূৰ্বতে টুইটাৰ নামেৰে জনাজাত) হেণ্ডেলৰ জৰিয়তে এটা টিজাৰ পোষ্ট কৰিছিল। য’ত লিখা আছিল- অতি সোনকালে আহি আছো…।
জানিব পৰা মতে, ভাৰতৰ বাবে টেছলাৰ পৰিকল্পনাক লৈ বহু জল্পনা-কল্পনাৰ সৃষ্টি হৈছে, কেন্দ্ৰীয় উদ্যোগ মন্ত্ৰী এইচ.ডি. কুমাৰস্বামীয়ে জুন মাহত স্পষ্ট কৰি দিছিল যে বৰ্তমান ভাৰতত গাড়ী নিৰ্মাণৰ প্ৰতি তেওঁলোকৰ কোনো আগ্ৰহ নাই।
সংবাদ মাধ্যমৰ সৈতে কথা পাতি থাকোঁতে কুমাৰস্বামীয়ে কৈছিল যে তেওঁলোকে ভাৰতত নিজৰ গাড়ী বিক্ৰী কৰিব বিচাৰে।
টেছলাৰ সন্দৰ্ভত আৰু কোনো অগ্ৰগতি হোৱা নাই।তেওঁ নিশ্চিত কৰে যে তেওঁলোকে বৰ্তমান কেৱল ভাৰতত শ্ব’ৰুম খুলিবলৈহে আগ্ৰহী।
লগতে পঢ়ক: ‘অতি সোনকালেই পৃথিৱীত লগ পাই আছো’;শীঘ্ৰেই আৰম্ভ হ’ব শুভাংশু শুক্লাৰ আনডকিং প্ৰক্ৰিয়া