কান্দি কান্দি এটা ভিডিঅ’ শ্বেয়াৰ কৰিলে অভিনেত্ৰী তনুশ্ৰী দত্তাই
অভিনেত্ৰী তনুশ্ৰী দত্তাই ছ’চিয়েল মিডিয়াত এটা চাঞ্চল্যকৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে । মঙলবাৰে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা ভিডিঅ’টোত অভিনেত্ৰীগৰাকীক কান্দি থকা দেখা গৈছে । অভিনেত্ৰীগৰাকীয়ে কৈছে যে যোৱা কেইবাবছৰ ধৰি তেওঁ নিজৰ ঘৰতে শোষণৰ সন্মুখীন হৈছে । এই পৰিস্থিতিত অতিষ্ঠ হৈ আজি তেওঁ আৰক্ষীক ফোন কৰা বুলি উল্লেখ কৰিছে । তনুশ্ৰীয়ে ৰাইজৰ ওচৰত সহায়ৰ বাবে আবেদন জনাইছে ।
স্বাস্থ্যৰ অৱনতি ঘটিছে-
শ্বেয়াৰ কৰা ভিডিঅ’টোত অভিনেত্ৰীগৰাকীয়ে কান্দি কান্দি কৈছে, ‘মোক নিজৰ ঘৰতে হাৰাশাস্তি কৰা হৈছে । মই এই মাত্ৰ আৰক্ষীক ফোন কৰিছো । পুলিচ আহিল’ । আৰু ক’লে যে কাইলৈ থানালৈ গৈ সঠিক অভিযোগ দাখিল কৰিব । অভিনেত্ৰীগৰাকীয়ে কয়, ‘মোৰ ভাল নহয় । যোৱা চাৰি-পাঁচ বছৰত মোক ইমানেই হাৰাশাস্তি কৰা হৈছে যে মোৰ স্বাস্থ্যৰ অৱনতি ঘটিছে । কোনো কাম কৰিব পৰা নাই ।’
২০১৮ চনৰ পৰাই চলি আছে হাৰাশাস্তি-
ভিডিঅ’টোৰ সৈতে তনুশ্ৰীয়ে এটা কেপচন লিখিছে, ‘এই হাৰাশাস্তিৰ পৰা মই অতীষ্ঠ হৈ পৰিছো ! ২০১৮ চনৰ পৰা এনেদৰে চলি আছে । আজি অতীষ্ঠ হৈ আৰক্ষীক ফোন কৰিলোঁ । অনুগ্ৰহ কৰি কোনোবাই মোক সহায় কৰক ! বহু দেৰি হোৱাৰ আগতেই কিবা এটা কৰক’ । কেপচনত #MeToo হেচটেগো লিখিছে অভিনেত্ৰীগৰাকীয়ে ।
ঘৰৰ চাৰিওফালে শুনা যায় অদ্ভুত শব্দ-
ইয়াৰ উপৰিও তনুশ্ৰীয়ে আন এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে । ভিডিঅ’টো সম্পূৰ্ণ আন্ধাৰ দেখা গৈছে, কিন্তু অদ্ভুত শব্দ শুনা গৈছে । তনুশ্ৰীয়ে কেপচনত লিখিছে যে এনেধৰণৰ শব্দ প্ৰায়ে শুনা যায় । তেওঁক হাৰাশাস্তি কৰা হৈছে । অভিনেত্ৰীগৰাকীয়ে লিখিছে, ‘২০২০ চনৰ পৰা প্ৰায় প্ৰতিদিনে অদ্ভুত সময়ত মোৰ টেৰেচৰ ওপৰত আৰু দুৱাৰৰ বাহিৰত ইমান ডাঙৰ শব্দ আৰু অন্যান্য অতি জোৰেৰে খুন্দা মৰা শব্দৰ সন্মুখীন হৈছো ! বিল্ডিং মেনেজমেণ্টৰ ওচৰত অভিযোগ কৰি ভাগৰি পৰিলোঁ আৰু কেইবছৰমান আগতে হাৰ মানিলোঁ । এতিয়া মই মাত্ৰ এইটোৰ সৈতে জীয়াই আছো । এই শব্দবোৰৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ মই হেডফোন লগাই হিন্দু মন্ত্ৰ শুনো । আজি মোৰ বৰ বেমাৰ হৈছিল । যোৱা ৫ বছৰ ধৰি অহৰহ মানসিক চাপ আৰু উদ্বেগৰ বাবে মোৰ ক্ৰনিক ফেটিগ চিনড্ৰম হৈছে । এতিয়াও বহু কথাই এফ আই আৰত উল্লেখ কৰিম ।’
উল্লেখ্য যে ২০১৮ চনত তনুশ্ৰী দত্তাই ২০০৮ চনত ‘হৰ্ণ অ’কে প্লিজ’ ছবিখনৰ শ্বুটিংৰ সময়ত নানা পাটেকাৰৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল । ২০১৮ চনৰ অক্টোবৰ মাহত তনুশ্ৰীয়ে নানা পাটেকাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল । সেই বছৰৰ মাৰ্চ মাহত মুম্বাইৰ আন্ধেৰী আদালতে এই সন্দৰ্ভত অভিযোগ ল’বলৈ অস্বীকাৰ কৰিছিল । দণ্ডাধীশ আদালতে তনুশ্ৰী দত্তাৰ আবেদন নাকচ কৰি কয় যে অভিনেত্ৰীগৰাকীয়ে দাখিল কৰা এজাহাৰত যৌন নিৰ্যাতনৰ অভিযোগ প্ৰমাণ কৰিব পৰাকৈ কোনো প্ৰমাণ নাই ।
লগতে পঢ়ক : প্ৰকাশ ৰাজ আৰু ৰাণা দগ্গুবাটিকে ধৰি দক্ষিণৰ এইসকল তাৰকালৈ ই ডিৰ চমন…