ছিৰিয়াৰ এটা গীৰ্জাত আত্মঘাটী বোমা বিস্ফোৰণ
বৰ্তমান সময়ত মধ্যপ্ৰাচ্যৰ দুখন দেশ ইজৰাইল আৰু ইৰাণৰ পাৰস্পৰিক সংঘাতে বিশ্বৰ দৃষ্টিগোচৰ কৰিছে। এতিয়া মধ্যপ্ৰাচ্যৰ আন এখন দেশ ছিৰিয়াত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।
ছিৰিয়াৰ এটা গীৰ্জাত আত্মঘাতী বোমা বিস্ফোৰণৰ ফলত ২০ জন লোকৰ মৃত্যু হয়।এই বিস্ফোৰণ সংঘটিত হৈছিল দামাস্কাছৰ উপকণ্ঠ অঞ্চলৰ ড্ৱেইলাত। ঘটনাৰ সময়ত বহু লোকে মাৰ ইলিয়াছ গীৰ্জাৰ ভিতৰত প্ৰাৰ্থনা কৰি আছিল।
ঘটনাত ISISৰ হাত?
স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে, ‘ডামাস্কাছৰ ড্ৱেলা অঞ্চলৰ ছেইণ্ট ইলিয়াছ চাৰ্চক লক্ষ্য কৰি সংঘটিত কৰা সন্ত্ৰাসবাদী আক্ৰমণত মৃত্যুৰ সংখ্যা ২০লৈ বৃদ্ধি পাইছে আৰু ৫২ জন আহত হৈছে।
কোনো সংগঠনে এই কাণ্ডৰ দায়িত্ব স্বীকাৰ কৰা নাই যদিও দেশখনৰ স্বৰাজ মন্ত্ৰালয়ে ইছলামিক ষ্টেটৰ (আইছিছ) এজন সদস্য জড়িত বুলি কয়।
স্বৰাজ মন্ত্ৰালয়ৰ বিবৃতি
এই ঘটনা সন্দৰ্ভত দেশখনৰ স্বৰাজ মন্ত্ৰালয়ে এক বিবৃতিত কয় যে, ‘আইছিছ সন্ত্ৰাসবাদী সংগঠনৰ এজন আত্মঘাতী বোমাৰু ছেইণ্ট ইলিয়াছে প্ৰথমে হাতত অস্ত্ৰ লৈ প্ৰৱেশ কৰে।
তাৰ পিছতেই তেওঁ গুলী চলাবলৈ আৰম্ভ কৰিলে। বহু লোকে তেওঁক ৰখাবলৈ চেষ্টা কৰাৰ সময়তে বিস্ফোৰক বেল্টেৰে নিজকে উৰুৱাই দিলে’।
ঘটনাটোৰ পিছত স্থানীয় ৰাইজে আহতসকল ততাতৈয়াকৈ চিকিৎসায়ললৈ প্ৰেৰণ কৰে। ছিৰিয়াৰ তথ্য মন্ত্ৰী হামজা মুস্তাফাই এই আক্ৰমণক গৰিহণা দি ইয়াত সন্ত্ৰাসবাদী আক্ৰমণ বুলি অভিহিত কৰিছে।
লগতে পঢ়ক: ‘মেক ইৰাণ গ্ৰেট এগেইন’; খামেনীইক ক্ষমতাৰ পৰা আঁতৰোৱাৰ ইংগিত ডনাল্ড ট্ৰাম্পৰ