ছিৰিয়াৰ ISIS ৰ বিৰুদ্ধে আমেৰিকাই আৰম্ভ কৰিলে অপাৰেচন হকআই ষ্ট্ৰাইক…

ছিৰিয়াত তিনিজন আমেৰিকানক হত্যা কৰাৰ পিছতে এক্সন মুডত আমেৰিকা। ছিৰিয়াৰ ISIS ৰ বিৰুদ্ধে আমেৰিকান সেনাৰ অপাৰেচন হকআই ষ্ট্ৰাইক।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নিৰ্দেশত ছিৰিয়াত ইছলামিক ষ্টেট (ISIS )ৰ বিৰুদ্ধে আমেৰিকান সেনাই বৃহৎ সামৰিক অভিযান আৰম্ভ কৰিছে।

ইয়াৰ নাম ৰখা হৈছিল অপাৰেচন হকআই ষ্ট্ৰাইক।এই অভিযান ১৩ ডিচেম্বৰত পালমাইৰাত আইছিছৰ আক্ৰমণৰ প্ৰতিশোধ,য’ত দুজন আমেৰিকান সৈনিক আৰু এজন অসামৰিক দোভাষী নিহত হৈছিল।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ছ’চিয়েল মিডিয়াত লিখিছে,’ছিৰিয়াত থকা সাহসী আমেৰিকান দেশপ্ৰেমিকসকলক আইছিছে নিৰ্মমভাৱে হত্যা কৰিছিল’।

‘মই ঘোষণা কৰিছো যে আমেৰিকাই দায়ী হত্যাকাৰী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অতি গুৰুতৰ প্ৰতিশোধমূলক ব্যৱস্থা গ্ৰহণ কৰিছে;।

‘আমি ছিৰিয়াত আইছিছৰ দুৰ্গসমূহত অতি কঠোৰ আক্ৰমণ চলাইছো।এই ঠাইখন তেজেৰে দাগ পৰা আৰু বহুতো সমস্যা আছে।যদি আইছিছক নিৰ্মূল কৰা হয় তেন্তে ইয়াৰ ভৱিষ্যত উজ্জ্বল’।

ইয়াৰ লগতে ট্ৰাম্পে কয় যে, ‘ছিৰিয়াৰ চৰকাৰ, যাৰ নেতৃত্ব এনে এজন ব্যক্তিয়ে কৰি আছে  যিয়ে ছিৰিয়ালৈ মহানতা ঘূৰাই আনিবলৈ অতি কঠোৰ পৰিশ্ৰম কৰি আছে;।

‘তেওঁ সম্পূৰ্ণ সমৰ্থনত আছে।যিসকল সন্ত্ৰাসবাদীয়ে আমেৰিকাক আক্ৰমণ কৰিছে, সেই সকলক সকীয়াই দিয়া হৈছে।যদি আপুনি আমেৰিকাক যি কোনো ধৰণে আক্ৰমণ কৰে অথবা ভাবুকি দিয়ে, তেন্তে পূৰ্বৰ তুলনাতকৈও অধিক আক্ৰমণ কৰা হ’ব’।

লগতে পঢ়ক: ওছমান হাদীৰ মৃত্যুৰ পিছতে জ্বলিছে বাংলাদেশ;দুটাকৈ সংবাদ প্ৰতিষ্ঠানত অগ্নি সংযোগ  

ইজৰাইল আৰু ছিৰিয়াৰ মাজত যুদ্ধবিৰতি ঘোষণা; অঞ্চলটোত শান্তিৰ আশা

ইজৰাইল আৰু ছিৰিয়াৰ মাজত যুদ্ধবিৰতি ঘোষণা

শনিবাৰে পুৱাই ছিৰিয়া আৰু ইজৰাইলৰ মাজত এক গুৰুত্বপূৰ্ণ যুদ্ধবিৰতি চুক্তি হৈছে। এই চুক্তিৰ কথা আমেৰিকাৰ ৰাষ্ট্ৰদূত টম বেৰেকে ঘোষণা কৰিছে।

দক্ষিণ ছিৰিয়াৰ ছুৱায়দা প্ৰদেশত ড্ৰুজ সংখ্যালঘু আৰু বেদুইন জনগোষ্ঠীৰ মাজত চলি থকা হিংসাত্মক সংঘৰ্ষৰ পিছত এই চুক্তি কৰা হৈছে। এই সংঘৰ্ষত শ শ লোক নিহত হোৱাৰ লগতে হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰে।

এই চুক্তিখনে তুৰ্কি, জৰ্ডান আৰু অন্যান্য চুবুৰীয়া দেশৰ সমৰ্থন লাভ কৰিছে, যিয়ে অঞ্চলটোত শান্তি আৰু প্ৰগতিৰ আশাৰ সৃষ্টি কৰিছে।

টম বেৰেকে ছ’চিয়েল প্লেটফৰ্ম এক্সত কৈছে যে, ‘ড্ৰুজ, বেডুইন আৰু চুন্নী সম্প্ৰদায়ক অস্ত্ৰ-শস্ত্ৰ এৰি আন সংখ্যালঘুৰ সৈতে যোগ দি এখন নতুন, সংযুক্ত ছিৰিয়া নিৰ্মাণ কৰক, যিয়ে ওচৰ-চুবুৰীয়াৰ লগত শান্তি আৰু সমৃদ্ধিৰে জীয়াই থাকে।’

তেওঁ অৱশ্যে চুক্তিখনৰ সবিশেষ সন্দৰ্ভত বিতংভাৱে কোৱা নাই।দেওবাৰৰ পৰা ছুৱেইদাত ড্ৰুজ মিলিচীয়া আৰু স্থানীয় চুন্নী বেদুইন জনগোষ্ঠীৰ মাজত সংঘৰ্ষ চলি আছিল ইয়াৰ পিছত ছিৰিয়াৰ সেনাই শান্তি পুনৰুদ্ধাৰৰ নামত ইয়াৰ মাজত জপিয়াই পৰে যদিও ইয়াক বেদুইন গোটসমূহক সমৰ্থন কৰা দেখা গ’ল।

ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ইজৰাইলে ড্ৰুজ সম্প্ৰদায়ক সুৰক্ষা প্ৰদানৰ বাবে ছিৰিয়াৰ সেনাবাহিনীৰ ওপৰত বিমান আক্ৰমণ চলায়।

ইজৰাইলৰ ড্ৰুজ সম্প্ৰদায়ক আনুগত্যশীল সংখ্যালঘু বুলি গণ্য কৰা হয়, যিসকলক প্ৰায়ে তাত থকা সেনাবাহিনীত বৃহৎ সংখ্যক অন্তৰ্ভুক্ত কৰা হয়।

এই সংঘৰ্ষত শ শ লোকৰ মৃত্যু হয় আৰু চৰকাৰী বাহিনীয়ে ড্ৰুজ সাধাৰণ নাগৰিকক হত্যা, লুটপাত আৰু ঘৰ জ্বলাই দিয়াৰ অভিযোগ উত্থাপন হয়।

লগতে পঢ়ক: BRICS ক ধমকি ডনাল্ড ট্ৰাম্পৰ; ‘জিনিয়াছ এক্ট’ সন্দৰ্ভত ডাঙৰ মন্তব্য

ছিৰিয়াৰ এটা গীৰ্জাত আত্মঘাটী বোমা বিস্ফোৰণ; ২০ তকৈও অধিক লোক নিহত

ছিৰিয়াৰ এটা গীৰ্জাত আত্মঘাটী বোমা বিস্ফোৰণ

বৰ্তমান সময়ত মধ্যপ্ৰাচ্যৰ দুখন দেশ ইজৰাইল আৰু ইৰাণৰ পাৰস্পৰিক সংঘাতে বিশ্বৰ দৃষ্টিগোচৰ কৰিছে। এতিয়া মধ্যপ্ৰাচ্যৰ আন এখন দেশ ছিৰিয়াত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।

ছিৰিয়াৰ এটা গীৰ্জাত আত্মঘাতী বোমা বিস্ফোৰণৰ ফলত ২০ জন লোকৰ মৃত্যু হয়।এই বিস্ফোৰণ সংঘটিত হৈছিল দামাস্কাছৰ উপকণ্ঠ অঞ্চলৰ ড্ৱেইলাত। ঘটনাৰ সময়ত বহু লোকে মাৰ ইলিয়াছ গীৰ্জাৰ ভিতৰত প্ৰাৰ্থনা কৰি আছিল।

ঘটনাত ISISৰ হাত?

স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে, ‘ডামাস্কাছৰ ড্ৱেলা অঞ্চলৰ ছেইণ্ট ইলিয়াছ চাৰ্চক লক্ষ্য কৰি সংঘটিত কৰা সন্ত্ৰাসবাদী আক্ৰমণত মৃত্যুৰ সংখ্যা ২০লৈ বৃদ্ধি পাইছে আৰু ৫২ জন আহত হৈছে।

কোনো সংগঠনে এই কাণ্ডৰ দায়িত্ব স্বীকাৰ কৰা নাই যদিও দেশখনৰ স্বৰাজ মন্ত্ৰালয়ে ইছলামিক ষ্টেটৰ (আইছিছ) এজন সদস্য জড়িত বুলি কয়।

স্বৰাজ মন্ত্ৰালয়ৰ বিবৃতি

এই ঘটনা সন্দৰ্ভত দেশখনৰ স্বৰাজ মন্ত্ৰালয়ে এক বিবৃতিত কয় যে, ‘আইছিছ সন্ত্ৰাসবাদী সংগঠনৰ এজন আত্মঘাতী বোমাৰু ছেইণ্ট ইলিয়াছে প্ৰথমে হাতত অস্ত্ৰ লৈ প্ৰৱেশ কৰে।

তাৰ পিছতেই তেওঁ গুলী চলাবলৈ আৰম্ভ কৰিলে। বহু লোকে তেওঁক ৰখাবলৈ চেষ্টা কৰাৰ সময়তে বিস্ফোৰক বেল্টেৰে নিজকে উৰুৱাই দিলে’।

ঘটনাটোৰ পিছত স্থানীয় ৰাইজে আহতসকল ততাতৈয়াকৈ চিকিৎসায়ললৈ প্ৰেৰণ কৰে। ছিৰিয়াৰ তথ্য মন্ত্ৰী হামজা মুস্তাফাই এই আক্ৰমণক গৰিহণা দি ইয়াত সন্ত্ৰাসবাদী আক্ৰমণ বুলি অভিহিত কৰিছে।

লগতে পঢ়ক: ‘মেক ইৰাণ গ্ৰেট এগেইন’; খামেনীইক ক্ষমতাৰ পৰা আঁতৰোৱাৰ ইংগিত ডনাল্ড ট্ৰাম্পৰ

পুনৰ গৃহযুদ্ধৰ দিশে ছিৰিয়া; সংঘৰ্ষত বৰ্তমানলৈকে ১,০০০ লোকৰ মৃত্যু

বৰ্তমান ছিৰিয়াৰ পৰিস্থিতি গুৰুতৰ হৈ আছে।দেশ ত্যাগ কৰা ৰাষ্ট্ৰপতি বাছাৰ আল-আসাদৰ অনুগত আৰু নিৰাপত্তা বাহিনীৰ মাজত দুদিন ধৰি চলি থকা যুঁজত নিহত লোকৰ সংখ্যা ১,০০০ তকৈও অধিক হৈছে।

মৃতসকলৰ ভিতৰত প্ৰায় ৭৫০ জন অসামৰিক লোক আছে।১৪ বছৰ পূৰ্বে সংঘৰ্ষ আৰম্ভ হোৱাৰ পিছত এইটো ছিৰিয়াত সংঘটিত হিংসাত্মক ঘটনাবোৰৰ ভিতৰত এটা।

ব্ৰিটিছ মানৱ অধিকাৰ সংগঠন ‘ছিৰিয়ান অবজাৰ্ভেটৰী ফৰ হিউমেন ৰাইটছ’-এ কয় যে ৭৪৫ জন সাধাৰণ লোকৰ উপৰিও চৰকাৰী নিৰাপত্তা বাহিনীৰ ১২৫ জন সদস্য আৰু ১৪৮ জন উগ্ৰপন্থীও নিহত হৈছে।

মানৱ অধিকাৰ সংগঠনটোৱে লগতে জনাইছে যে উপকূলীয় চহৰ লাটাকিয়াৰ চাৰিওফালৰ বৃহৎ অঞ্চলত বিদ্যুৎ নাই আৰু তাৰ স্থানীয় লোক সকলে খোৱা পানীৰ অভাৱৰ সন্মুখীন হৈছে।

ইয়াৰ লগতে, বহুতো দোকান বন্ধ হৈ পৰিছে। তিনি মাহ পূৰ্বে, আসাদ চৰকাৰে ছিৰিয়াত পদত্যাগ কৰিব লগা হৈছিল আৰু বিদেশলৈ পলাই যাব লগা হৈছিল।

বিদ্ৰোহীসকলে নিয়ন্ত্ৰণ লোৱাৰ তিনি মাহ পিছত বুধবাৰে এই সংঘৰ্ষ সংঘটিত হয়, যি চৰকাৰৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হিচাপে প্ৰমাণিত হয়।

চৰকাৰে কৈছে যে তেওঁলোকে আসাদৰ সমৰ্থকৰ দ্বাৰা সংঘটিত আক্ৰমণৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি আছে।চৰকাৰে দাবী কৰি আছে যদিও হিংসা নিয়ন্ত্ৰণত অসফল প্ৰমাণিত হৈছে।

‘আমি প্ৰতিদিনে বোমা আৰু মিছাইলৰ শব্দ শুনিছিলো’, ছিৰিয়াৰ পৰা উভতি অহা ৪ ভাৰতীয়ই ক’লে পৰিস্থিতিৰ কথা

ছিৰিয়াৰ  যুদ্ধৰ মাজত আৱদ্ধ হৈ থকা চাৰিজন ভাৰতীয় নাগৰিক ইতিমধ্যে ভাৰতলৈ উভতি আহিছে। ভাৰতীয় দূতাবাসে তেওঁলোকক চিৰিয়াৰ পৰা উলিয়াই দিল্লী বিমানবন্দৰলৈ লৈ আহিছে।

দেশলৈ উভতি অহাৰ পিছত, এই নাগৰিকসকলে চিৰিয়াৰ পৰিস্থিতি বৰ্ণনা কৰিছে। আইজিআই বিমানবন্দৰত উপস্থিত হোৱা এজন ভাৰতীয় নাগৰিকে কয়, “মই ১৫-২০ দিন পূৰ্বে তালৈ গৈছিলো।

“ভাৰতীয় দূতাবাসে আমাক স্থানান্তৰ কৰিছিল। প্ৰথমে আমি লেবানন আৰু তাৰ পিছত আজি আমি দিল্লী পাইছো। আমি আমাৰ দেশত উপস্থিত হৈ আনন্দিত। ভাৰতীয় দূতাবাসে আমাক যথেষ্ট সহায় কৰিছিল। “

ভাৰতীয় সকলো নাগৰিকক ইতিমধ্যে ছিৰিয়াৰ পৰা স্থানান্তৰিত কৰিছে, যিসকলে ৰাষ্ট্ৰপতি বাছাৰ আসাদৰ চৰকাৰ উৎখাত হোৱাৰ পিছত ঘৰলৈ উভতিব বিচাৰিছিল।মঙলবাৰে ভাৰতীয় নাগৰিকসকলক ছিৰিয়াৰ পৰা স্থানান্তৰ কৰিছিল।

ছিৰিয়াৰ পৰা উভতি অহা এজন ভাৰতীয় নাগৰিকে দিল্লী বিমানবন্দৰত কয়, “আমি আমাৰ দূতাবাসৰ সৈতে যোগাযোগ কৰিছিলো আৰু তেওঁলোকে আমাক প্ৰথমে দামাস্কাচলৈ মাতিছিল।আমি তাত ২-৩ দিন থাকিলোঁ, তাৰ পিছত আমাক বৈৰুতলৈ লৈ যোৱা হ’ল।তাত পৰিস্থিতি অতি গুৰুতৰ। প্ৰতিদিনে আমি ৰকেট আৰু গুলীবৰ্ষণৰ শব্দ শুনিছিলো”।

উল্লেখ্য যে বিদ্ৰোহীসকলে ছিৰিয়াৰ আন কেইবাখনো মুখ্য চহৰ দখল কৰাৰ পিছত ৰাজধানী দামাস্কাচ নিয়ন্ত্ৰণ লৈছিল। বিদ্ৰোহী গোট হায়াত তাহবিৰ আল-শ্বামে (এইচটিএছ) দামাস্কাচৰ নিয়ন্ত্ৰণ লোৱাৰ পিছত আসাদ দেশৰ পৰা পলাই যায়,ইয়াৰ ফলত তেওঁৰ পৰিয়ালৰ ৫০ বছৰীয়া শাসনৰ অৱসান ঘটিল।

ছিৰিয়া সংঘাতৰ সুযোগ লৈছে ইজৰাইলে, লক্ষ্য কৰি লৈছে ছিৰিয়াৰ বহু কেইখন চহৰ !

ছিৰিয়াত বাছাৰ আল আছাদক ক্ষমতাৰ পৰা উৎখাত কৰা হৈছে। বিদ্ৰোহী সংগঠনে বাছাৰ আল আছাদৰ চৰকাৰক পৰাস্ত কৰিছিল।ইয়াৰ পিছত তেওঁ দেশ এৰি ৰাছিয়াত আশ্ৰয় লয়। এতিয়া সময়ৰ জৰুৰীতাক বিবেচনা কৰি ইজৰাইলে ছিৰিয়াত তীব্ৰ আক্ৰমণ চলাইছে।ইয়াৰ পূৰ্বে ইজৰাইলী সেনাই ছিৰিয়াৰ গোলানো দখল কৰিছিল।ইজৰাইলে ছিৰিয়াৰ বায়ু প্ৰতিৰক্ষাৰ যথেষ্ট ক্ষতিসাধন কৰিছে আৰু ইয়াৰ পৃষ্ঠৰ পৰা আকাশলৈ ক্ষেপণাস্ত্ৰ ধ্বংস কৰিছে।বিশেষকৈ বাছাৰ আল আছাদক ক্ষমতাৰ পৰা অপসাৰণৰ সম্ভাৱনাৰ পোহৰত ছিৰিয়াৰ পৰিস্থিতিৰ মূল্যায়ন কৰি আছে বুলি আইডিএফে কয়

এই আক্ৰমণত ছিৰিয়াৰ কেইবাটাও বিমানবন্দৰকো লক্ষ্য কৰি লোৱা হৈছিল। উত্তৰ ডামাস্কাছৰ ওচৰৰ টি ৪ বিমানবন্দৰ যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে, যাৰ বাবে তাত নিয়োজিত ছু-২২ আৰু ছু-২৪ যুদ্ধ বিমান সম্পূৰ্ণৰূপে ধ্বংস হৈছে। আৰু তিনিটা যুঁজাৰু স্ক্ৱাড্ৰন থকা "ব্লে" বিমান ঘাটি আৰু ওচৰৰ অস্ত্ৰ গুদাম এটাও ইজৰাইলী আক্ৰমণৰ ফলত ক্ষতিগ্ৰস্ত হয়। 

ক্ৰমান্বয়ে উত্তেজনা বৃদ্ধি পাইছে মধ্য প্ৰাচ্যত, ছিৰিয়াত পতন হ’ল আল আছাদৰ চৰকাৰ

ক্ৰমান্বয়ে উত্তেজনা বৃদ্ধি পাইছে মধ্য প্ৰাচ্যত। ছিৰিয়া যুদ্ধৰ ভয়ংকৰ পৰিণতি। ছিৰিয়াত পতন হ’ল বাচাৰ আল আছাদৰ চৰকাৰৰ। আল আছাদে ছিৰিয়াৰ পৰা পলায়ন কৰি বৰ্তমান ৰাছিয়াৰ ৰাজধানী মস্কোত থকাৰ খবৰ। ২০১১ চনৰ আৰৱ স্প্ৰীঙৰ সময়ৰ পৰা আৰম্ভ হোৱা গৃহযুদ্ধই বৰ্তমান ভয়ংকৰ ৰূপ লয় যাৰ পৰিণতিত আল আছাদৰ চৰকাৰ ভংগ হয়।

কিদৰে ছিৰিয়াত সংঘটিত হ’ল এই পৰিৱৰ্তন ?
২০১১ চনৰ আৰৱ স্প্ৰীঙৰ সময়ৰ পৰা আৰম্ভ হোৱা এই গৃহযুদ্ধ বিগত এটা সম্তাহত ভয়ংকৰ পৰিস্থিতিৰ ৰূপ ধাৰণ কৰিছিল। মাত্ৰ এটা সপ্তাহ পূৰ্বে ছিৰিয়া সম্পূৰ্ণৰূপে দখল কৰিলে বিদ্ৰোহীয়ে।

ছিৰিয়াৰ এই বিদ্ৰোহৰ আঁৰত কোন জড়িত হৈ আছে ?
ছিৰিয়াৰ এই বিদ্ৰোহৰ নেতৃত্ব লৈছিল হায়াত তাহৰিৰ আলছাম নামৰ সংগঠনটোৱে। হায়াত তাহৰিৰ আলছামৰ লগতে আন বহুতো বিদ্ৰোহী একলগ হৈছিল আৰু গঠন কৰিছিল ছিৰিয়ান নেশ্যনেল আৰ্মী। এই বিদ্ৰোহী সংগঠনসমূহে প্ৰথমতে যুদ্ধ আৰম্ভ কৰে ইডলিবৰ পৰা আৰু বিদ্ৰোহ আৰম্ভ কৰিয়েই দখল কৰে ছিৰিয়াৰ আলেপ্পো চহৰ। কম সময়ৰ ভিতৰত ছিৰিয়াৰ ৰাজধানী ডামাছকাছ দখল কৰে বিদ্ৰোহীয়ে। হায়াত তাহৰিৰ আলছামৰ নেতৃত্ব দিছিল আবু মহম্মদ আল জোলানীয়ে।

ছিৰিয়াত এই বিদ্ৰোহৰ আৰম্ভণী কেনেকৈ হৈছিল?

বিগত ৫৩ বছৰ ধৰি ছিৰিয়াত শাসন কৰিছিল আল আছাদৰ পৰিয়ালে। ২০১১ চনত ছিৰিয়াত আৰৱ স্প্ৰীঙৰ সময়ত আৰম্ভ হয় গৃহযুদ্ধ। আছাদ পৰিয়ালৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহে ছিৰিয়াৰ জনতা। ইয়াৰ পাছত ছিৰিয়াৰ পৰিৱেশ অতি ভয়ংকৰ হৈ পৰে। ISISৰ সন্ত্ৰাসবাদৰ বাবেই ক্ৰমান্বয়ে অশান্ত হৈ পৰে ছিৰিয়া। বাচাৰ আল আছাদে সহায় বিচাৰে ৰাছিয়াৰ পৰা। পুটিনৰ সহায়ত আছাদে পৰাস্ত কৰে ISISক আৰু শক্তিশালী হৈ পৰে ছিৰিয়ান সেনা। কিন্তু ছিৰিয়াৰ এই ঘটনাৰ লগত জড়িত হৈ আছে আন্তৰাষ্ট্ৰীয় শক্তি। ৰাছিয়া, আমেৰিকা, ইৰাণ, তুৰ্কী, ইজৰাইল সকলোৰে স্বাৰ্থ আছে ছিৰিয়াত। ছিৰিয়াক সহায় কৰিছিল ইৰান চৰকাৰ আৰু হিজবুল্লাই। ইজৰাইল আৰু ইৰাণৰ যুদ্ধৰ ফলত দুৰ্বল হৈ পৰিল হিজবুল্লা। ৰাছিয়া ব্যস্ত হৈ থাকিল ইউক্ৰেইনৰ লগত। আমেৰিকাই সহায় কৰিলে বিদ্ৰোহীক। তুৰ্কীৰো সহায় লাভ কৰিলে বিদ্ৰোহীয়ে আৰু দখল কৰিলে ছিৰিয়া। ইফালে বিপদৰ সময়ত আছাদৰ সংগ নেৰিলে পুটিনে। আছদ আৰু পৰিয়ালক শৰণ দিলে ৰাছিয়াই।

ৰাষ্ট্ৰপতি পলায়নৰ লগে লগে আমেৰিকাই ছিৰিয়াত বোমা নিক্ষেপ ; আমেৰিকাই ক’লে আক্ৰমণৰ কাৰণ

ছিৰিয়াৰ বিদ্ৰোহীসকলে দেশখনৰ ৰাজধানী দামাস্কাছ আৰু ৰাষ্ট্ৰপতি বাছাৰ আল-আসাদৰ ৰাজকীয় প্ৰাসাদ দখল কৰিছে।

৫৯ বছৰীয়া স্বৈৰাচাৰী ৰাষ্ট্ৰপতি বাছাৰ আল-আসাদে যুদ্ধবিধ্বস্ত দেশ ছিৰিয়া ত্যাগ কৰি মস্কোত উপস্থিত হৈছে। য’ত তেওঁক ৰাছিয়াই আশ্ৰয় দিছে।

একে সময়তে, আমেৰিকাই বিদ্ৰোহীসকলৰ দখলৰ মাজতে ছিৰিয়াত ইছলামিক ষ্টেট (আইএছআইএছ)ৰ ঠিকনাত কেইবাটাও বিমান আক্ৰমণ চলাইছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেন্দ্ৰীয় কমাণ্ডে কৈছিল যে তেওঁলোকৰ সুৰক্ষা বাহিনীয়ে দেওবাৰে মধ্য ছিৰিয়াত ইছলামিক ষ্টেটৰ অৱস্থান সমূহত ১২খনতকৈও অধিক বিমানেৰে আক্ৰমণ চলাইছিল।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিমান আক্ৰমণৰ উদ্দেশ্য হৈছে যুদ্ধবিধ্বস্ত দেশখনত ইছলামিক ষ্টেটৰ পুনৰ উত্থান প্ৰতিহত কৰা।

এই অভিযানত বি-১৫, এফ-১০ আৰু এ-৭৫কে ধৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ু সেনা বাহিনীক ব্যৱহাৰ কৰি ৭৫ টাতকৈও অধিক লক্ষ্যত আক্ৰমণ কৰা হৈছে। আমেৰিকাই চিৰিয়াত আইএছআইএছৰ বৰ্ধিত আধিপত্য বন্ধ কৰিবলৈ আক্ৰমণ অব্যাহত ৰাখিব।

জেনেৰেল মাইকেল এৰিক কুৰিলাই কৈছিল, ‘কোনো সন্দেহ থাকিব নালাগে যে আমি আইএছআইএছক পুনৰ গোট খাবলৈ আৰু ছিৰিয়াৰ সাম্প্ৰতিক পৰিস্থিতিৰ সুযোগ ল’বলৈ নিদিওঁ”।

“ছিৰিয়াৰ সকলো গোটে জানিব লাগে যে যদি তেওঁলোকে যিকোনো প্ৰকাৰে আইএছআইএছৰ সৈতে অংশীদাৰী বা সমৰ্থন কৰে, তেন্তে আমি তেওঁলোকক কঠোৰ সঁহাৰি দিম” বুলিও তেওঁ মন্তব্য কৰে।

ৰাষ্ট্ৰপতিয়ে দেশৰ পৰা পলায়ন কৰাৰ লগে লগে ছিৰিয়াৰ বিদ্ৰোহীসকলে আসাদৰ শাসনকালত কেইবা দশক ধৰি কাৰাগাৰত বন্দী হৈ থকা শ শ বন্দীক মুকলি কৰি দিয়ে। এই উৎসৱৰ পৰিৱেশত, কিছুমান লোকে তাত থকা দোকান বোৰো ভাঙি শেষ কৰি দিছে।  

বিদ্ৰোহীসকলে কাৰ্ফিউ ঘোষণা কৰাৰ পূৰ্বেই চহৰখনৰ মানুহে অত্যাৱশ্যকীয় সামগ্ৰী লৈ গুচি গৈছিল। চিৰিয়াৰ বিভিন্ন স্থানত আসাদ আৰু তেওঁৰ পৰিয়ালৰ পোষ্টাৰ, বেনাৰৰ লগতে মূৰ্তিসমূহো ভাঙি পেলাইছে।

ছিৰিয়াৰ ৰাষ্ট্ৰপতি ভৱনত বিদ্ৰোহীসকলে চলালে তাণ্ডৱ, ভাঙিলে বাছাৰৰ পিতৃৰ প্ৰতিমূৰ্তি , চলালে লুটপাট

ছিৰিয়াৰ ৰাষ্ট্ৰপতি বাছাৰ আল-আসাদে চলিত গৃহযুদ্ধৰ মাজতে দেশৰ পৰা পলাই গৈছে। তাৰ পিছত বিদ্ৰোহীসকলে দেওবাৰে ৰাজধানী দামাস্কাচ দখল কৰে। ৰাষ্ট্ৰপতি পলাই যোৱাৰ লগে লগে ৰাষ্ট্ৰপতি ভৱনত  এটা দল প্ৰৱেশ কৰে আৰু তাত থকা সামগ্ৰীবোৰ লুটি লৈ যায়।

ছিৰিয়াৰ ৰাষ্ট্ৰপতি বাছাৰ আল-আছৰৰ পৰিয়ালে ৫০ বছৰৰো অধিক সময় ধৰি শাসনত আছে। তেওঁৰ দেউতাক হাফেজ আল-আসাদ ২৯ বছৰ ধৰি ৰাষ্ট্ৰপতি আছিল। তেওঁৰ মৃত্যুৰ পিছত বাছাৰে ২০০০ চনত চিৰিয়াৰ দায়িত্ব গ্ৰহণ কৰে।

এই ঘটনাৰ পিছত ছিৰিয়াৰ প্ৰধানমন্ত্ৰী মহম্মদ গাজী আল-জালালীয়ে এক বিবৃতি জাৰি কৰি কয় যে চৰকাৰে জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত যিকোনো নেতৃত্বৰ সৈতে সহযোগিতা কৰিবলৈ সম্পূৰ্ণৰূপে প্ৰস্তুত।

ছিৰিয়াৰ প্ৰধানমন্ত্ৰী মহম্মদ গাজী আল-জালালীয়ে কয়, “মই ঘৰত আছোঁ, মই এৰি যোৱা নাই, আৰু মই এৰি যোৱাৰো ইচ্ছা নাই।মই শান্তিপূৰ্ণভাৱে ইয়াৰ পৰা ওলাই আহিব বিচাৰো”।

প্ৰধানমন্ত্ৰী মহম্মদ গাজী আল-জালালীয়ে ছিৰিয়াৰ সকলো নাগৰিকক দেশখনৰ কোনো ৰাজহুৱা সম্পত্তি ক্ষতি নকৰিবলৈ আহ্বান জনাইছে। জালালীয়ে কৈছে এই সম্পত্তিবোৰ আপোনালোকৰ।

প্ৰতিবাদকাৰী হায়াত তাহৰীৰ আল-শ্বামে (এইচটিএছ) এক বিবৃতি দি কয়, “আমি ২০২৪ চনৰ ১২ ডিচেম্বৰত এই অন্ধকাৰ যুগৰ সমাপ্তি আৰু ছিৰিয়াত এক নতুন যুগৰ আৰম্ভণি ঘোষণা কৰিছো।”

এইচটিএছে কৈছিল যে “আসাদক উৎখাত কৰা হৈছে আৰু দেশখনত নিৰ্দিষ্ট আধিপত্য বিস্তাৰ নাথাকিব”।

২০১১ চনত আল-আসাদৰ শাসনৰ বিৰুদ্ধে বিদ্ৰোহ হিচাপে ছিৰিয়াৰ যুদ্ধ আৰম্ভ হৈছিল আৰু অতি সোনকালে ই এক সম্পূৰ্ণ সংঘৰ্ষলৈ পৰিণত হৈছিল য’ত বিদেশী বাহিনীও যোগদান কৰিছিল।

পৃথিৱীৰ আটাইতকৈ ডাঙৰ শৰণাৰ্থী সংকটত লাখ লাখ লোকৰ মৃত্যু হৈছিল আনহাতে লাখ লাখ মানুহে তেওঁলোকৰ ঘৰএৰি পলাই যাবলৈ বাধ্য হৈছিল।