হাস্পতালত ভৰ্তি সূৰ্যকুমাৰ যাদৱ
চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ভাৰতৰ টি-২০ৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱক। জাৰ্মানীৰ মিউনিখত এখন হাস্পতালত চিকিৎসাধীন হৈ আছে যাদৱ।
জানিব পৰা মতে পেটৰ তলৰ সোঁ অংশৰ হাৰ্নিয়াৰ অস্ত্ৰোপচাৰ কৰা হৈছে সূৰ্যকুমাৰ যাদৱৰ। আই পি এল ২০২৫ আৰু মুম্বাই টি-২০ লীগত খেলাৰ পাছত সূৰ্যকুমাৰ হাৰ্নিয়া অপাৰেচনৰ বাবে মিউনিখলৈ যোৱাৰ পূৰ্বে পত্নী দেৱশাৰ সৈতে ইউৰোপত আছিল।
সূৰ্য্যকুমাৰে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এই তথ্য দিছে। এটা পোষ্টত ক্ৰিকেটাৰ গৰাকীয়ে লিখিছে, ‘লাইফ আপডেট: পেটৰ তলৰ সোঁ অংশত স্প’ৰ্টছ হাৰ্নিয়াৰ বাবে অস্ত্ৰোপচাৰ কৰা হৈছে।আপোনালোকক জনাবলৈ পাই সুখী যে সহজ অস্ত্ৰোপচাৰৰ পিছত ইতিমধ্যে মই সুস্থ হোৱাৰ পথত আগবাঢ়িছো। ঘূৰি আহিবলৈ ৰৈ থাকিব নোৱাৰি।’
এইবাৰ দ্বিতীয়বাৰৰ বাবে সূৰ্য্যকুমাৰৰ স্প’ৰ্টছ হাৰ্নিয়াৰ অস্ত্ৰোপচাৰ কৰিছে।২০২৪ চনৰ ১৭ জানুৱাৰীত মিউনিখত তেওঁৰ গ্ৰাইণ্ডত একেধৰণৰ হাৰ্নিয়া সমস্যাৰ বাবে অস্ত্ৰোপচাৰ কৰা হৈছিল।
২০২৩ চনৰ ডিচেম্বৰ মাহত ভাৰতৰ দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ সময়ত তেওঁৰ ভৰিৰ গোৰোহাত আঘাতৰ বাবে অস্ত্ৰোপচাৰ কৰাৰ কিছু সময়ৰ পিছতে এই কথা ঘটিছিল।
সূৰ্যকুমাৰে শেষবাৰৰ বাবে ভাৰতৰ হৈ ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন খেলৰ টি-২০ শৃংখলাত খেলিছিল, যিখন খেলত আয়োজক দলটোৱে চলিত বৰ্ষৰ আৰম্ভণিতে ৪-১ ৰ ব্যৱধানত জয়লাভ কৰিছিল।
৩৪ বছৰীয়া সোঁহাতৰ বেটছমেনগৰাকীয়ে চলিত বৰ্ষত আই পি এলত মুম্বাই ইণ্ডিয়ানছৰ হৈ ১৬ ইনিংছত ৭১৭ ৰান সংগ্ৰহ কৰি ২০২৫ চনৰ আই পি এলত দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হয়।
লগতে পঢ়ক: পৰাজয়ৰ পিছত ভাৰতৰ ডাঙৰ সিদ্ধান্ত; দলৰ পৰা বাদ পৰিল হৰ্ষিত ৰাণা