ৱাকফ আইনক লৈ উচ্চতম ন্যায়ালয়ৰ অন্তৰ্ৱতীকালীন ৰায়দান
ৱাকফ (সংশোধনী) আইনক প্ৰত্যাহ্বান জনোৱা আবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ অন্তৱৰ্তীকালীন ৰায়দান । সমগ্ৰ আইনখন নিষিদ্ধ কৰিবলৈ আদালতে স্পষ্টভাৱে অস্বীকাৰ কৰিছে । কিন্তু কিছুমান ধাৰাত স্থগিতাদেশ আৰোপ কৰা হৈছে, যাৰ ওপৰত বহু মুছলমান নেতাই সুখ প্ৰকাশ কৰিছে ।
ভাৰতৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাই আৰু ন্যায়াধীশ অগাস্টিন জৰ্জ মাছিৰ বিচাৰপীঠে আজি অন্তৱৰ্তীকালীন আদেশ গৃহীত কৰে । আদালতে স্বীকাৰ কৰে যে সমগ্ৰ সংশোধনী স্থগিত ৰখাৰ কোনো গোচৰ নাই যদিও কিছুমান বিধান স্থগিত ৰখা হৈছে । ইয়াৰ ভিতৰত ৩(গ), ৩(ঘ), ৩(ঙ) ধাৰা অন্তৰ্ভুক্ত আছে ।
এই বিধানসমূহৰ ওপৰত স্থগিতাদেশ-
-উচ্চতম ন্যায়ালয়ে ৱাকফ সংশোধনী আইন ২০২৫ৰ সেই বিধানৰ ওপৰত স্থাগিতাদেশ জাৰি কৰিছে যি নিয়ম অনুসৰি ৱাকফ সৃষ্টি কৰিবলৈ এজন ব্যক্তিয়ে ৫ বছৰ ইছলামৰ অনুগামী হ’ব লাগিছিল । কোনো ব্যক্তি ইছলামৰ অনুগামী নে নহয় সেইটো নিৰ্ণয় কৰিবলৈ ৰাজ্য চৰকাৰে নিয়ম প্ৰণয়ন নকৰালৈকে এই ব্যৱস্থা স্থগিত ৰখা হ’ব ।
-ন্যায়ালয়ে নিৰ্দেশ দিছে যে যিমানদূৰ সম্ভৱ ৱাকফ ব’ৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া মুছলমান হ’ব লাগে । এই সন্দৰ্ভত আদালতে কোনো নিৰ্দেশ দিয়া নাই । বৰঞ্চ ই নিজৰ পৰামৰ্শ দিছে ।
-ইয়াৰ লগতে ব’ৰ্ডৰ মুঠ ১১ জন সদস্যৰ ভিতৰত ৩ জনতকৈ অধিক অমুছলমান সদস্য নাথাকিব । ইয়াকো সকাহৰ সিদ্ধান্ত বুলি গণ্য কৰা হৈছে । আনহাতে পৰিষদত ৪ জন অমুছলমান সদস্য থকাৰ অনুমোদন দিয়া হৈছে ।
-উচ্চতম ন্যায়ালয়ে ৱাকফৰ সম্পত্তিৰ বাধ্যতামূলক পঞ্জীয়ন নিষিদ্ধ কৰিবলৈ অস্বীকাৰ কৰিছে, কাৰণ পূৰ্বৰ আইনসমূহতো এই দিশটো উপস্থিত আছিল । আদালতে নিজৰ আদেশত এই দিশটো লক্ষ্য কৰি লোৱা বুলি জানিবলৈ দিয়ে ।
-উচ্চতম ন্যায়ালয়ে নিজৰ সিদ্ধান্তত স্পষ্ট কৰি দিছে যে সংগ্ৰাহক বা কাৰ্যবাহীক সম্পত্তিৰ অধিকাৰৰ সিদ্ধান্ত ল’বলৈ দিয়া হোৱা নাই । আদালতে কয় যে ৱাকফৰ সম্পত্তিৰ চূড়ান্ত সিদ্ধান্ত ৱাকফ ন্যায়াধিকৰণ আৰু উচ্চ ন্যায়ালয়ে ধাৰা ৩(গ)ৰ অধীনত নোলোৱালৈকে ৱাকফক সম্পত্তিৰ পৰা উচ্ছেদ কৰা নহ’ব । ইয়াৰ লগতে আদালতৰ সিদ্ধান্ত নোপোৱালৈকে ৰাজহ ৰেকৰ্ডত কোনো ধৰণৰ হস্তক্ষেপ নহ’ব । অৰ্থাৎ এতিয়া সংগ্ৰাহকৰ সিদ্ধান্তই প্ৰমাণ নকৰে যে সম্পত্তিটো ৱাকফ বা নহয় ।
এই সকলোবোৰ বিধানক লৈ আইনখন বলবৎ হোৱাৰ পিছৰে পৰা বিতৰ্কৰ সৃষ্টি হৈছিল । এতিয়া উচ্চতম ন্যায়ালয়ে এইবোৰৰ ওপৰত অন্তৱৰ্তীকালীন স্থগিতাদেশ দিয়াৰ লগে লগে মুছলমান পক্ষই ইয়াক সকাহ হিচাপে লৈছে ।
আনহাতে ৱাকফ আইন কাৰ্যকৰী হোৱাৰ লগে লগে বহু লোকে উচ্চতম ন্যায়ালয়ৰ দুৱাৰত টোকৰ মাৰে । ইয়াৰ লগতে আইনখনৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰাৰ দাবী উত্থাপন কৰা হয় । এই সন্দৰ্ভত সমগ্ৰ দেশতে প্ৰতিবাদো দেখা যায় । এই গোচৰৰ শুনানি গ্ৰহণ কৰি আজি উচ্চতম ন্যায়ালয়ে ৰায় দিয়ে । ইয়াৰ লগতে ই স্পষ্টভাৱে অস্বীকাৰ কৰিছে যে তেওঁলোকে এই আইনখনৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ নকৰে ।