আজি বছৰৰ আটাইতকৈ দীঘল দিন
২১ জুন বছৰৰ এনেকুৱা এটা দিন যেতিয়া পৃথিৱীৰ উত্তৰ গোলাৰ্ধ সূৰ্য্যৰ ফালে বেছি হেলনীয়া হয় । এই দিনটোক ‘গ্রীষ্মকালীন অনন্তকাল’ বুলি কোৱা হয় ৷ ২০২৫ চনত এই জ্যোতিৰ্বিজ্ঞানৰ ঘটনা ২১ জুন তাৰিখে পুৱা ৮:১২ বজাত (ভাৰত সময় অনুসৰি) সংঘটিত হৈছে । এই দিনটোত সূৰ্য্যই সৰ্বোচ্চ স্থানত বিশেষকৈ ট্ৰপিক অৱ কেন্সাৰৰ ওপৰত উপনীত হয় আৰু ইয়াৰ বাবেই আটাইতকৈ দীঘল দিন হয় । ভাৰত, আমেৰিকা আৰু ইউৰোপৰ দৰে দেশত এই দিনটোত সূৰ্য্য আকাশত আটাইতকৈ বেছি সময় থাকে । আনহাতে উত্তৰ মেৰুত গোটেই দিনটোৰ বাবে সূৰ্য্য অস্ত নাযায় । বৈজ্ঞানিকভাৱে চালে পৃথিৱী ২৩.৫ ডিগ্ৰী হেলনীয়া হোৱাৰ বাবেই এই পৰিঘটনা সংঘটিত হয় । এই প্ৰৱণতাই পৃথিৱীত বতৰৰ সৃষ্টি কৰে আৰু এনেধৰণৰ পৰিঘটনা সম্ভৱ হৈ উঠে ।
২১ জুন কিয় আটাইতকৈ দীঘলীয়া দিন ?
পৃথিৱীৰ কক্ষপথ বৃত্তাকাৰ নহয় বৰঞ্চ উপবৃত্তাকাৰ । এবছৰত পৃথিৱীয়ে প্ৰায় ৩৬৫.২৫ দিনত সূৰ্য্যৰ চাৰিওফালে এটা ঘূৰ্ণন সম্পূৰ্ণ কৰে । এই কাৰণেই প্ৰতি চাৰি বছৰৰ মূৰে মূৰে এটা লীপ ইয়েৰ আহে, যাতে কেলেণ্ডাৰখন পৃথিৱীৰ গতিৰ লগত ভাৰসাম্য ৰক্ষা কৰি থাকে ।
উত্তৰ গোলাৰ্ধ যেতিয়া সূৰ্য্যৰ ফালে হেলনীয়া হয়, তেতিয়া ইয়াৰ ৰশ্মি পৃথিৱীৰ সেই অংশত অধিক প্ৰত্যক্ষভাৱে আৰু অধিক সময়ৰ বাবে পৰে । এই কাৰণেই দীঘল দিন আৰু ৰাতি চুটি হয় । এই হেলনীয়া বৃদ্ধি হোৱাৰ লগে লগে ইয়াৰ প্ৰভাৱ অথবা দীঘল দিন মেৰু অঞ্চলত অধিক দেখা যায় ।
উদাহৰণস্বৰূপে, আৰ্কটিক চাৰ্কলত এই দিনটোত ২৪ ঘন্টা সূৰ্য্যৰ পোহৰ থাকে । ইয়াক ‘মাজনিশাৰ সূৰ্য্য’ বুলি কোৱা হয় । কিন্তু ইয়াৰ বিপৰীতে এন্টাৰ্কটিক বৃত্ত অৰ্থাৎ দক্ষিণ মেৰু অঞ্চলত ২১ জুনত সূৰ্য্য সম্পূৰ্ণৰূপে লুকাই থাকে । এটা ‘পোলাৰ নাইট’ যি কেইবাদিনো বা সপ্তাহ ধৰি থাকিব পাৰে ।
এন্টাৰ্কটিকাত ৰাতি কিয় ?
উত্তৰ গোলাৰ্ধ যেতিয়া সূৰ্য্যৰ ফালে হেলনীয়া হয় তেতিয়া দক্ষিণ গোলাৰ্ধ ইয়াৰ পৰা আঁতৰত থাকে। এনে পৰিস্থিতিত এন্টাৰ্কটিকাই সূৰ্যৰ পোহৰ একেবাৰেই নাপায় । তাত সূৰ্য্য দিগন্তৰ তলত আৰু গোটেই দিনটো পোহৰ নাথাকে । এই আন্ধাৰে তাত থকা জীৱনশৈলী আৰু পৰিৱেশ দুয়োটাকে প্ৰভাৱিত কৰে ।
ইয়াৰ প্ৰভাৱ পেংগুইন আৰু ছীলৰ দৰে জীৱ-জন্তুৰ ওপৰতো পৰে । ইহঁতৰ শৰীৰ সূৰ্যৰ পোহৰৰ লগত সমন্বিত হয় আৰু যেতিয়া সূৰ্য্য নাথাকে তেতিয়া ইহঁতৰ আচৰণো সলনি হয় ।
উল্লেখ্য যে, এই দিনটোতে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসো পালন কৰা হয় ।
লগতে পঢ়ক : সাতখন দেশৰ ছুপাৰ গ্ৰুপ জি-৭; কিয় গঠন হ’ল এই গোট, পৃথিৱীত ইয়াৰ প্ৰভাৱ কি ?