১৫ মাহত ২৫ কিলোমিটাৰ… এন্টাৰ্কটিকাৰ হেক্টৰিয়া গ্লেছিয়াৰৰ আশ্চৰ্য
এন্টাৰ্কটিকাৰ হেক্টৰিয়া গ্লেছিয়াৰৰ আশ্চৰ্য
এন্টাৰ্কটিক উপদ্বীপত অৱস্থিত হেক্টৰিয়া গ্লেছিয়াৰে বিজ্ঞানীসকলক আচৰিত কৰি তুলিছে । মাত্ৰ ১৫ মাহত (২০২২ চনৰ জানুৱাৰীৰ পৰা ২০২৩ চনৰ এপ্ৰিললৈকে) হিমবাহটোৱে ২৫ কিলোমিটাৰ পিছুৱাই গৈছে । এয়া আধুনিক ইতিহাসৰ আটাইতকৈ দ্ৰুত গলন, পূৰ্বৰ অভিলেখতকৈ ১০ গুণ বেছি দ্ৰুত । বিজ্ঞানীসকলে কয় যে ইয়াৰ ফলত আন হিমবাহৰ ওপৰত প্ৰভাৱ পৰিব পাৰে আৰু সাগৰৰ জলপৃষ্ঠ দ্ৰুতগতিত বৃদ্ধি পাব পাৰে ।
কি হৈছিল হেক্টৰিয়া গ্লেছিয়াৰৰ সৈতে ?
-২০২২ চনৰ আৰম্ভণিতে হেক্টৰিয়া গ্লেছিয়াৰৰ সন্মুখত থকা সাগৰীয় বৰফৰ এটা বৃহৎ অংশ ভাঙি যায় ।
-ইয়াৰ ফলত হিমবাহৰ ভাসমান অংশ সম্পূৰ্ণৰূপে ছিন্নভিন্ন হৈ পৰে ।
-কোনো সহায় অবিহনেই হিমবাহটো অথবা গ্লেছিয়াৰটো দ্ৰুতগতিত গলি বৈ যাবলৈ ধৰে ।
২০২২ চনৰ নৱেম্বৰ-ডিচেম্বৰ মাহত আটাইতকৈ উল্লেখযোগ্য ক্ষতিসাধন হৈছিল, যেতিয়া হিমবাহটোৱে ৮ কিলোমিটাৰ পিছুৱাই গৈছিল । বিজ্ঞানীসকলে ইয়াক হিমবাহৰ ভূমিকম্প বুলি অভিহিত কৰিছে কাৰণ ভাঙি যোৱা বৰফৰ পাহাৰবোৰৰ পৰা ভূমিকম্পৰ দৰে কম্পন ৰেকৰ্ড কৰা হৈছিল ।
দ্ৰুতগতিত গলিছে কিয় ?
ক’লৰাডো বোল্ডাৰ বিশ্ববিদ্যালয়ৰ নাওমি অচৱাট আৰু তেওঁৰ দলটোৱে এই অধ্যয়ন চলাইছিল । তেওঁলোকে কয়ঃ
-হিমবাহৰ মূল অংশ পাতল হৈ এটা সমতল সাগৰৰ তলত আহিছে ।
-এই অংশটো মাটিত লাগি আছিল যদিও পাতল হোৱাৰ বাবে ই ওপঙিবলৈ ধৰিলে ।
-ইয়াৰ ফলত বৰফৰ পাহাৰবোৰ দ্ৰুতগতিত ভাঙি যায় আৰু হিমবাহটো দ্ৰুতগতিত সংকুচিত হৈ পৰে ।
দলৰ সদস্য টেড স্কেম্বছে ইয়াক আচৰিত বুলি অভিহিত কৰি কয় যে ইয়াৰ ফলত অন্যান্য বৃহৎ হিমবাহৰ প্ৰতি ভাবুকি বৃদ্ধি পাইছে ।
ইয়াক লৈ বিবাদ-
-এয়াৰবাছ ডিফেন্স এণ্ড স্পেচৰ ফ্ৰেজাৰ ক্ৰীষ্টীয়ে কয় যে উপগ্ৰহৰ তথ্যই স্পষ্টকৈ দেখুৱাব পৰা নাই যে হিমবাহটো কিমান দূৰলৈকে মাটিত আছিল ।
-ব্ৰিটেইনৰ লিডছ বিশ্ববিদ্যালয়ৰ আন্না হগে কয় যে তেওঁলোকৰ তথ্যই দেখুৱাইছে যে বৰফৰৰ অংশটো ইতিমধ্যে ভাঁহি আছিল, গতিকে ই আছিল এক স্বাভাৱিক আইচবাৰ্গ ব্ৰেক-অফ, নতুন পৰিঘটনা নহয় ।
-নিউকেষ্টল বিশ্ববিদ্যালয়ৰ ক্ৰীষ্টিনে কয় যে যদি এই অংশটো ভাঁহি আছিল, তেন্তে ই কেৱল এটা স্বাভাৱিক “বৰফৰ শ্বেল্ফৰ পৰা ভাঙি যোৱা আইচবাৰ্গ” আৰু কোনো ডাঙৰ বাতৰি নহয় ।
লগতে পঢ়ক : চলিত বৰ্ষতে আৰু সাতটা উৎক্ষেপণৰ প্ৰস্তুতি ভাৰতীয় মহাকাশ সংস্থাৰ