“সুশীলা কাৰ্কীক যদি প্ৰধানমন্ত্ৰী বনোৱা নহয় তেন্তে গুলী খাবলৈ সাজু থাকক”
নেপালত ব্যাপক হিংসা আৰু প্ৰতিবাদৰ অন্তত অন্তৱৰ্তীকালীন চৰকাৰ গঠনক লৈ অচলাৱস্থা অৱস্থাত আছে।অৱশ্যে বৃহস্পতিবাৰে নিশা নেপালৰ ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌডেল আৰু সেনা প্ৰধান অশোক ৰাজ ছিগডেলৰ মাজত হোৱা বৈঠকৰ পিছত প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কীৰ নামক লৈ এক ঐকমত্যত উপনীত হোৱাৰ খবৰ আহিছিল,কিন্তু ইফালে এতিয়া ভাইৰেল হোৱা এটা ভিডিঅ’ই আলোড়নৰ সৃষ্টি কৰিছে।
ভিডিঅ’টোত এজন ব্যক্তিয়ে নেপালৰ ৰাষ্ট্ৰপতি আৰু সেনা প্ৰধানক স্পষ্টকৈ ধমকী দি কৈছে যে,”সুশীলা কাৰ্কীক যদি প্ৰধানমন্ত্ৰী বনোৱা নহয় তেন্তে বুকুত গুলী খাবলৈ সাজু থাকক।”
GEN-Z আন্দোলনৰ মুখ বুলি গণ্য কৰা হামি নেপাল NGOৰ চুডান গুৰুঙৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে,য’ত তেওঁ সেনা বিষয়াজনক ফোন কৰি ভাবুকি দিছে যে যদি সুশীলা কাৰ্কীৰ নামক লৈ কোনো একমত নহয়, তেন্তে তেওঁলোকে ৰাষ্ট্ৰপতি সদন ঘেৰাও কৰিব…ইমানেই নহয় এই ভিডিঅ’টোত চুডান গুৰুঙে সতৰ্কবাণী দিওঁতে ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে অশ্লীল শব্দ ব্যৱহাৰ কৰিছে…লগতে তেওঁক গুলীয়াই হত্যা কৰা বা নিজে গুলী চলোৱাৰ কথা কোৱাও দেখিবলৈ পোৱা গৈছে।এই ভিডিঅ’টো বৃহস্পতিবাৰৰ নিশাৰ বুলি কোৱা হৈছে।
বৰ্তমানেও নেপালত চৰকাৰ গঠন হোৱা নাই। বৃহস্পতিবাৰে গোটেই নিশা সেনা প্ৰধানগৰাকীয়ে এখন বৈঠক অনুষ্ঠিত হয়।সেনাধ্যক্ষৰ কাৰ্যালয় শীতল নিৱাছত নিশাৰ ভিতৰতে এখন বৈঠক অনুষ্ঠিত হয়।
লগতে পঢ়ক: আজি উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব চি পি ৰাধাকৃষ্ণনে; ১৫২টা ভোটৰ ব্যৱধানত জয়লাভ