মণিপুৰৰ পৰা সুশীলা কাৰ্কীক অভিনন্দন প্ৰধানমন্ত্ৰী মোদীৰ… মহিলা সৱলীকৰণৰ নিদৰ্শন আখ্যা

মণিপুৰৰ পৰা সুশীলা কাৰ্কীক অভিনন্দন প্ৰধানমন্ত্ৰী মোদীৰ

শনিবাৰে মণিপুৰত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । দুবছৰ ধৰি জাতিগত হিংসাৰ জুইত জ্বলি থকা প্ৰধানমন্ত্ৰী মোদীৰ এয়া প্ৰথম মণিপুৰ ভ্ৰমণ । ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যখনৰ সৈতে জড়িত বহু প্ৰকল্পৰ কথা ঘোষণা আৰু আৰম্ভ কৰাৰ সময়তে চুবুৰীয়া দেশ নেপালৰ শেহতীয়া ৰাজনৈতিক পৰিঘটনা আৰু দেশখনত গঠন হোৱা নতুন অন্তৱৰ্তীকালীন চৰকাৰৰ কথাও প্ৰথমবাৰৰ বাবে উল্লেখ কৰে ।

সুশীলা কাৰ্কীক অভিনন্দন প্ৰধানমন্ত্ৰী মোদীৰ-

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে নেপাল ভাৰতৰ অতি ঘনিষ্ঠ বন্ধু আৰু দুয়োখন দেশৰ সম্পৰ্কক বান্ধি ৰখাৰ এক ইতিহাস আৰু সংস্কৃতি আছে । ১৪০ কোটি ভাৰতীয়ৰ হৈ নেপালৰ অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কীয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছোঁ । প্ৰধানমন্ত্ৰী মোদীয়ে সুশীলা কাৰ্কীয়ে নেপালত “শান্তি, স্থিতিশীলতা আৰু সমৃদ্ধিৰ পথ প্ৰশস্ত কৰিব” বুলি আত্মবিশ্বাস প্ৰকাশ কৰে ।

নাৰী সবলীকৰণৰ এক উৎকৃষ্ট নিদৰ্শন সুশীলা কাৰ্কী- প্ৰধানমন্ত্ৰী মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে সুশীলা কাৰ্কী নেপালৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হোৱাক নাৰী সৱলীকৰণৰ এক উৎকৃষ্ট নিদৰ্শন বুলি অভিহিত কৰে । নেপালৰ জনসাধাৰণক প্ৰশংসা কৰি তেওঁ কয় যে কঠিন আৰু অস্থিৰ পৰিস্থিতিতো তাত থকা জনসাধাৰণে গণতান্ত্ৰিক মূল্যবোধক সৰ্বোচ্চ কৰি ৰাখিছে ।

নেপালত পৰিৱৰ্তিত চিন্তা আৰু উজ্জ্বল ভৱিষ্যতৰ লক্ষণ- প্ৰধানমন্ত্ৰী মোদী

মণিপুৰত ভাষণ দিওঁতে প্ৰধানমন্ত্ৰী মোদীয়ে আন এক দিশৰ কথাও উল্লেখ কৰে । তেওঁ কয় যে যোৱা কেইদিনমানৰ পৰা নেপালৰ যুৱক-যুৱতীসকলে ৰাজপথলৈ ওলাই আহি চাফাই আৰু ৰং কৰা কাম কৰি আহিছে । এই প্ৰচেষ্টা নেপালৰ পৰিৱৰ্তিত নতুন চিন্তাধাৰা আৰু উজ্জ্বল ভৱিষ্যতৰ দিশত এক শক্তিশালী লক্ষণ । শেষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালৰ জনসাধাৰণ আৰু নতুন চৰকাৰক অভিনন্দন জ্ঞাপন কৰি কয় যে ভাৰত সদায় নেপালৰ সৈতে খোজৰ সৈতে খোজ মিলাই আগুৱাই যাব ।

লগতে পঢ়ক : নেপালত উদয় নতুন সূৰ্য্য!পৰিস্থিতি স্বাভাৱিক হোৱাৰ পিছত কাঠমাণ্ডুত প্ৰত্যাহাৰ কাৰ্ফিউ

নেপালৰ প্ৰথম মহিলাগৰাকী প্ৰধানমন্ত্ৰী হিচাপে শপত ললে সুশীলা কাৰ্কীয়ে…

নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ সুশীলা কাৰ্কীৰ

নেপালৰ ক্ষমতাক লৈ চলি থকা ছাচপেন্স ইতিমধ্যে শেষ হৈছে।নেপালৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে সুশীলা কাৰ্কীয়ে।

কাৰ্কীৰ পূৰ্বে কে পি শৰ্মা অলি প্ৰধানমন্ত্ৰী আছিল যিয়ে হঠাতে পদত্যাগ কৰিছিল, তাৰ পিছত এতিয়া সুশীলা কাৰ্কীক প্ৰধানমন্ত্ৰীৰ পদ দিয়া হৈছিল।

ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌডেলে অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধানমন্ত্ৰী হিচাপে সুশীলাক শপত গ্ৰহণ কৰোৱাৰ লগতে ৬ মাহৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব।

শুকুৰবাৰে নিশা প্ৰাক্তন মুখ্য ন্যায়াধীশ কাৰ্কীক ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌডেলে ৰাষ্ট্ৰপতি ভৱন শীতল নিৱাসত শপত গ্ৰহণ কৰোৱাই।বৰ্তমান সময়ত আন কাকো মন্ত্ৰী ঘোষণা কৰা হোৱা নাই।

আগন্তুক ছমাহৰ ভিতৰত সংসদৰ নতুন নিৰ্বাচন অনুষ্ঠিত হ’ব বুলিও ঘোষণা কৰিছে ৰাষ্ট্ৰপতিগৰাকীয়ে।একে সময়তে Gen-Z ৰ নেতাসকলেও এই চৰকাৰত যোগদান কৰিবলৈ অস্বীকাৰ কৰিছিল।তেওঁ কয় যে তেওঁ চৰকাৰত যোগদান নকৰে, বৰঞ্চ চৰকাৰৰ কাম-কাজ নিৰীক্ষণ কৰিব।

কাৰ্কীয়ে ১৯৫২ চনৰ ৭ জুনত বিৰাটনগৰত জন্মগ্ৰহণ কৰিছিল।তেওঁ ভাৰতৰ বেনাৰস হিন্দু বিশ্ববিদ্যালয় (BHU)ৰ পৰা ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰিছিল।

১৯৭৫ চনত বি এইচ ইউৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত ডিগ্ৰী লাভ কৰে।ইয়াৰ পূৰ্বে  নেপালৰ এখন কলেজৰ পৰা ডিগ্ৰী লাভ কৰিছিল।

২০১৬ চনৰ ১১ জুলাইৰ পৰা ২০১৭ চনৰ ৬ জুনলৈকে নেপালৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কৰ্মৰত আছিল সুশীলা কাৰ্কীয়ে।

লগতে পঢ়ক: “সুশীলা কাৰ্কীক যদি প্ৰধানমন্ত্ৰী বনোৱা নহয় তেন্তে গুলী খাবলৈ সাজু থাকক”; নেপালৰ ৰাষ্ট্ৰপতি তথা সেনা প্ৰধানক ধমকি

“সুশীলা কাৰ্কীক যদি প্ৰধানমন্ত্ৰী বনোৱা নহয় তেন্তে গুলী খাবলৈ সাজু থাকক”; নেপালৰ ৰাষ্ট্ৰপতি তথা সেনা প্ৰধানক ধমকি

“সুশীলা কাৰ্কীক যদি প্ৰধানমন্ত্ৰী বনোৱা নহয় তেন্তে গুলী খাবলৈ সাজু থাকক”

নেপালত ব্যাপক হিংসা আৰু প্ৰতিবাদৰ অন্তত অন্তৱৰ্তীকালীন চৰকাৰ গঠনক লৈ অচলাৱস্থা অৱস্থাত আছে।অৱশ্যে বৃহস্পতিবাৰে নিশা নেপালৰ ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌডেল আৰু সেনা প্ৰধান অশোক ৰাজ ছিগডেলৰ মাজত হোৱা বৈঠকৰ পিছত প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কীৰ নামক লৈ এক ঐকমত্যত উপনীত হোৱাৰ খবৰ আহিছিল,কিন্তু ইফালে এতিয়া ভাইৰেল হোৱা এটা ভিডিঅ’ই আলোড়নৰ সৃষ্টি কৰিছে।

ভিডিঅ’টোত এজন ব্যক্তিয়ে নেপালৰ ৰাষ্ট্ৰপতি আৰু সেনা প্ৰধানক স্পষ্টকৈ ধমকী দি কৈছে যে,”সুশীলা কাৰ্কীক যদি প্ৰধানমন্ত্ৰী বনোৱা নহয় তেন্তে বুকুত গুলী খাবলৈ সাজু থাকক।”

GEN-Z আন্দোলনৰ মুখ বুলি গণ্য কৰা হামি নেপাল NGOৰ চুডান গুৰুঙৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে,য’ত তেওঁ সেনা বিষয়াজনক ফোন কৰি ভাবুকি দিছে যে যদি সুশীলা কাৰ্কীৰ নামক লৈ কোনো একমত নহয়, তেন্তে তেওঁলোকে ৰাষ্ট্ৰপতি সদন ঘেৰাও কৰিব…ইমানেই নহয় এই ভিডিঅ’টোত চুডান গুৰুঙে সতৰ্কবাণী দিওঁতে ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে অশ্লীল শব্দ ব্যৱহাৰ কৰিছে…লগতে তেওঁক গুলীয়াই হত্যা কৰা বা নিজে গুলী চলোৱাৰ কথা কোৱাও দেখিবলৈ পোৱা গৈছে।এই ভিডিঅ’টো বৃহস্পতিবাৰৰ নিশাৰ বুলি কোৱা হৈছে।

বৰ্তমানেও নেপালত চৰকাৰ গঠন হোৱা নাই। বৃহস্পতিবাৰে গোটেই নিশা সেনা প্ৰধানগৰাকীয়ে এখন বৈঠক অনুষ্ঠিত হয়।সেনাধ্যক্ষৰ কাৰ্যালয় শীতল নিৱাছত নিশাৰ ভিতৰতে এখন বৈঠক অনুষ্ঠিত হয়।

লগতে পঢ়ক: আজি উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব চি পি ৰাধাকৃষ্ণনে; ১৫২টা ভোটৰ ব্যৱধানত জয়লাভ

নেপালত অভ্যুত্থানৰ পিছত ডাঙৰ খবৰ; প্ৰথম মহিলা প্ৰধানমন্ত্ৰী হ’ব নেকি সুশীলা কাৰ্কী?

প্ৰথম মহিলা প্ৰধানমন্ত্ৰী হ’ব নেকি সুশীলা কাৰ্কী?

নেপালৰ অভ্যুত্থানৰ পিছত ক্ষমতাৰ কমাণ্ড এতিয়া সেনাৰ হাতত।দেশখনত আলোচনা আৰু অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ বিষয়ে আলোচনা চলি আছে আৰু আটাইতকৈ ডাঙৰ কথাটো হ’ল সূত্ৰ অনুসৰি প্ৰতিবাদকাৰী Gen Z এ অন্তৱৰ্তীকালীন চৰকাৰৰ দায়িত্ব ল’বলৈ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কীৰ প্ৰস্তাৱ আগবঢ়ায় আৰু সুশীলা কাৰ্কীয়ে Gen Z ৰ এই প্ৰস্তাৱ মানি লৈছে।

Gen Z এ নিজৰ সিদ্ধান্তৰ বিষয়ে ফোন কৰি সুশীলা কাৰ্কীক জনাইছিল যিটো তেওঁ মানি লৈছিল।

এইদৰে নেপালৰ বাবে এক ডাঙৰ খবৰ হ’ব পাৰে যে সুশীলা কাৰ্কী দেশৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ হ’ব আৰু তাৰ পিছত এতিয়া তেওঁ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী হ’ব পাৰে।

Gen Zএ আজিৰ বৈঠকৰ অন্তত স্পষ্টকৈ কৈছে যে দুৰ্গা পাৰ্ছাই, ৰাসপা আৰু ৰাপ্ৰপা ৰ নতুন চৰকাৰত কোনো ধৰণৰ হস্তক্ষেপ নাথাকিব আৰু সুশীলা কাৰ্কীয়ে কমাণ্ড ল’ব।

উল্লেখ্য যে ২০১৭ চনত প্ৰধান ৰাজনৈতিক দলসমূহে সুশীলা কাৰ্কীক পক্ষপাতিত্ব আৰু কাৰ্যবাহী দলত হস্তক্ষেপ কৰাৰ অভিযোগ উত্থাপন হৈছিল আৰু তাৰ পিছত তেওঁৰ বিৰুদ্ধে অভিযোগনামা দাখিলৰ প্ৰস্তাৱো দাখিল কৰা হ’ল।

লগতে পঢ়ক: নেপালত নাগৰিক উন্মুক্তি পাৰ্টিৰ সাংসদৰ গণ পদত্যাগ; সংসদ ভংগ কৰাৰ দাবী