বহু সময়ত এনেকুৱা হয় যে যেতিয়া আমি কোনো কোম্পানীত কাম কৰো বা চাকৰিৰ বাবে প্ৰস্তুতি চলাওঁ, তেতিয়া কোনো কাৰণত কামত উন্নতিৰ পৰিৱৰ্তে আমি বিফলতাৰ সন্মুখীন হওঁ । ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণটো হ’ল কিছুমান অভ্যাস, যদি এই অভ্যাসবোৰৰ পৰা তঁৰত থাকিব পাৰি তেন্তে আপুনি নিশ্চিতভাৱে আপোনাৰ কেৰিয়াৰত ভাল অগ্ৰগতি লাভ কৰিব পাৰিব ।
-আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ফ’কাচ অথবা মনোযোগ । মনোযগ অবিহনে আপুনি অধ্যয়ন কৰিব নোৱাৰে বা কেৰিয়াৰত আগবাঢ়িব নোৱাৰে । এনে পৰিস্থিতিত আপুনি এটা কথা মনত ৰাখিব লাগিব যে পঢ়া-শুনা বা কাম কৰি থাকোঁতে আপুনি সম্পূৰ্ণ নিজৰ কামত মনোনিৱেশ কৰি থাকিব লাগে আৰু মনোযোগ বিচলিত কৰা বস্তুবোৰৰ পৰা আঁতৰি থাকিব লাগে ।
-একে সময়তে ফোনৰ আসক্তি এনেকুৱা এটা বস্তু যিয়ে আপোনাক আটাইতকৈ বেছি বিচলিত কৰিব পাৰে আৰু ইয়াৰ বাবেই আপুনি নিজৰ কামত মনোনিৱেশ কৰিব নোৱাৰিব পাৰে । এনে পৰিস্থিতিত পঢ়া-শুনা বা কামৰ সময়ত মোবাইল ব্যৱহাৰ নকৰিবলৈ চেষ্টা কৰিব লাগে । ইয়াৰ ফলত আপোনাৰ সময়ো ৰাহি হ’ব ।
-ইয়াৰ বাহিৰেও যদি আপুনি আপোনাৰ লক্ষ্যত উপনীত হোৱাৰ বাবে সঠিক দিশত কাম কৰা নাই তেন্তে ই আপোনাৰ কেৰিয়াৰ ধ্বংস কৰিব পাৰে । আগলৈ আপুনি কি কৰিব বিচাৰে সেই কথা জানিব লাগে । লগতে সেই বিষয়ৰ লগত জড়িত পাঠ্যক্ৰমহে অধ্যয়ন কৰিব লাগে । কেতিয়াবা ছাত্ৰ-ছাত্ৰীসকলে কেৱল ইজনে সিজনক চাই যিকোনো ডিগ্ৰী পাঠ্যক্ৰমৰ বাবে অধ্যয়ন আৰম্ভ কৰে । এনে পৰিস্থিতিত আপুনি নিজৰ বাবে এটা লক্ষ্য নিৰ্ধাৰণ কৰিব লাগিব ।
-আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু বিশেষ কথাটো হ’ল কঠোৰ পৰিশ্ৰম কৰিলেহে সফলতা লাভ আহৰণ কৰিব পাৰি । পঢ়া-শুনা হওক, চাকৰি হওক বা যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি হওক । সকলো কামৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব । ইয়াৰ অবিহনে আপুনি সফলতা লাভ কৰিব নোৱাৰে ।
-লগতে আপোনাৰ সময়খিনি কেনেকৈ সঠিকভাৱে ব্যৱহাৰ কৰে সেই কথাও মনত ৰাখিব লাগিব । প্ৰায়ে দেখা যায় যে বন্ধুত্বৰ নামত মানুহে ইফালে সিফালে বেছিভাগ সময় নষ্ট কৰে । এনে পৰিস্থিতিত আপুনি নিজৰ কামত কিমান সময় খৰচ কৰি আছে আৰু কিমান সময় নষ্ট কৰি আছে চাব লাগিব ।