মেঘালয়ৰ ৰোজ এঞ্জেলিনা
ভাৰতবৰ্ষই পৰিৱৰ্তনশীল ডিজিটেল ইণ্ডিয়া কাৰ্যসূচীৰ ১০ বছৰ উদযাপন কৰাৰ সময়তে মেঘালয়ৰ পূব পশ্চিম খাছি পাহাৰৰ পৰা ভি এল ই ৰোজ এঞ্জেলিনা এম খাৰচিনটিউৰ প্ৰেৰণাদায়ক যাত্ৰাই তৃণমূল পৰ্যায়ৰ ডিজিটেল সবলীকৰণৰ শক্তিৰ উদাহৰণ দাঙি ধৰিছে । ২০১৫ চনত চাকৰি প্ৰত্যাশীৰ পৰা বৰ্তমানৰ এগৰাকী কৰ্মসংস্থাপন প্ৰদানকাৰী আৰু এগৰাকী নেত্ৰীলৈকে, কমন চাৰ্ভিচেছ চেণ্টাৰ (চি এছ চি) আঁচনিৰ সৈতে তেওঁৰ দশকজোৰা সংযোগে ডিজিটেল প্ৰৱেশে কেনেকৈ জীৱন আৰু জীৱিকাক উন্নীত কৰিব পাৰে তাকেই প্ৰদৰ্শন কৰিছে ।
মৈৰাঙৰ পৰা ৰোজ চি এছ চি নামেৰে চৰকাৰী আঁচনি, বেংকিং, বীমা, টেলিমেডিচিন, শিক্ষা, ইত্যাদি অত্যাৱশ্যকীয় ডিজিটেল সেৱা আগবঢ়াই আহিছে তেওঁ । লগতে তেওঁ মহিলাৰ স্বাস্থ্য আৰু গ্ৰাম্য নিয়োগ দুয়োটাকে প্ৰসাৰিত কৰা চেনিটেৰী পেড নিৰ্মাণ ইউনিট ষ্ট্ৰী স্বাভিমানো মুকলি কৰিছে ।
নতুন দিল্লীৰ দ্বাৰকাৰ যশোভূমি কনভেনচন চেণ্টাৰত অনুষ্ঠিত ডিজিটেল ইণ্ডিয়াৰ ১০ বছৰীয়া ৰাষ্ট্ৰীয় উদযাপনৰ সময়ত ৰোজ এঞ্জেলিনাৰ এই কামক স্বীকৃতি দিয়া হয় । কেন্দ্ৰীয় ইলেক্ট্ৰনিক্স আৰু আই টি মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱ আৰু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী জিতীন প্ৰসাদৰ নেতৃত্বত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত সমগ্ৰ ভাৰতত ডিজিটেল বিভাজন দূৰ কৰাৰ ক্ষেত্ৰত চি এছ চি সমূহৰ ভূমিকাক স্বীকৃতি দিয়া হয় । লগতে ৰোজ এঞ্জেলিনাৰ দৰে ভি এল ই সকলৰ ইনক্লুছিভ ডিজিটেল ট্ৰেন্সফৰ্মেশ্যনৰ ক্ষেত্ৰত তেওঁলোকৰ ব্যতিক্ৰমী অৱদানৰ বিষয়েও আলোকপাত কৰা হয় ।
কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে, ‘মেঘালয়ৰ পূব পশ্চিম খাছি পাহাৰৰ ভিতৰুৱা আৰু দুৰ্গম গাঁৱৰ মাজত মহিলা ভি এল ই ৰোজ এঞ্জেলিনা এম খাৰচিনটিউৱে ডিজিটেল বিপ্লৱৰ চিত্ৰনাট্য ৰচনা কৰিছে । মৈৰাং অঞ্চলত থকা তেওঁৰ কেন্দ্ৰৰ জৰিয়তে তেওঁ কেৱল সেৱা আগবঢ়োৱাই নহয়, পৰিৱৰ্তন, সৱলীকৰণ, আৰু সমাজ সেৱাৰ আদৰ্শও দাঙি ধৰিছে ।’
বিগত দশকত দেশজুৰি চি এছ চি ৮৩,০০০ৰ পৰা ৫.৫ লাখৰো অধিক কেন্দ্ৰলৈ বৃদ্ধি পাইছে । লগতে প্ৰায় ৯০% গাঁৱত এই সেৱা উপলব্ধ হৈছে । ৭৪,০০০ তকৈ অধিক সংখ্যক মহিলা ভি এল ইয়ে এই বৃদ্ধিত মূল ভূমিকা পালন কৰিছে, জটিল সেৱা আগবঢ়াইছে আৰু সম্প্ৰদায়সমূহক সবল কৰি তুলিছে । এই পৰিৱৰ্তনৰ এক উজ্জ্বল উদাহৰণ হিচাপে থিয় দিছে ৰোজ এঞ্জেলিনা ।
১০ লাখ ব্যক্তিৰ বাবে বিনামূলীয়া এ আই প্ৰশিক্ষণ আৰু ভি এল ইৰ বাবে সম্প্ৰসাৰিত সেৱাৰ দৰে নতুন পদক্ষেপৰ সৈতে ডিজিটেল ইণ্ডিয়াৰ পৰৱৰ্তী পৰ্যায়ে গভীৰ ডিজিটেল অন্তৰ্ভুক্তিৰ প্ৰতিশ্ৰুতি দিছে— যাৰ নেতৃত্ব ৰোজ এঞ্জেলিনাৰ দৰে পৰিৱৰ্তনকাৰীৰ দ্বাৰা কৰা হ’ব ।
লগতে পঢ়ক : উত্তৰাখণ্ড চৰকাৰৰ ডাঙৰ সিদ্ধান্ত; বিদ্যালয়ত প্ৰতিদিনে পঢ়িব লাগিব গীতাৰ শ্লোক