হঠাৎ বিকল ষ্টাৰলিংক
ইলন মাস্কৰ চেটেলাইট ভিত্তিক ইণ্টাৰনেট সেৱা ষ্টাৰলিংকৰ চাৰ্ভাৰ আজি পুৱাই ডাউন হৈ যায়, যাৰ বাবে বিশ্বৰ ১৪০খন দেশত ইণ্টাৰনেট সেৱা ব্যাঘাত জন্মিছিল।ষ্টাৰলিংকৰ এই বিজুতি বিশ্বব্যাপী দেখা গৈছে।
সাধাৰণতে উপগ্ৰহ ভিত্তিক ইণ্টাৰনেট সেৱাত বিচ্ছিন্নতা দেখা নাযায়। উপগ্ৰহৰ সংযোগৰ বাবে কোনো ধৰণৰ বাধা নোহোৱাকৈ ইণ্টাৰনেট সেৱা প্ৰদান কৰা হৈছে, যাতে ব্যৱহাৰকাৰীয়ে জৰুৰীকালীন অৱস্থাত ইণ্টাৰনেট সেৱা উপভোগ কৰিব পাৰে।
আভ্যন্তৰীণ চফটৱেৰৰ সমস্যাৰ বাবে উপগ্ৰহ ভিত্তিক ইণ্টাৰনেট সেৱা ব্যাহত হৈছে। চফটৱেৰ বিকল হোৱাৰ বাবে হাজাৰ হাজাৰ ব্যৱহাৰকাৰীৰ ডিভাইচ অফলাইন হৈ গ’ল আৰু সংযোগ হেৰাই যায়।
ইলন মাস্কৰ শক্তিশালী চেটেলাইট ইণ্টাৰনেট ব্যৱস্থাত হোৱা এই বিজুতিৰ পিছত ব্যৱহাৰকাৰী সকলৰ মাজত হাহাকাৰ হৈছিল।
আমেৰিকা আৰু ইউৰোপৰ বহু ব্যৱহাৰকাৰীয়ে পুৱা প্ৰায় ১২:৩০ বজাত (ভাৰত সময় অনুসৰি) চেটেলাইট ইণ্টাৰনেট সেৱাত ব্যাঘাত জন্মা বুলি জনাইছে।
ইণ্টাৰনেট সেৱা অনুসৰণ কৰা ৱেবছাইট Downdetector ৰ মতে, ৬১ হাজাৰতকৈ অধিক ব্যৱহাৰকাৰীয়ে Starlink সেৱাত সমস্যাৰ কথা জনাইছিল।
কোম্পানীটোৱে এই সেৱাৰ অফিচিয়েল এক্স হেণ্ডেলৰ পৰা ডাউন হোৱাৰ তথ্য শ্বেয়াৰ কৰিছে। ইয়াৰ বাবে কোম্পানীটোৱে ব্যৱহাৰকাৰীসকলৰ ওচৰতো ক্ষমা বিচাৰিছে।
অৱশ্যে প্ৰায় ডেৰ-দুই ঘণ্টা বিচ্ছিন্ন হোৱাৰ পিছত পুনৰ ষ্টাৰলিংক সেৱা আৰম্ভ হ’ল। ইলন মাস্কৰ চেটেলাইট সেৱা কোম্পানীটোৰ বিশ্বজুৰি ৬০ লাখতকৈ অধিক ব্যৱহাৰকাৰী আছে।বৰ্তমান এই কোম্পানীটোৱে বিশ্বৰ ১৪০ খনতকৈও অধিক দেশত নিজৰ সেৱা আগবঢ়াই আছে।
সমগ্ৰ বিশ্বজুৰি এই Starlink চেটেলাইট ইণ্টাৰনেট বিকল হোৱাৰ ফলত ব্যৱহাৰকাৰী সকলে অসুবিধাৰ সন্মুখিন হোৱাৰ বাবে ইলন মাস্কে সকলোৰে ওচৰত বিচাৰিলে ক্ষমা।
লগতে পঢ়ক: অশ্লীল বিষয়বস্তু দেখুওৱা ২৫টা OTT প্লেটফৰ্মক নিষিদ্ধ চৰকাৰৰ…