Starlink ৰ ভাৰতত অনুজ্ঞাপত্ৰ লাভ
অৱশেষত Starlink এ অপেক্ষাৰ ফল লাভ কৰিলে।ভাৰতীয় মহাকাশ যোগাযোগ সেৱা নিয়ন্ত্ৰক INSPACE-এ ইলন মাস্কৰ কোম্পানীক ভাৰতত সেৱা আৰম্ভ কৰাৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিছে।
জিঅ’, এয়াৰটেল আৰু অনন্ত টেকন’লজিৰ পিছত ইলন মাস্কৰ কোম্পানীয়ে ইনস্পেচৰ পৰা উপগ্ৰহ সেৱা আৰম্ভ কৰাৰ অনুজ্ঞাপত্ৰ লাভ কৰিছে।
ইলন মাস্কে ২০২২ চনৰ পৰাই ভাৰতত নিজৰ Starlink চেটেলাইট ব্ৰডবেণ্ড সেৱা আৰম্ভ কৰাৰ প্ৰস্তুতি চলাইছিল। অৱশ্যে ভাৰতত বৰ্তমান ষ্টাৰলিঙ্কে বাণিজ্যিক সেৱা আৰম্ভ নকৰে। ইয়াৰ বাবে কোম্পানীয়ে স্পেকট্ৰম আবণ্টনৰ বাবে অপেক্ষা কৰিব লাগিব।
৫ বছৰৰ বাবে অনুজ্ঞাপত্ৰ প্ৰদান
ভাৰতত মহাকাশ ভিত্তিক ইণ্টাৰনেট সেৱা আৰম্ভ কৰাৰ অনুজ্ঞাপত্ৰ লাভ কৰিছে ইলন মাস্কৰ কোম্পানীয়ে। ষ্টাৰলিংকে জেন ১ ক্ষমতাৰ লিঅ’ উপগ্ৰহৰ জৰিয়তে ভাৰতত ব্ৰডবেণ্ড সেৱা আগবঢ়াব। কোম্পানীটোক নিয়ন্ত্ৰকৰ দ্বাৰা ৫ বছৰৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিছে ।
শেহতীয়াকৈ কেন্দ্ৰীয় দূৰসংযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই এই কথা কৈছিল যে চৰকাৰৰ তৰফৰ পৰা ষ্টাৰলিংকৰ সুলভ মূল্যৰ উপগ্ৰহ ভিত্তিক সেৱাত প্ৰৱেশ সম্পৰ্কীয় সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে।
ইয়াৰ উপৰিও IN-SPACe ৰ অধ্যক্ষ পৱন গোৱেংকাই অনুজ্ঞাপত্ৰ সম্পৰ্কীয় সকলো প্ৰয়োজনীয়তা সম্বোধন কৰা হৈছে বুলিও গোৱেংকাই নিশ্চিত কৰিছে।
নেটৱৰ্ক অবিহনেও সম্ভৱ হ’ব কলিং
ষ্টাৰলিংক চেটেলাইট সেৱা আৰম্ভ হোৱাৰ লগে লগে জৰুৰীকালীন অৱস্থাত মোবাইল নেটৱৰ্ক অবিহনেও কলিং সম্ভৱ হ’ব।ইয়াৰ লগতে ব্যৱহাৰকাৰীয়ে হাই স্পীড ইন্টাৰনেটৰ সুবিধাও লাভ কৰিব।
শেহতীয়া খবৰ অনুসৰি ষ্টাৰলিংক সেৱাৰ মূল্য প্ৰতিমাহে ৩৩০০ টকা পৰ্যন্ত হ’ব পাৰে।ইলন মাস্কৰ কোম্পানীয়ে স্পেচএক্সৰ তলৰ পৃথিৱী কক্ষপথত স্থাপন কৰা উপগ্ৰহৰ জৰিয়তে ইণ্টাৰনেট সেৱা আগবঢ়াব।
কোম্পানীটোৱে এতিয়া কেৱল স্পেকট্ৰম আবণ্টনৰ বাবে অপেক্ষা কৰি আছে।লগতে বেচ ষ্টেচন সাজু হোৱাৰ লগে লগে ভাৰতত ব্ৰডবেণ্ড সেৱা আৰম্ভ কৰিব পাৰিব কোম্পানীটোৱে।
লগতে পঢ়ক: Twitter ৰ প্ৰতিষ্ঠাপকে মুকলি কৰিলে নতুন এপ; চিম আৰু ইন্টাৰনেট অবিহনেই কৰিব পাৰিব চেটিং