হৰিদ্বাৰৰ মনসা দেৱী মন্দিৰত ভয়ংকৰ অঘটন
হৰিদ্বাৰৰ মনসা দেৱী মন্দিৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । ব্যাপক ভিৰত হোৱা দৌৰা দৌৰিত ৬জন ভক্তৰ মৃত্যু হোৱাৰ বিপৰীতে বহুকেইজন গুৰুতৰভাৱে আহত হৈছে । ঘটনাস্থলীত আবদ্ধ হৈ থকা লোকসকলক উলিয়াই অনাৰ কাম অব্যাহত আছে । বৰ্তমান আৰক্ষীয়ে আহতসকলক উলিয়াই নিৰাপদে চিকিৎসালয়লৈ নিয়াৰ কামত ব্যস্ত হৈ আছে ।
প্ৰাথমিক তথ্য অনুসৰি মন্দিৰৰ পথত হাই ভল্টেজৰ বিদ্যুতৰ তাঁৰ ছিঙি পৰাৰ বাতৰি বিয়পি পৰে আৰু ইয়াৰ হোৱা দৌৰা দৌৰিত এই ঘটনা সংঘটিত হয় । বহু সংখ্যক ভক্ত দৰ্শনৰ বাবে মন্দিৰত উপস্থিত হৈছিল । তাঁৰ ছিঙি যোৱাৰ ফলত হঠাতে সৃষ্টি হোৱা আতংকৰ বাবে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যায় ।
তথ্য অনুসৰি দেওবাৰে হৰিদ্বাৰৰ মনসা দেৱী মন্দিৰৰ পথত হঠাৎ হাই ভল্টেজৰ বৈদ্যুতিক তাঁৰ বাগৰি পৰাত বিশৃংখলতাৰ সৃষ্টি হয় । এই ঘটনাৰ পিছত তাত উপস্থিত ভক্তসকলৰ মাজত দৌৰা দৌৰিৰ সৃষ্টি হয় । এই ঘটনাত৬ জন লোকৰ মৃত্যু হয় ।
हरिद्वार स्थित मनसा देवी मंदिर मार्ग में भगदड़ मचने का अत्यंत दुःखद समाचार प्राप्त हुआ है। @uksdrf, स्थानीय पुलिस तथा अन्य बचाव दल मौके पर पहुंचकर राहत एवं बचाव कार्यों में जुटे हुए हैं।
— Pushkar Singh Dhami (@pushkardhami) July 27, 2025
इस संबंध में निरंतर स्थानीय प्रशासन के संपर्क में हूं और स्थिति पर लगातार निगरानी रखी जा रही…
তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী আৰু প্ৰশাসনৰ দল ঘটনাস্থলীত উপস্থিত হৈ সাহায্য আৰু উদ্ধাৰৰ কাম আৰম্ভ কৰে । আহতসকলক নিকটৱৰ্তী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । পৰিস্থিতি নিয়ন্ত্ৰণত আছে যদিও দুৰ্ঘটনাটোৰ বাবে অঞ্চলটোত আতংকময় পৰিৱেশে বিৰাজ কৰিছে ।
ইফালে এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে । তেওঁ লিখিছে যে হৰিদ্বাৰৰ মনসা দেৱী মন্দিৰ পথত হোৱা ভয়াবহ ঘটনাক লৈ অতি দুখজনক খবৰ পোৱা গৈছে । SDRF, স্থানীয় আৰক্ষী আৰু অন্যান্য উদ্ধাৰকাৰী দলে সেই স্থানত উপস্থিত হৈ সাহায্য আৰু উদ্ধাৰ অভিযানত লিপ্ত হৈছে । এই ক্ষেত্ৰত মই স্থানীয় প্ৰশাসনৰ সৈতে অহৰহ যোগাযোগত আছো আৰু পৰিস্থিতি অহৰহ নিৰীক্ষণ কৰি আছো । সকলো ভক্তৰ সুৰক্ষাৰ বাবে মাতা ৰাণীৰ ওচৰত প্ৰাৰ্থনা জনাইছো ।
লগতে পঢ়ক : তামিলনাডুৰ অভূতপূৰ্ব অগ্ৰগতি বিকশিত ভাৰতৰ চালিকা শক্তি… ৪,৯০০ কোটি টকাৰ উপহাৰ দি মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ