এক অভাৰত পাঁচটা চিক্সাৰেৰে প্ৰতিপক্ষক ধৰাশায়ী দুনিথ ৱেলালেজৰ
এছিয়া কাপ ২০২৫ৰ অন্তিমখন গ্ৰুপ বি মেচ ১৯ ছেপ্টেম্বৰত শ্ৰীলংকা আৰু আফগানিস্তানৰ মাজত অনুষ্ঠিত হৈছিল, য’ত শ্ৰীলংকাৰ দলটোৱে ৬ উইকেটত জয়লাভ কৰাৰ লগতে সহজেই ছুপাৰ-৪ৰ বাবে নিজৰ স্থান নিশ্চিত কৰিলে।
ইফালে এই মেচখনত শ্ৰীলংকা দলৰ ১১ ৰান খেলাৰ অংশ হিচাপে থকা ২২ বছৰীয়া অল ৰাউণ্ডাৰ দুনিথ ৱেলালেজে এটা দুখজনক খবৰ লাভ কৰে।
১৮ ছেপ্টেম্বৰৰ পুৱা দুনিথৰ পিতৃ সুৰংগা ভেলালাগেৰ মৃত্যু হয়, কিন্তু মেচ শেষ নোহোৱা লৈকে এই খথা জনোৱা নাছিল দুনিথক। মেচৰ পিছত যেতিয়া দুনিথক এই বিষয়ে অৱগত কৰা হয়, তাৰ পিছত তেওঁ পোনে পোনে ঘৰলৈ ৰাওনা হয়।
শ্ৰীলংকা দলৰ অল ৰাউণ্ডাৰ খেলুৱৈ দুনিথক যেতিয়া আফগানিস্তানৰ বিৰুদ্ধে খেলাখন শেষ হোৱাৰ পিছতেই পিতৃৰ মৃত্যুৰ খবৰ দিয়া হৈছিল,তাৰ পিছত তেওঁক সহায়ক কৰ্মচাৰীয়ে চম্ভালি থকা দেখা গ’ল।
আফগানিস্তানৰ বিৰুদ্ধে খেলখন দুনিথৰ বাবে বিশেষ নাছিল য’ত তেওঁ নিজৰ ৪ অভাৰত মুঠ ৪৯ ৰান খৰচ কৰে আৰু মাত্ৰ এটা উইকেট ল’বলৈ সক্ষম হ’ব পাৰে।এই খেলখনত আফগানিস্তানৰ অভিজ্ঞ খেলুৱৈ মহম্মদ নবীয়ে নিজৰ এটা অভাৰত মুঠ ৫টা ছয় কৰে।
লগতে পঢ়ক: বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত থমকিল অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰা…