বিবাদ নিস্পত্তিৰ বাবে সন্মতি ! ভাৰতে শীঘ্ৰেই লাভ কৰিব এছিয়া কাপৰ ট্ৰফী

ভাৰতে শীঘ্ৰেই লাভ কৰিব এছিয়া কাপৰ ট্ৰফী

ভাৰতে শীঘ্ৰেই এছিয়া কাপ ২০২৫ৰ ট্ৰফী লাভ কৰাৰ সম্ভাৱনা আছে । বি চি চি আইৰ সচিব দেৱজিৎ শইকীয়াই জনোৱা মতে, ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড আৰু এছিয়ান ক্ৰিকেট কাউন্সিলৰ অধ্যক্ষ তথা পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ মহছিন নাকৱীৰ মাজত বিবাদৰ সমাধান হোৱাৰ লগে লগে ২০২৫ বৰ্ষৰ এছিয়া কাপ বিজয়ী ভাৰতীয় দলে ট্ৰফী লাভ কৰাৰ সম্ভাৱনা আছে । তেওঁ কয়, বি চি চি আই আৰু পি চি বিৰ মুৰব্বী মহছিন নাকৱীয়ে এছিয়া কাপ ট্ৰফী বিবাদ সৌহাৰ্দ্যপূৰ্ণভাৱে সমাধান কৰাৰ সংকল্প লৈছে ।

শইকীয়াই আৰু কয় যে আই চি চিৰ বৈঠকৰ আঁৰত নাকৱীৰ সৈতে আমি কথ পাতিছিলো । দুয়োপক্ষই অতি সোনকালে সমস্যাটো সমাধানৰ উপায় বিচাৰি উলিয়াব । তেওঁ লগতে কয় যে আলোচনা শেষ হৈছে, এতিয়া বিভিন্ন বিকল্পৰ কথা বিবেচনা কৰা হ’ব ।

আই চি চিৰ অনানুষ্ঠানিক আৰু আনুষ্ঠানিক দুয়োখন বৈঠকৰ অংশ আছিল বুলিও শইকীয়াই কয় । পি চি বিৰ অধ্যক্ষ মহছিন নাকৱীও এই বৈঠকত উপস্থিত থাকে । আনুষ্ঠানিক বৈঠকৰ সময়ত কাৰ্যসূচী নাছিল যদিও আই চি চিৰ এজন জ্যেষ্ঠ বিষয়া আৰু আন এজন জ্যেষ্ঠ বিষয়াৰ উপস্থিতিত শইকীয়া আৰু পি চি বিৰ মুৰব্বীৰ মাজত পৃথক বৈঠকৰ ব্যৱস্থা কৰা হয় । বি চি চি আইৰ সচিবগৰাকীয়ে কয় যে অতি সোনকালে ইয়াৰ সমাধানৰ সন্ধান পোৱা যাব ।

লগতে পঢ়ক : আজি ভাৰত-অষ্ট্ৰেলিয়াৰ পঞ্চমখন T20 মেচ; শৃংখলা দখলৰ লক্ষ্যৰে যুঁজত নামিব সূৰ্য বাহিনী

দুদিনৰ ভিতৰত ভাৰতলৈ আহিব এছিয়া কাপৰ ট্ৰফী;BCCI এ মহচিন নাকভিৰ বিৰুদ্ধে গ্ৰহণ কৰিব ব্যৱস্থা!

দুদিনৰ ভিতৰত ভাৰতলৈ আহিব এছিয়া কাপৰ ট্ৰফী

২০২৫ চনৰ এছিয়া কাপ বিজয়ী ট্ৰফী সন্দৰ্ভত এটা ডাঙৰ খবৰ পোহৰলৈ আহিছে। ভাৰত ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (BCCI)এ আশা কৰিছে যে, অহা দুই এদিনৰ ভিতৰত এই ট্ৰফীটো মুম্বাইস্থিত মুখ্য কাৰ্যালয়ত উপস্থিত হ’ব।

কিন্তু যদিহে এই অৱস্থা অব্যাহত থাকে তেন্তে ভাৰতীয় ব’ৰ্ডে এই বিষয়টো ৪ নৱেম্বৰত আইচিচি (আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ)ৰ সন্মুখত উত্থাপন কৰিব।

ডুবাইত অনুষ্ঠিত ফাইনেলত ভাৰতে পাকিস্তানক ৫ উইকেটত পৰাস্ত কৰি এছিয়া কাপত জয়লাভ কৰে৷কিন্তু টিম ইণ্ডিয়াই পাকিস্তানৰ গৃহমন্ত্ৰী তথা এচিচি (এছিয়ান ক্ৰিকেট কাউন্সিল) আৰু পিচিবি (পাকিস্তান ক্ৰিকেট ব’ৰ্ড)-এ ৰাষ্ট্ৰপতি মহছিন নাকৱীৰ পৰা ট্ৰফী গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল।

অৱশ্যে নকভিয়ে কৈছিল যে এই ট্ৰফীটো ভাৰতক গতাই দিব পাৰিব,কিন্তু তেওঁ (নকভি)য়েই ইয়াক প্ৰদান কৰিব।জয়ৰ এমাহৰ পিছটো বিচিচিআইয়ে ট্ৰফী আনুষ্ঠানিকভাৱে হস্তান্তৰ কৰিবলৈ এতিয়াও অপেক্ষা কৰি আছে।

এই সন্দৰ্ভত BCCI ৰ যুটীয়া সচিব দেৱজিৎ শইকীয়াই কয় যে,হয়, আমি অলপ হতাশ হৈছো যে এমাহৰ পাছতো আমাক ট্ৰফীটো দিয়া হোৱা নাই।

আমিও প্ৰায় ১০ দিন পূৰ্বে এই বিষয়ে এচিচিৰ সভাপতিলৈ এখন পত্ৰ লিখিছিলোঁ,কিন্তু তেওঁলোকৰ স্থিতিৰ কোনো পৰিৱৰ্তন হোৱা নাই।

তেওঁলোকে এতিয়াও ট্ৰফীটো ৰাখি থৈছে,কিন্তু আমি আশা কৰোঁ পিছদিনা বা দুদিনত ট্ৰফী বিচিচিআইৰ মুম্বাই কাৰ্যালয়ত উপস্থিত হ’ব।

লগতে পঢ়ক: ভাৰতে ভংগ কৰিলে অষ্ট্ৰেলিয়াৰ বিশ্ব অভিলেখ; লিখিলে নতুন ইতিহাস

নৱমবাৰলৈ এছিয়া কাপত ভাৰতৰ জয়; পাকিস্তানী মন্ত্ৰীৰ পৰা টীম ইণ্ডিয়াই নল’লে ট্ৰফী

পাকিস্তানী মন্ত্ৰীৰ পৰা টীম ইণ্ডিয়াই নল’লে ট্ৰফী

এছিয়া কাপ ২০২৫ৰ ঐতিহাসিক ফাইনেলত টীম ইণ্ডিয়াই পাকিস্তানক ৫ উইকেটত পৰাস্ত কৰে।ইয়াৰ লগে লগে সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত ভাৰতীয় দলটোৱে নৱমবাৰৰ বাবে (এদিনীয়া আৰু টি-২০ দুয়োটা ফৰ্মেটকে ধৰি) এছিয়া কাপত জয়লাভ কৰে।

অৱশ্যে এইটো আছিল টি-২০ এছিয়া কাপৰ তৃতীয় সংস্কৰণ,য’ত টিম ইণ্ডিয়া দুবাৰকৈ চেম্পিয়ন হৈছিল।ইয়াৰ পূৰ্বে ২০১৬ চনৰ টি-২০ এছিয়া কাপত ভাৰতীয় দলটোৱে বিজয়ী হৈছিল।

ভাৰতে ১৯ অভাৰ ৪টা বলত ১৫০ ৰাণ সংগ্ৰহ কৰে। এইবাৰ প্ৰথমবাৰৰ বাবে এছিয়া কাপৰ ফাইনেলত মুখামুখি হৈছিল ভাৰত-পাকিস্তান।

ইফালে খেলৰ অন্তত পুৰস্কাৰ বিতৰণ অনুষ্ঠানত ভাৰতে পাকিস্তানী মন্ত্ৰী তথা ACCৰ সভাপতি মহছিন নকভীৰ পৰা নল’লে এছিয়া কাপৰ ট্ৰফী।

ভাৰতে ইয়াৰ পূৰ্বে জনাই দিছিল যে, যদি এছিয়া কাপৰ ভাৰতে জয় লাভ কৰে তেনেহলে মহছিন নকভীৰ পৰা গ্ৰহণ নকৰে বঁটা।

ভাৰতীয় দলটোৱে তেওঁৰ পৰা এছিয়া কাপৰ ট্ৰফী গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাৰ পিছত সেই ট্ৰফীটো লৈ গুচি যায় মহছিন নকভী।

এই কাণ্ডৰ বাবে নৱেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া আইচিচিৰ পৰৱৰ্তী বৈঠকত এছিয়ান ক্ৰিকেট কাউন্সিলৰ মুৰব্বী মহছিন নাকভীৰ বিৰুদ্ধে বিচিচিআইয়ে “তীব্ৰ প্ৰতিবাদ” দাখিল কৰিব।

লগতে পঢ়ক: ফাইনেলৰ পূৰ্বে টিম ইণ্ডিয়াত মোক্ষম আঘাত; বাহিৰ হ’ল হাৰ্দিক পাণ্ডিয়া  

‘কাৰণ নোহোৱাকৈয়ে উচটনি দিছিল,সেইবাবেই শিক্ষা দিলো’; পাকিস্তানৰ বিৰুদ্ধে বিজয়ৰ পিছতে অভিষেক শৰ্মাৰ বিস্ফোৰক ভাষ্য

পাকিস্তানৰ বিৰুদ্ধে বিজয়ৰ পিছতে অভিষেক শৰ্মাৰ বিস্ফোৰক ভাষ্য

ডুবাইত অনুষ্ঠিত এছিয়া কাপৰ ছুপাৰ ৪ মেচখন সম্পূৰ্ণৰূপে ভাৰতৰ পক্ষত আছিল। দেওবাৰে টিম ইণ্ডিয়াই মাত্ৰ ১৮.৫ অভাৰত পাকিস্তানৰ বিৰুদ্ধে ১৭২ ৰানৰ লক্ষ্য অৰ্জন কৰি এক গুঞ্জৰিত জয় লাভ কৰে।

এই জয়ৰ যুগল আছিল অভিষেক শৰ্মা আৰু শুভমান গিল,তেওঁলোকৰ যুটিয়ে মাত্ৰ ৪৯টা বলত প্ৰথম উইকেটৰ বাবে ১০৫ ৰান সংযোজন কৰি মেচখন ঘূৰাই আনে। অভিষেকে নিজৰ ইনিংছত ৫টা ছয় আৰু ৬টা চাৰি কৰে।

মেচৰ পিছত উপস্থাপন অনুষ্ঠানৰ সময়ত খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ অভিষেক শৰ্মাই কয় – ‘আজি সকলো সহজ আছিল।’

‘যি কাৰণত তেওঁলোক কোনো কাৰণ নোহোৱাকৈ আমাৰ সন্মুখলৈ আহি আছিল,সেইটো মোৰ একেবাৰেই ভাল নালাগিল।সেইবাবেই মই তেওঁলোকৰ বিৰুদ্ধে আক্ৰমণাত্মক খেলিছিলো’।

‘মোৰ লক্ষ্য আছিল দলৰ হৈ প্ৰদৰ্শন কৰা। আমি (গিল আৰু অভিষেক) স্কুলীয়া দিনৰ পৰাই একেলগে খেলি আহিছো,ইজনে সিজনৰ সংগ উপভোগ কৰো। আজি আমি সিদ্ধান্ত ললোঁ আৰু আমি কৰিলোঁ’।

‘গিলে যিদৰে সঁহাৰি জনাইছিল,মোৰ সেইটো বৰ ভাল লাগিল।মই অতি কঠোৰ অনুশীলন কৰি আছো আৰু যদি মোৰ দিন হয় তেন্তে মই নিশ্চিতভাৱে মোৰ দলটোক জয়ী কৰিম।’

আচলতে যেতিয়া ভাৰতীয় দলটোৱে পাকিস্তানী বলাৰসকলক ছিন্নভিন্ন কৰি আছিল, তেতিয়া পাকিস্তানী খেলুৱৈসকল নাৰ্ভাছ হৈ পৰিছিল।

অভিষেকেও প্ৰত্যুত্তৰ দিয়াত দুয়োৰে মাজত কাজিয়া আৰম্ভ হয়।ইয়াৰ পিছতে আম্পায়াৰ গাজী সোহেলে দুয়োৰে মাজত হোৱা তৰ্কত হস্তক্ষেপ কৰে।

লগতে পঢ়ক: BCCI ৰ ডাঙৰ সিদ্ধান্ত; মহিলা বিশ্বকাপৰ উদ্ধোধনী অনুষ্ঠান উৎসর্গিত হ’ব জুবিনৰ নামত

এক অভাৰত পাঁচটা চিক্সাৰেৰে প্ৰতিপক্ষক ধৰাশায়ী দুনিথ ৱেলালেজৰ; খেলৰ মাজতে আহিল পিতৃৰ মৃত্যুৰ খবৰ

এক অভাৰত পাঁচটা চিক্সাৰেৰে প্ৰতিপক্ষক ধৰাশায়ী দুনিথ ৱেলালেজৰ

এছিয়া কাপ ২০২৫ৰ অন্তিমখন গ্ৰুপ বি মেচ ১৯ ছেপ্টেম্বৰত শ্ৰীলংকা আৰু আফগানিস্তানৰ মাজত অনুষ্ঠিত হৈছিল, য’ত শ্ৰীলংকাৰ দলটোৱে ৬ উইকেটত জয়লাভ কৰাৰ লগতে সহজেই ছুপাৰ-৪ৰ বাবে নিজৰ স্থান নিশ্চিত কৰিলে।

ইফালে এই মেচখনত শ্ৰীলংকা দলৰ ১১ ৰান খেলাৰ অংশ হিচাপে থকা ২২ বছৰীয়া অল ৰাউণ্ডাৰ দুনিথ ৱেলালেজে এটা দুখজনক খবৰ লাভ কৰে।

১৮ ছেপ্টেম্বৰৰ পুৱা দুনিথৰ পিতৃ সুৰংগা ভেলালাগেৰ মৃত্যু হয়, কিন্তু মেচ শেষ নোহোৱা লৈকে এই খথা জনোৱা নাছিল দুনিথক। মেচৰ পিছত যেতিয়া দুনিথক এই বিষয়ে অৱগত কৰা হয়, তাৰ পিছত তেওঁ পোনে পোনে ঘৰলৈ ৰাওনা হয়।

শ্ৰীলংকা দলৰ অল ৰাউণ্ডাৰ খেলুৱৈ দুনিথক যেতিয়া আফগানিস্তানৰ বিৰুদ্ধে খেলাখন শেষ হোৱাৰ পিছতেই পিতৃৰ মৃত্যুৰ খবৰ দিয়া হৈছিল,তাৰ পিছত তেওঁক সহায়ক কৰ্মচাৰীয়ে চম্ভালি থকা দেখা গ’ল।

আফগানিস্তানৰ বিৰুদ্ধে খেলখন দুনিথৰ বাবে বিশেষ নাছিল য’ত তেওঁ নিজৰ ৪ অভাৰত মুঠ ৪৯ ৰান খৰচ কৰে আৰু মাত্ৰ এটা উইকেট ল’বলৈ সক্ষম হ’ব পাৰে।এই খেলখনত আফগানিস্তানৰ অভিজ্ঞ খেলুৱৈ মহম্মদ নবীয়ে নিজৰ এটা অভাৰত মুঠ ৫টা ছয় কৰে।

লগতে পঢ়ক: বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত থমকিল অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰা…

এছিয়া কাপত ভাৰতীয় দলৰ দ্বিতীয়টো জয়; মুখ ঠেকেচা পাকিস্তানৰ

এছিয়া কাপত ভাৰতীয় দলৰ দ্বিতীয়টো জয়

এছিয়া কাপ ২০২৫ৰ ষষ্ঠখন খেল আজি ভাৰত আৰু পাকিস্তানৰ মাজত ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়াম অনুষ্ঠিত হৈছিল। প্ৰথমে বেটিং কৰি পাকিস্তানে ১২৮ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল।

ইয়াৰ প্ৰত্যুত্তৰত টিম ইণ্ডিয়াই ১৫.৫ অভাৰত সহজেই লক্ষ্যত উপনিত হ’বলৈ সক্ষম হয়। পাকিস্তানক ৭ উইকেটত পৰাস্ত কৰিলে ভাৰতে।

ভাৰতৰ এই বিজয়ৰ বহু নায়ক আছিল। ইয়াৰ প্ৰথম নামটো হ’ল কুলদীপ যাদৱ।সূৰ্যকুমাৰ যাদৱেও অধিনায়কত্বৰ দুৰ্দান্ত ইনিংছ খেলিছিল।

অধিনায়ক সূৰ্যকুমাৰ যাদৱে ছয়ৰে ভাৰতক জয় প্ৰদান কৰে।কুলদীপ যাদৱে লাভ কৰে ৩টা সফলতা।আনহাতে বুমৰাহ আৰু অক্ষৰে ২-২ টাকৈ উইকেট লাভ কৰে।

লক্ষ্য খেদি টিম ইণ্ডিয়া আৰম্ভণিৰে পৰাই আগ্ৰাসী মোডত আছিল।অভিষেক শৰ্মাৰ পিছত তিলকেও ভাল ইনিংছ খেলিছিল।

কিন্তু অধিনায়ক সূৰ্য্যই এটা মূৰত থিয় হৈ ৪৭ ৰানৰ অপৰাজিত ইনিংছ খেলি জয়লাভ কৰে।২০২৫ চনৰ এছিয়া কাপত ভাৰতৰ এয়া একেৰাহে দ্বিতীয়টো জয়।

লগতে পঢ়ক: ‘ক’লা বেণ্ড পিন্ধি ভাৰতীয় দলে খেলক মেচ…’; ভাৰত-পাকৰ মেচক লৈ ভাইৰেল ৰবীনা টেণ্ডনৰ মন্তব্য

‘ক’লা বেণ্ড পিন্ধি ভাৰতীয় দলে খেলক মেচ…’; ভাৰত-পাকৰ মেচক লৈ ভাইৰেল ৰবীনা টেণ্ডনৰ মন্তব্য

ভাৰত-পাকৰ মেচক লৈ ভাইৰেল ৰবীনা টেণ্ডনৰ মন্তব্য

এছিয়া কাপ ২০২৫ত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’বলগীয়া খেলখনৰ ওপৰত সমগ্ৰ দেশৰ দৃষ্টি নিবদ্ধ হৈ আছে।এই মেচখন চাবলৈ সকলোৱে উৎফুল্লিত হৈ পৰিছে।

কিন্তু আনহাতে কিছুমান মানুহে ভাৰতীয় দলৰ খেলুৱৈসকলে এছিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে খেলিব নালাগিছিল বুলিও কৈছে।

পহলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বলি হোৱা লোকসকলেও ইয়াৰ বিৰুদ্ধে মাত মাতিছে।তেওঁ কয় যে তেওঁলোকৰ ঘাঁবোৰ এতিয়াও সতেজ হৈ আছে।তেওঁলোকৰ চকুপানী শেষ হোৱাই নাই।

ইফালে টুইটাৰযোগে এই বিষয়ত নিজৰ মতামত দিছে অভিনেত্ৰী ৰবীনা টেণ্ডনে।তেওঁ লিখিছে যে, আশা কৰো আমাৰ ভাৰতীয় দলটোৱে ক’লা বেণ্ড পিন্ধি আঁঠু লৈ খেলিব।সেইটোও জয়ৰ আগতে।

চেলিব্ৰিটিসকলে এই ভাৰত-পাক মেচক লৈ বিশেষ একো কোৱা নাই।কিন্তু ৰবীনা এনেকুৱা এগৰাকী চেলিব্ৰিটি,যিগৰাকীয়ে সদায় মুকলিকৈ নিজৰ মতামত প্ৰকাশ কৰিছে।

ইয়াৰ উপৰিও অভিনেতা সুনীল শ্বেট্টীয়ে এছিয়া কাপ ২০২৫ত অনুষ্ঠিত হ’বলগীয়া ভাৰত-পাকিস্তানৰ মেচ সন্দৰ্ভতো কয় যে এইখন এখন আন্তঃৰাষ্ট্ৰীয় খেল।আমি তেওঁলোকৰ নিয়মৰ দ্বাৰা বান্ধ খাই আছো।

ভাৰতীয় হোৱাৰ বাবে আমি এই মেচখন চাব বিচাৰো নে নাই সেয়া আমাৰ ব্যক্তিগত সিদ্ধান্ত,আমি মেচ চাবলৈ যাব লাগে নে নালাগে।এই সিদ্ধান্ত ভাৰতে ল’ব লাগিব।কিন্তু খেলাৰ বাবে ক্ৰিকেটাৰক দোষ দিব নোৱাৰি।

অভিনেতাগৰাকীয়ে আৰু কয়,‘তেওঁলোক খেলুৱৈ আৰু তেওঁলোকে দেশক প্ৰতিনিধিত্ব কৰাৰ আশা কৰা হৈছে।মই ভাবো আমি এই সিদ্ধান্ত ক’ব লাগিব।যদি চাব মন নাযায় তেন্তে নাচাও। আপুনি কি কৰিব বিচাৰে সেয়া আপোনাৰ ওপৰত নিৰ্ভৰশীল।’

লগতে পঢ়ক: ‘ভাৰতীয় দল বিজয়ী হৈ উভতি আহিব…’; এছিয়া কাপক লৈ কপিল দেৱৰ ডাঙৰ মন্তব্য

‘পাকিস্তানৰ সৈতে মেচখন আমাৰ মুখত চৰ…’; শুভম দ্বিবেদীৰ পত্নীৰ BCCI ক তীব্ৰ সমালোচনা

শুভম দ্বিবেদীৰ পত্নীৰ BCCI ক তীব্ৰ সমালোচনা

এছিয়া কাপ ২০২৫ত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব লগীয়া খেলখনক লৈ দেশৰ বিভিন্ন প্ৰান্তত বহু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

এই খেলখনে যেন পহলগাম আক্ৰমণত নিহত বহু ভুক্তভোগীৰ পৰিয়ালৰ যন্ত্ৰণা বৃদ্ধি কৰিছে।একে সময়তে দেশৰ বহু ঠাইৰ পৰা এই সন্দৰ্ভত প্ৰতিবাদৰ খবৰ আহিছে।

দেওবাৰে (১৪ ছেপ্টেম্বৰ) নিশা ৮ বজাত ডুবাইত দুয়োখন দেশৰ মাজতখেলখনঅনুষ্ঠিত হ’ব।পহলগাম সন্ত্ৰাসবাদী আক্ৰমণত স্বামী শুভম দ্বিবেদীক হেৰুৱাই ঐশন্য দ্বিবেদীয়েও এই মেচক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

তেওঁ কয় যে, এই মেচৰ পাছত পাকিস্তান পুনৰ ক্ষমতালৈ আহিব। ই আকৌ শক্তিশালীভাৱে থিয় দিব আৰু শক্তিশালী হৈ পৰিব।  

ঐশন্যই মেচখনক লৈ খঙত কয় যে,-আটাইতকৈ ডাঙৰ কথাটো যে ই এটা চৰ হ’ব, সেই ২৬ জন লোকৰ (পহলগামত নিহত হোৱা) পৰিয়ালৰ ওপৰত,যিটো পাকিস্তানে দিব।ইয়াৰ পিছত পাকিস্তানে পুনৰ সন্ত্ৰাসবাদৰ আশ্ৰয় ল’ব।

তেওঁ কয় যে পাকিস্তানক বৰ্জন কৰি তেওঁলোকৰ বিৰুদ্ধে মেচ খেলাটো আমাৰ জনসাধাৰণৰ ক্ষমতাত নাই।যদি এনেকুৱা হ’লহেঁতেন তেন্তে BCCI এ ভাৰত-পাকিস্তানৰ মেচখনৰ অনুমতি নিদিলেহেঁতেন…যদি আমি পৰিৱৰ্তন আনিব বিচাৰিলো হয় তেন্তে এছিয়া কাপত অংশগ্ৰহণ কৰা উচিত নাছিল।

আজি BCCI আৰু ভাৰতীয় ক্ৰিকেটাৰে দেশৰ কথাও ভবা নাই।তেওঁলোকে ভুক্তভোগীক সন্মান কৰিব বুলি মই আশা নকৰো।

ঐশন্যই স্পষ্ট কৰি দিলে যে পাকিস্তানে সামগ্ৰিকভাৱে উন্নতি কৰিবলৈ যোৱা নাই, পুনৰ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰিব।

লগতে পঢ়ক: এছিয়া কাপৰ হাই ভল্টেজ যুঁজত আজি মুখামুখি হ’ব ভাৰত-পাকিস্তান… বিৰোধিতা আৰু বৰ্জনৰ আহ্বানৰ মাজতে সাজু ভাৰতীয় দল

বিক্ৰী হোৱা নাই ভাৰত পাকিস্তান খেলৰ টিকট; ডুবাই ষ্টেডিয়ামৰ আধা আসন খালী

বিক্ৰী হোৱা নাই ভাৰত পাকিস্তান খেলৰ টিকট

অহা ১৪ ছেপ্টেম্বৰত এছিয়া কাপত ভাৰত পাকিস্তানৰ মাজত খেলখন অনুষ্ঠিত হ’ব।সাধাৰণতে ভাৰত-পাকিস্তানৰ খেল থাকিলে তাৰ টিকট কেইমিনিটমানৰ ভিতৰতে বিক্ৰী হৈ যায়, কিন্তু এইবাৰ হোৱা নাই।

এইবাৰ ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া খেলখনক লৈ দৰ্শকৰ মাজত বিশেষ উন্মাদনা নাই।এতিয়াও টিকট উপলব্ধ আছে আৰু মানুহে ক্ৰয় কৰা নাই৷

বৃহস্পতিবাৰ (১১ ছেপ্টেম্বৰ) সন্ধিয়ালৈকে আধাতকৈ অধিক টিকট এতিয়াও উপলব্ধ আছিল।চেম্পিয়নছ ট্ৰফী ২০২৩ত এই খেলপথাৰত খেলা শেষৰখন খেলৰ সকলো টিকট মাত্ৰ চাৰি মিনিটতে বিক্ৰী হৈ গ’ল।

বৃহস্পতিবাৰে নিশা ৯ বজালৈকে ডুবাই ষ্টেডিয়ামৰ প্ৰায় ৫০% ষ্টেণ্ডত টিকট উপলব্ধ হৈছিল।এই টিকটৰ আৰম্ভণিৰ মূল্য আছিল ৯৯ মাৰ্কিন ডলাৰ (৮,৭৪২ টকা), প্ৰিমিয়াম চিটৰ মূল্য আছিল ৪,৫৩৪ মাৰ্কিন ডলাৰ (প্ৰায় ৪ লাখ টকা)।

২৯ আগষ্টৰ পৰা অফিচিয়েল পাৰ্টনাৰ প্লেটিনামলিষ্টৰ জৰিয়তে টিকট বিক্ৰী আৰম্ভ হৈছিল। অৱশ্যে আৰম্ভণিৰ মূল্য ১৩ মাৰ্কিন ডলাৰ (১১৪৮ টকা) এছিয়া কাপৰ গ্ৰুপ ষ্টেজৰ মেচৰ টিকট বিক্ৰী হৈ গৈছে।

প্ৰায় ১৪ হাজাৰ দিৰহাম (৩.৩৬ লাখ টকা)ত এই মেচৰ সৈতে সাতখন মেচৰ বিশেষ পেকেজও আগবঢ়োৱা হৈছিল।

এই প্ৰতিযোগিতাৰ সময় পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু ভাৰতৰ ‘অপাৰেচন সিন্দুৰ’ৰ পিছত হোৱাৰ বাবে হয়টো তাৰ প্ৰভাৱ পৰিছে।

লগতে পঢ়ক: ICC এ প্ৰথমবাৰৰ বাবে গ্ৰহণ কৰিছে ঐতিহাসিক পদক্ষেপ; মহিলা বিশ্বকাপ ২০২৫ক লৈ ডাঙৰ সিদ্ধান্ত