হাৰ্দিক পাণ্ডিয়া

ফাইনেলৰ পূৰ্বে টিম ইণ্ডিয়াত মোক্ষম আঘাত; বাহিৰ হ’ল হাৰ্দিক পাণ্ডিয়া  

বাহিৰ হ’ল হাৰ্দিক পাণ্ডিয়া এছিয়া কাপ ২০২৫ৰ চূড়ান্ত খেলখন আজি ভাৰত আৰু পাকিস্তানৰ মাজত ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাখনৰ ৪১ বছৰীয়া ইতিহাসত প্ৰথমবাৰলৈ এইবাৰ ফাইনেলত ভাৰত আৰু পাকিস্তান মুখামুখি হৈছে।কিন্তু এই মেচৰ পূৰ্বে টিম ইণ্ডিয়া এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে।এই মেচখনত খেলিব নোৱাৰিব

বাহিৰ হ’ল হাৰ্দিক পাণ্ডিয়া  

এছিয়া কাপ ২০২৫ৰ চূড়ান্ত খেলখন আজি ভাৰত আৰু পাকিস্তানৰ মাজত ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।

প্ৰতিযোগিতাখনৰ ৪১ বছৰীয়া ইতিহাসত প্ৰথমবাৰলৈ এইবাৰ ফাইনেলত ভাৰত আৰু পাকিস্তান মুখামুখি হৈছে।কিন্তু এই মেচৰ পূৰ্বে টিম ইণ্ডিয়া এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে।এই মেচখনত খেলিব নোৱাৰিব হাৰ্দিক পাণ্ডিয়াই।

তাৰ সলনি সুযোগ পালে ৰিংকু সিঙে।দৰাচলতে যোৱা মেচখনত হাৰ্দিক আঘাতপ্ৰাপ্ত হৈছিল।তেওঁ এটা অভাৰ বলিং কৰি খেলপথাৰৰ পৰা বাহিৰলৈ ওলাই গৈছিল। তেতিয়াৰ পৰাই ফাইনেলত অংশগ্ৰহণক লৈ ছাচপেন্স হৈ আছিল হাৰ্দিক।

এছিয়া কাপত এতিয়ালৈকে ভাৰতে অপৰাজিত ৰান লাভ কৰিছে।একেৰাহে ৬ খন মেচত জয়লাভ কৰি ফাইনেলত স্থান দখল কৰিবলৈ সক্ষম হৈছে টিম ইণ্ডিয়াই। ইফালে দুখন মেচত পৰাস্ত হৈছে পাকিস্তান।ভাৰতে দুয়োবাৰ পাকিস্তানক পৰাস্ত কৰিছে।

লগতে পঢ়ক: বি চি চি আইৰ নতুন অধ্যক্ষ ঘোষণা; ৰাজীৱ শুক্লা আৰু দেৱজিৎ শইকীয়াৰ কান্ধত কি দায়িত্ব ?