এছিয়া কাপ ২০২৫ৰ প্ৰথমখন মেচত টীম ইণ্ডিয়াৰ বৃহৎ জয়; ইউ এ ইক কৰিলে পৰাস্ত

এছিয়া কাপ ২০২৫ৰ প্ৰথমখন মেচত টীম ইণ্ডিয়াৰ বৃহৎ জয়

এছিয়া কাপ ২০২৫ ত ভাৰতে এক সুন্দৰ আৰম্ভণি কৰিছে।কুলদীপ যাদৱ আৰু শিৱম ডুবেৰ উজ্জ্বল বলিঙৰ পাছত অভিষেক শৰ্মা আৰু শুভমান গিলে ধুমুহাময় ইনিংছ খেলি ভাৰতক ২৭টা বলত জয়লাভ কৰাই।

ভাৰতীয় দলটোৱে ইউ এ ই দলক ৯ উইকেটত পৰাস্ত কৰিছে।বলাৰ আৰু বেটছমেনে দলৰ হৈ উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে।

অভিষেক শৰ্মাই ৩০ ৰান সংগ্ৰহ কৰে।আনহাতে ভাৰতীয় দলৰ হৈ কুলদীপ যাদৱে ৪টা উইকেট দখল কৰে।।

খেলখনত ভাৰতীয় অধিনায়ক সূৰ্যকুমাৰ যাদৱে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছিল। ইয়াৰ পিছত ইউ এ ইৰ বেটছমেনসকলে ভাৰতীয় বলাৰৰ সন্মুখত থিয় দিব নোৱাৰিলে আৰু ফ্লপ হ’ল।ইউ এ ইৰ দলটোৱে মাত্ৰ ৫৭ হে ৰান সংগ্ৰহ কৰে।

লগতে পঢ়ক: ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব পাৰে ২০২৬ৰ টি২০ বিশ্বকাপ… দুখন দেশ আৰু পাঁচখন চহৰত অনুষ্ঠিত হ’ব প্ৰতিযোগিতা

এছিয়া কাপ ২০২৫ ৰ বাবে ডুবাইত উপস্থিত টিম ইণ্ডিয়া; ICC একাডেমীত আৰম্ভ অনুশীলন

এছিয়া কাপ ২০২৫ ৰ বাবে ডুবাইত উপস্থিত টিম ইণ্ডিয়া

৯ ছেপ্টেম্বৰৰ পৰা ইউ এ ইত আৰম্ভ হবলগীয়া এছিয়া কাপ ২০২৫ ৰ বাবে ৪ ছেপ্টেম্বৰত ডুবাইত উপস্থিত হয় ভাৰতীয় দলটো।

এইবাৰ এছিয়া কাপ টি-২০ ফৰ্মেটত অনুষ্ঠিত হ’ব,য’ত টিম ইণ্ডিয়াই সূৰ্যকুমাৰ যাদৱৰ অধিনায়কত্বত খেলা দেখা যাব।

২০২৬ চনত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ প্ৰস্তুতিৰ কথা মনত ৰাখি টিম ইণ্ডিয়াৰ বাবে এই প্ৰতিযোগিতাখন অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে,এনে পৰিস্থিতিত বহু ভাৰতীয়ৰ চকু খেলুৱৈৰ ওপৰত থাকিব।ভাৰতীয় দলটোৱে ডুবাইত উপস্থিত হৈ এছিয়া কাপৰ বাবেও অনুশীলন আৰম্ভ কৰিছে।

ভাৰতীয় দলৰ ১৫ গৰাকী খেলুৱৈৰ আটাইকেইজনেই ডুবাইত উপস্থিত হৈ ৫ ছেপ্টেম্বৰৰ পৰা আই চি চি একাডেমীত দলটোৰ প্ৰথম অনুশীলনত অংশগ্ৰহণ কৰে।

দীৰ্ঘদিন পিছত টি-২০ ফৰ্মেটত খেলা দেখা যাব টিম ইণ্ডিয়া,য’ত তেওঁলোকে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিতে শেষৰখন মেচ খেলিছিল।

একে সময়তে এছিয়া কাপৰ বাবে ঘোষণা কৰা ১৫ জনীয়া ভাৰতীয় দলটোত ফাষ্ট বলাৰ যশপ্ৰীত বুমৰাহকো অন্তৰ্ভুক্ত কৰা হৈছে যি ২০২৪ চনত টি-২০ বিশ্বকাপৰ ফাইনেল মেচৰ পিছত এই ফৰ্মেটত টিম ইণ্ডিয়াৰ দলৰ অংশ হ’ব।

ভাৰতীয় দলটোৱে প্ৰতিযোগিতাখনৰ প্ৰথমখন মেচ ১০ ছেপ্টেম্বৰত ডুবাই খেলপথাৰত ইউ এ ই দলৰ বিৰুদ্ধে খেলিব লাগিব।

লগতে পঢ়ক: এছিয়া কাপৰ পূৰ্বে হাৰ্দিক পাণ্ডিয়াৰ নতুন অৱতাৰ; সামাজিক মাধ্যমত বিশেষ পোষ্ট