তীব্ৰবেগী বাহনে মহতিয়ালে আৰক্ষীক
নিয়মীয়া চেকিঙৰ সময়তে তীব্ৰবেগী বাহনে মহতিয়ালে কৰ্তব্যৰত আৰক্ষীক । বিহাৰৰ ৰাজধানী পাটনাত বুধবাৰে নিশা সংঘটিত হয় এই ঘটনা । অটল পথত বাহন চেকিঙৰ সময়ত এখন তীব্ৰবেগী স্ক’ৰপিঅ’ই চাৰিজন আৰক্ষীক মহতিয়াই নিয়ে । এই ঘটনাত এগৰাকী মহিলা কনিষ্টবলৰ মৃত্যু হয় । আনহাতে আন ৩ জন সংকটজনক অৱস্থাত চিকিতসাধীন হৈ আছে । এছ কে পুৰী থানা এলেকাৰ অধীনত দলটোৱে পথত চেকিঙত থকাৰ সময়তে এই মৰ্মান্তিক দুৰ্ঘটনাতো সংঘটিত হয় । ঘণ্টাত ৯০ কিলোমিটাৰ বেগেৰে গৈ আছিল গাড়ীখন ।
তথ্য অনুসৰি পাটনা আৰক্ষীয়ে নিশা ১০:৩০ বজাৰ পৰা ১২:৩০ বজালৈ বিশেষ বাহন চেকিং অভিযান চলাইছিল । এই সময়তে এখন তীব্ৰবেগী গাড়ীয়ে পথত উপস্থিত থকা কৰ্তব্যৰতসকলক মহতিয়াই নিয়ে । এই দুৰ্ঘটনাত এজন উপ-পৰিদৰ্শক, এজন এ এছ আই আৰু এগৰাকী মহিলা কনিষ্টবলকে ধৰি ৪ জন লোক গুৰুতৰভাৱে আহত হয় ।
ঘটনাৰ লগে লগে ঘটনাস্থলীত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় । স্থানীয় ৰাইজৰ সহায়ত আহতসকলক ওচৰৰ ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়, য’ত মহিলা কনিষ্টবলগৰাকীৰ মৃত্যু হয় ।
ঘটনাৰ খবৰ পোৱাৰ লগে লগে পাটনাৰ এছ এছ পি অবকাশ কুমাৰ আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলে সেই স্থানত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় । সংবাদ মাধ্যমৰ আগত এছ এছ পি গৰাকীয়ে আৰক্ষীক মহতিয়াই নিয়া বাহনখনৰ চালকজন সেই স্থানৰ পৰা পলায়ন কৰা বুলি জানিবলৈ দিয়ে । চিচিটিভি ফুটেজ স্কেন কৰি গাড়ীখন চিনাক্ত কৰাৰ লগতে চালকজনক গ্ৰেপ্তাৰ কৰিবলৈ সমগ্ৰ মহানগৰীত অভিযান চলোৱা হৈছে । ইয়াৰ মাজতে জব্দ কৰা হৈছে দুখন গাড়ী । একে সময়তে দুজন সন্দেহযুক্ত লোকক জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।
লগতে পঢ়ক : ‘যদি মোৰ ভগ্নী দোষী তেনেহ’লে ফাঁচী দিয়ক’; ৰাজাৰ মাতৃক সাৱটি ধৰি সোণমৰ ভাতৃৰ কান্দোন