বিহাৰত প্ৰথমবাৰৰ বাবে বিজেপিৰ মুখ্যমন্ত্ৰী; শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

আজি বিহাৰ লোক ভৱনত ৰাজ্যপালৰ সচিব গোপাল মীনাৰ অধ্যক্ষতাত পাটনা জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয়

১৫ এপ্ৰিলত বিহাৰে লাভ কৰিব বাৰতীয় জনতা পাৰ্টীৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী । লোক ভৱনত ইতিমধ্যে শপতগ্ৰহণৰ বাবে প্ৰস্তুতি তীব্ৰগতিত চলি আছে । আজি বিহাৰ লোক ভৱনত ৰাজ্যপালৰ সচিব গোপাল মীনাৰ অধ্যক্ষতাত পাটনা জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয় । পাটনাৰ বিভাগীয় আয়ুক্ত, ডি এম, এছ এছ পি, সকলো এছ পি, এ ডি এম আৰু এছ ডি এমে ইয়াত অংশ লয় । অহা ১৫ এপ্ৰিলত নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব । পুৱা ১১ বজাত শপত গ্ৰহণ কৰিব নতুন মুখ্যমন্ত্ৰীয়ে । বিশেষ কথাটো হ’ল নতুন মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অংশগ্ৰহণ কৰিব । ইয়াৰ বাবে সকলো প্ৰস্তুতি চলি আছে । মঙলবাৰে বিয়লিৰ ভিতৰত সকলো প্ৰস্তুতি সম্পূৰ্ণ হ’ব বুলি আশা কৰা হৈছে ।

বিমানবন্দৰ, অনে মাৰ্গ আৰু ৰাজভৱনত পাটনা জিলা প্ৰশাসনে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে । মঙলবাৰে সন্ধিয়া পাটনাত উপস্থিত হৈ লোকভৱনত থাকিব প্ৰধানমন্ত্ৰীগৰাকী । লোক ভৱনত সকলো প্ৰস্তুতি চলি আছে । অট্টালিকাটোৰ চাৰিওফালে নিৰাপত্তা কটকটীয়া কৰা হৈছে । বাট-পথতো বেৰিকেড লগোৱা হৈছে ।

জানিব পৰা মতে কাইলৈ কেবিনেট বৈঠক সমাপ্ত কৰাৰ পিছত মুখ্যমন্ত্ৰী নীতিশ কুমাৰে নিজৰ দলৰ বিধায়কসকলৰ সৈতে বৈঠকত মিলিত হ’ব । ইয়াৰ পিছত তেওঁ ৩:৩০ বজাত ৰাজ্যপালৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিব । ৰাজ্যিক সভাপতি সঞ্জয় সৰৱাগীয়ে স্পষ্টকৈ উল্লেখ কৰে যে ১৪ এপ্ৰিলত প্ৰথমবাৰৰ বাবে বিজেপি বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ’ব । ইয়াৰ পিছত চৰকাৰ গঠন প্ৰক্ৰিয়া আগবাঢ়িব । নিৰ্ধাৰিত সময় অনুসৰি সকলো আগবাঢ়িছে । বিজেপিৰ বৈঠকৰ পাছত এন ডি এৰ বিধায়িনী দলৰ নেতাসকলৰ বৈঠক হ’ব ৷ এই বৈঠকত সকলো বিধায়কে বিজেপিয়ে বাছনি কৰা প্ৰাৰ্থীক অনুমোদন দিব ।

লগতে পঢ়ক : কবিংশ শতিকাৰ আটাইতকৈ ডাঙৰ সিদ্ধান্ত ল’বলৈ সাজু ভাৰতঃ প্ৰধানমন্ত্ৰী মোদী

বিপদ ঘণ্টা বাজিছে বিহাৰৰ ৪২ গৰাকীকৈ বিধায়কৰ; পাটনা উচ্চ ন্যায়ালয়ে জাৰি কৰিলে জাননী

পাটনা উচ্চ ন্যায়ালয়ৰ জাননী জাৰি কৰাৰ ফলত বিহাৰৰ ৰাজনৈতিক দলসমূহৰ হৃদস্পন্দন বৃদ্ধি পাইছে। বিপদত পৰিছে বিহাৰৰ ৪২ গৰাকীকৈ বিধায়কৰ

দিনে দিনে বিপদ বৃদ্ধি পাইছে বিহাৰৰ কেইবাগৰাকীও বিধায়কৰ। পাটনা উচ্চ ন্যায়ালয়ে বিহাৰ বিধানসভাৰ ৪২ গৰাকী বিধায়কলৈ জাননী জাৰি কৰিছে।এই গোচৰটো মনোনয়নৰ সময়ত দাখিল কৰা শপতনামাত তথ্য লুকুৱাই ৰখাৰ সৈতে জড়িত।

পাটনা উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শশী ভূষণ মংগলমে এই সন্দৰ্ভত তথ্য প্ৰদান কৰিছে। তেওঁ কৈছে যে,যি ৪২ গৰাকী বিধায়কক জাননী জাৰি কৰা হৈছে,তেওঁলোকৰ দ্বাৰা দাখিল কৰা শপতনামাত তথ্য সম্পূৰ্ণকৈ আৰু শুদ্ধ তথ্য দিয়া হোৱা নাছিল।

অভিযোগ অনুসৰি একাংশ বিধায়কে শপতনামাৰ কিছু অনুচ্ছেদ খালী কৰি থৈ গৈছিল,যিহেতু সকলো কথাৰ স্পষ্ট তথ্য নিৰ্ধাৰিত আৰ্হিত দিয়াটো প্ৰয়োজনীয়।

ইয়াৰ পিছতো তেওঁৰ মনোনয়ন সংশ্লিষ্ট ৰিটাৰ্নিং অফিচাৰে বৈধ বুলি ঘোষণা কৰে।এই আধাৰতেই পৰাজিত প্ৰাৰ্থী আৰু একাংশ ভোটাৰে এই বিষয়টোক আদালতত প্ৰত্যাহ্বান জনায়।আবেদনখনত কোৱা হৈছে যে শপতনামাত তথ্য লুকুৱাই ৰখাটো এটা গুৰুতৰ বিষয় আৰু ই নিৰ্বাচনী প্ৰক্ৰিয়াৰ স্বচ্ছতাৰ সৈতে জড়িত এক প্ৰশ্ন।

আবেদনকাৰীসকলে কয় যে যদিহে প্ৰয়োজনীয় তথ্য সম্পূৰ্ণৰূপে শপতনামাত দিয়া হোৱা নাছিল বা কিছুমান স্তম্ভ খালী ৰখা হৈছিল, তেন্তে মনোনয়নৰ বৈধতাক লৈ প্ৰশ্ন উত্থাপন কৰাটো স্বাভাৱিক।

গোচৰৰ শুনানি গ্ৰহণ কৰি পাটনা উচ্চ ন্যায়ালয়ে সংশ্লিষ্ট ৪২ গৰাকী বিধায়কক জাননী জাৰি কৰিছে, তেওঁলোকৰ সঁহাৰি বিচাৰি।

আদালতে তেওঁলোকক দাখিল কৰা শপতনামাত তথ্য সন্দৰ্ভত উত্থাপিত প্ৰশ্নসমূহ স্পষ্ট কৰিবলৈ কয় যে, সেইবোৰৰ ওপৰত তেওঁৰ স্থিতি কি? এতিয়া এই গোচৰৰ পৰৱৰ্তী শুনানিৰ সময়ত আদালতে সকলো পক্ষৰ যুক্তি শুনানি গ্ৰহণ কৰিব।

লগতে পঢ়ক: দক্ষিণ কোৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতিক যাৱজ্জীৱন কাৰাদণ্ড; দেশত জাৰি কৰিছিল সামৰিক আইন

পাটনাৰ পৰা দিল্লীলৈ অহা ইণ্ডিগো বিমানৰ জৰুৰী অৱতৰণ; ১৬৯জন যাত্ৰীৰ হাহাকাৰ

পাটনাৰ পৰা দিল্লীলৈ অহা ইণ্ডিগো বিমানৰ জৰুৰী অৱতৰণ

বিহাৰৰ পাটনাৰ পৰা দিল্লী অভিমুখে অহা ইণ্ডিগো বিমানৰ জৰুৰীকালীন অৱতৰণ । চৰাইৰ খুন্দাত বিমানখনে জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয় । এই বিমানখনত আছিল ১৬৯ জন যাত্ৰী ।

পাটনাৰ জয়প্ৰকাশ নাৰায়ণ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নিৰাপদে অৱতৰণ কৰে বিমানখন । ইণ্ডিগোৰ বিমান নম্বৰ ৬E৫০০৯ পাটনাৰ পৰা দিল্লীলৈ আহি আছিল । সম্প্ৰতি বিমানখন মেৰামতিৰ প্ৰচেষ্টা অব্যাহত আছে ।

পাটনা বিমানবন্দৰৰ সঞ্চালকে কয় যে সকলো যাত্ৰী সুৰক্ষিত অৱস্থাত আছে । উৰণৰ কিছু সময়ৰ পিছতে বিমানখন নিৰাপদে অৱতৰণ কৰোৱা হয় । যাত্ৰীসকলৰ বাবে বিকল্প ব্যৱস্থা কৰা হ’ব বুলি জনাইছে বিমান সংস্থাটোৱে ।

পাটনা বিমানবন্দৰে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে স্থানীয় সময় অনুসৰি পুৱা ৮.৪২ বজাত পাটনাৰ পৰা দিল্লী অভিমুখী বিমান IG05009 বিমানখনে উৰা মাৰিছিল যদিও উৰণৰ কিছু সময়ৰ পিছতে বিমানখনত এটা চৰায়ে খুন্দা মাৰে । তদন্তৰ সময়ত ৰাণৱেত উদ্ধাৰ হৈছে এটা মৃত চৰাইৰ অৱশিষ্ট । বিমানখনৰ এটা ইঞ্জিনত কম্পনৰ বাবে বিমানখনক পাটনালৈ উভতি যাবলৈ কোৱা হয় । অৱশ্যে ৰাণৱেত নিৰাপদে অৱতৰণ কৰে বিমানখনে । বৰ্তমান সকলো যাত্ৰী সুৰক্ষিত অৱস্থাত আছে ।

লগতে পঢ়ক : ‘যিকোনো সময়তে আৰম্ভ হ’ব পাৰে তৃতীয় বিশ্বযুদ্ধ’;পাকিস্তানৰ বিৰুদ্ধে নীতিন গাডকাৰীৰ ডাঙৰ বক্তব্য

চেকিঙৰ সময়ত তীব্ৰবেগী বাহনে মহতিয়ালে আৰক্ষীক;  ১জনৰ মৃত্যু, ৩জনৰ অৱস্থা সংকটজনক

তীব্ৰবেগী বাহনে মহতিয়ালে আৰক্ষীক

নিয়মীয়া চেকিঙৰ সময়তে তীব্ৰবেগী বাহনে মহতিয়ালে কৰ্তব্যৰত আৰক্ষীক । বিহাৰৰ ৰাজধানী পাটনাত বুধবাৰে নিশা সংঘটিত হয় এই ঘটনা । অটল পথত বাহন চেকিঙৰ সময়ত এখন তীব্ৰবেগী স্ক’ৰপিঅ’ই চাৰিজন আৰক্ষীক মহতিয়াই নিয়ে । এই ঘটনাত এগৰাকী মহিলা কনিষ্টবলৰ মৃত্যু হয় । আনহাতে আন ৩ জন সংকটজনক অৱস্থাত চিকিতসাধীন হৈ আছে । এছ কে পুৰী থানা এলেকাৰ অধীনত দলটোৱে পথত চেকিঙত থকাৰ সময়তে এই মৰ্মান্তিক দুৰ্ঘটনাতো সংঘটিত হয় । ঘণ্টাত ৯০ কিলোমিটাৰ বেগেৰে গৈ আছিল গাড়ীখন ।

তথ্য অনুসৰি পাটনা আৰক্ষীয়ে নিশা ১০:৩০ বজাৰ পৰা ১২:৩০ বজালৈ বিশেষ বাহন চেকিং অভিযান চলাইছিল । এই সময়তে এখন তীব্ৰবেগী গাড়ীয়ে পথত উপস্থিত থকা কৰ্তব্যৰতসকলক মহতিয়াই নিয়ে । এই দুৰ্ঘটনাত এজন উপ-পৰিদৰ্শক, এজন এ এছ আই আৰু এগৰাকী মহিলা কনিষ্টবলকে ধৰি ৪ জন লোক গুৰুতৰভাৱে আহত হয় ।

ঘটনাৰ লগে লগে ঘটনাস্থলীত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় । স্থানীয় ৰাইজৰ সহায়ত আহতসকলক ওচৰৰ ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়, য’ত মহিলা কনিষ্টবলগৰাকীৰ মৃত্যু হয় ।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে পাটনাৰ এছ এছ পি অবকাশ কুমাৰ আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলে সেই স্থানত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় । সংবাদ মাধ্যমৰ আগত এছ এছ পি গৰাকীয়ে আৰক্ষীক মহতিয়াই নিয়া বাহনখনৰ চালকজন সেই স্থানৰ পৰা পলায়ন কৰা বুলি জানিবলৈ দিয়ে । চিচিটিভি ফুটেজ স্কেন কৰি গাড়ীখন চিনাক্ত কৰাৰ লগতে চালকজনক গ্ৰেপ্তাৰ কৰিবলৈ সমগ্ৰ মহানগৰীত অভিযান চলোৱা হৈছে । ইয়াৰ মাজতে জব্দ কৰা হৈছে দুখন গাড়ী । একে সময়তে দুজন সন্দেহযুক্ত লোকক জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

লগতে পঢ়ক : ‘যদি মোৰ ভগ্নী দোষী তেনেহ’লে ফাঁচী দিয়ক’; ৰাজাৰ মাতৃক সাৱটি ধৰি সোণমৰ ভাতৃৰ কান্দোন