বিহাৰত প্ৰথমবাৰৰ বাবে বিজেপিৰ মুখ্যমন্ত্ৰী; শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

বিহাৰত প্ৰথমবাৰৰ বাবে বিজেপিৰ মুখ্যমন্ত্ৰী; শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

আজি বিহাৰ লোক ভৱনত ৰাজ্যপালৰ সচিব গোপাল মীনাৰ অধ্যক্ষতাত পাটনা জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয় ১৫ এপ্ৰিলত বিহাৰে লাভ কৰিব বাৰতীয় জনতা পাৰ্টীৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী । লোক ভৱনত ইতিমধ্যে শপতগ্ৰহণৰ বাবে প্ৰস্তুতি তীব্ৰগতিত চলি আছে । আজি বিহাৰ লোক ভৱনত ৰাজ্যপালৰ

আজি বিহাৰ লোক ভৱনত ৰাজ্যপালৰ সচিব গোপাল মীনাৰ অধ্যক্ষতাত পাটনা জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয়

১৫ এপ্ৰিলত বিহাৰে লাভ কৰিব বাৰতীয় জনতা পাৰ্টীৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী । লোক ভৱনত ইতিমধ্যে শপতগ্ৰহণৰ বাবে প্ৰস্তুতি তীব্ৰগতিত চলি আছে । আজি বিহাৰ লোক ভৱনত ৰাজ্যপালৰ সচিব গোপাল মীনাৰ অধ্যক্ষতাত পাটনা জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয় । পাটনাৰ বিভাগীয় আয়ুক্ত, ডি এম, এছ এছ পি, সকলো এছ পি, এ ডি এম আৰু এছ ডি এমে ইয়াত অংশ লয় । অহা ১৫ এপ্ৰিলত নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব । পুৱা ১১ বজাত শপত গ্ৰহণ কৰিব নতুন মুখ্যমন্ত্ৰীয়ে । বিশেষ কথাটো হ’ল নতুন মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অংশগ্ৰহণ কৰিব । ইয়াৰ বাবে সকলো প্ৰস্তুতি চলি আছে । মঙলবাৰে বিয়লিৰ ভিতৰত সকলো প্ৰস্তুতি সম্পূৰ্ণ হ’ব বুলি আশা কৰা হৈছে ।

বিমানবন্দৰ, অনে মাৰ্গ আৰু ৰাজভৱনত পাটনা জিলা প্ৰশাসনে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে । মঙলবাৰে সন্ধিয়া পাটনাত উপস্থিত হৈ লোকভৱনত থাকিব প্ৰধানমন্ত্ৰীগৰাকী । লোক ভৱনত সকলো প্ৰস্তুতি চলি আছে । অট্টালিকাটোৰ চাৰিওফালে নিৰাপত্তা কটকটীয়া কৰা হৈছে । বাট-পথতো বেৰিকেড লগোৱা হৈছে ।

জানিব পৰা মতে কাইলৈ কেবিনেট বৈঠক সমাপ্ত কৰাৰ পিছত মুখ্যমন্ত্ৰী নীতিশ কুমাৰে নিজৰ দলৰ বিধায়কসকলৰ সৈতে বৈঠকত মিলিত হ’ব । ইয়াৰ পিছত তেওঁ ৩:৩০ বজাত ৰাজ্যপালৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিব । ৰাজ্যিক সভাপতি সঞ্জয় সৰৱাগীয়ে স্পষ্টকৈ উল্লেখ কৰে যে ১৪ এপ্ৰিলত প্ৰথমবাৰৰ বাবে বিজেপি বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ’ব । ইয়াৰ পিছত চৰকাৰ গঠন প্ৰক্ৰিয়া আগবাঢ়িব । নিৰ্ধাৰিত সময় অনুসৰি সকলো আগবাঢ়িছে । বিজেপিৰ বৈঠকৰ পাছত এন ডি এৰ বিধায়িনী দলৰ নেতাসকলৰ বৈঠক হ’ব ৷ এই বৈঠকত সকলো বিধায়কে বিজেপিয়ে বাছনি কৰা প্ৰাৰ্থীক অনুমোদন দিব ।

লগতে পঢ়ক : কবিংশ শতিকাৰ আটাইতকৈ ডাঙৰ সিদ্ধান্ত ল’বলৈ সাজু ভাৰতঃ প্ৰধানমন্ত্ৰী মোদী