Special Ops 2 ৰ বাবে অধিক অপেক্ষা কৰিব লাগিব অনুৰাগী
অনুৰাগীৰ প্ৰিয় ৱেব শ্ব’ ‘Special Ops 2’ ৰ মুক্তিৰ তাৰিখ পিছুৱাই দিয়া হৈছে । সকলোৱে এই ছিৰিজ মুক্তিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছিল, এতিয়া আৰু অলপ সময় অপেক্ষা কৰিব লাগিব । মুক্তিৰ তাৰিখ সলনি কৰিছে Jio Hotstar য়ে । কে কে মেননে ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰি অনুৰাগীসকলক এই সন্দৰ্ভত তথ্য প্ৰদান কৰিছে ।
কে কে মেননৰ পোষ্ট ভাইৰেল-
কে কে মেননে অনুৰাগীক জনাইছে যে এতিয়া ‘Special Ops 2’ ১১ জুলাইত নহয়, ১৮ জুলাইত মুক্তি পাব । হিম্মত সিঙ এই ছিজনৰ সৈতে পুনৰ ঘূৰি আহিব । এইবাৰো হিম্মত সিঙে R&AW বিষয়াৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব । এইবাৰ হিম্মত সিঙে দেশক সন্ত্ৰাসবাদৰ পৰা নহয়, চাইবাৰ আক্ৰমণৰ পৰা ৰক্ষা কৰা দেখা যাব ।
‘Special Ops 2’ ছিৰিজৰ জনপ্ৰিয়তা ‘পঞ্চায়ত’, ‘ফেমিলি মেন’ আৰু ‘পাতাল লোক’ৰ দৰেই বিবেচিত হৈছে । এই ৱেব শ্ব’টোৰ প্ৰতিটো চৰিত্ৰই অনুৰাগীৰ মাজত ছাচপেন্সৰ সৃষ্টি কৰিছে । ইয়াৰ প্ৰথম ছিজনত হিম্মত সিঙে নিজৰ বিশেষ দলৰ সৈতে সন্ত্ৰাসবাদ নিৰ্মূল কৰিছিল । পিছলৈ নিৰ্মাতাসকলে হিম্মত সিঙৰ কাহিনীও লৈ আহিছিল অৰ্থাৎ ‘স্পেচিয়েল অপছ ১.৫’ । এতিয়া ছিজন ২ আহি আছে য’ত তেওঁ দেশক এক ডাঙৰ চাইবাৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিব ।
কে কে মেননে ‘স্পেচিয়েল অপছ ২’ত অভিনয় কৰাৰ অভিজ্ঞতা শ্বেয়াৰ কৰে । তেওঁ এটা সাক্ষাৎকাৰত কয় যে হিম্মত সিং আপোনাৰ টিপিকেল হিৰো নহয় । বোজা কঢ়িয়াই নিয়া মানুহ । এইবাৰ যুঁজখন অলপ শান্তিপূৰ্ণ হ’ব, কিন্তু যথেষ্ট বিপদজনক হ’ব । আমি প্ৰতিটো সিদ্ধান্ত অতি চিন্তাশীলভাৱে ল’ব লাগিব । অভিনেতা হিচাপে এনে চৰিত্ৰ কাৰোবাক আগবঢ়োৱাটো অতি বিৰল । এনে এটা চৰিত্ৰত কেৱল এটা অভিনয় দিয়াই নহয়, এটা আবেগক জীয়াই ৰাখিব লাগিব ।
উল্লেখ্য যে, এইবাৰ এই ছিৰিজত কে কে মেননৰ ওপৰিও প্ৰকাশ ৰাজ, তাহিৰ ৰাজ ভাছিন, ছিয়ামী খেৰ, কৰণ টেকাৰ, গৌতমী কাপুৰ আৰু পৰমীত শেঠীকো দেখা যাব ।
লগতে পঢ়ক : ৰূপালী পৰ্দাত পুনৰ প্ৰত্যাৱৰ্তনৰ বাবে সাজু হৈছে স্মৃতি ইৰাণী; ক’লে এই কথা…