ৱেব ছিৰিজ ‘ঘোছখোৰ পণ্ডিত’ক লৈ উত্তৰ প্ৰদেশত বিতৰ্ক ; এফআইআৰ ৰুজু

বিতৰ্কৰ মাজত সোমাই পৰিছে ৱেব ছিৰিজ ‘ঘোছখোৰ পণ্ডিত’। উত্তৰ প্ৰদেশত ৱেব ছিৰিজ খনৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ। ছবিখনৰ শিৰোনামক লৈ ব্ৰাহ্মণ সমাজে আপত্তি দৰ্শাইছে।

উত্তৰ প্ৰদেশত ৱেব ছিৰিজ ‘ঘুছখোৰ পণ্ডিত’ক লৈ বৃদ্ধি পাইছে বিতৰ্ক। এই ৱেব ছিৰিজখনৰ বিৰুদ্ধে ব্ৰাহ্মণ সমাজে এটা মৰ্চা মুকলি কৰিছে।এই ছবিখনৰ শিৰোনামক লৈ ব্ৰাহ্মণ সমাজে আপত্তি দৰ্শাইছে।

একে সময়তে ৰাজনৈতিক দলসমূহেও ইয়াৰ বিৰোধিতা কৰিছে। ৰাজ্যখনত চলি থকা ব্যাপক প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত ‘ঘুছখোৰ পণ্ডিত’ ৱেব ছিৰিজৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰা হৈছে।

মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ নিৰ্দেশত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। চৰকাৰে কৈছে যে, সামাজিক সম্প্ৰীতি আৰু আইন-শৃংখলাৰ সৈতে খেলা-ধূলা কৰাসকলৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতিৰ অধীনত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

বৃহস্পতিবাৰে হজৰতগঞ্জ কোতৱালিৰ এছ এইচ অ’ বিক্ৰম সিঙে নিজেই এই এফ আই আৰ দাখিল কৰে। শুকুৰবাৰে বিক্ৰম সিঙে কয় যে ‘ঘোছখোৰ পণ্ডিত’ ছবিখনৰ পৰিচালক আৰু তেওঁৰ দলৰ বিৰুদ্ধে এটা বিশেষ জাতিক অপমান কৰি শত্ৰুতা বিয়পাই দিয়াৰ অভিযোগত আৰক্ষীয়ে এফআইআৰ ৰুজু কৰিছে।

এই এফ আই আৰ ভাৰতীয় দণ্ডবিধিৰ (বিএনএছ)ৰ ধাৰা ১৯৬ (ধৰ্ম, জাতি বা ভাষাৰ ভিত্তিত শত্ৰুতাক প্ৰসাৰ কৰা), ২৯৯ (যিকোনো শ্ৰেণীৰ অনুভূতিক ক্ষুব্ধ কৰাৰ উদ্দেশ্যেৰে কৰা ইচ্ছাকৃত আৰু দুৰ্নীতিপৰায়ণ কাৰ্য্য),তথ্য প্ৰযুক্তি সংশোধনী আইনৰ ৩৫২ (শান্তি ভংগৰ উদ্দেশ্যেৰে ইচ্ছাকৃতভাৱে অপমান), ৩৫৩ (জনসাধাৰণৰ উপদ্ৰৱৰ সৈতে জড়িত) আৰু ৬৬ নং ধাৰাত গোচৰ ৰুজু কৰা হৈছে।

এজাহাৰত এছ এইচ অ’ই কৈছে যে অ’টিটি প্লেটফৰ্ম নেটফ্লিক্সত ‘ঘোছখোৰ পণ্ডিত’ নামৰ এখন ছবি মুক্তি লাভ কৰিছে।

তেওঁলোকে অভিযোগ কৰিছে যে ছবিখনৰ নামটোৱে এটা বিশেষ জাতিক লক্ষ্য কৰি তেওঁলোকক অপমান কৰিছে যাৰ বাবে সেই বিশেষ জাতিটোৰ মাজত যথেষ্ট ক্ষোভৰ সৃষ্টি হয়।

এফআইআৰৰ তথ্য অনুসৰি বহু সামাজিক সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানেও ছবিখনৰ বিৰুদ্ধে হিংসাত্মক প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সাজু হৈছে।

পৰিচালকৰ দ্বাৰা টেলিকাষ্ট কৰা এই ছবিখনে সমাজৰ সমন্বয় আৰু শান্তি বিনষ্ট কৰি জনগোষ্ঠীসমূহৰ মাজত শত্ৰুতা বিয়পাব পাৰে।

লগতে পঢ়ক: তিহাৰ জে’লত ৰাজপাল যাদৱৰ আত্মসমৰ্পণ; কাৰাগাৰেই হ’ব নেকি ঠিকনা

Special Ops 2 ৰ বাবে অধিক অপেক্ষা কৰিব লাগিব অনুৰাগী; সলনি হ’ল মুক্তিৰ তাৰিখ

Special Ops 2 ৰ বাবে অধিক অপেক্ষা কৰিব লাগিব অনুৰাগী

অনুৰাগীৰ প্ৰিয় ৱেব শ্ব’ ‘Special Ops 2’ ৰ মুক্তিৰ তাৰিখ পিছুৱাই দিয়া হৈছে । সকলোৱে এই ছিৰিজ মুক্তিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছিল, এতিয়া আৰু অলপ সময় অপেক্ষা কৰিব লাগিব । মুক্তিৰ তাৰিখ সলনি কৰিছে Jio Hotstar য়ে । কে কে মেননে ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰি অনুৰাগীসকলক এই সন্দৰ্ভত তথ্য প্ৰদান কৰিছে ।

কে কে মেননৰ পোষ্ট ভাইৰেল-

কে কে মেননে অনুৰাগীক জনাইছে যে এতিয়া ‘Special Ops 2’ ১১ জুলাইত নহয়, ১৮ জুলাইত মুক্তি পাব । হিম্মত সিঙ এই ছিজনৰ সৈতে পুনৰ ঘূৰি আহিব । এইবাৰো হিম্মত সিঙে R&AW বিষয়াৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব । এইবাৰ হিম্মত সিঙে দেশক সন্ত্ৰাসবাদৰ পৰা নহয়, চাইবাৰ আক্ৰমণৰ পৰা ৰক্ষা কৰা দেখা যাব ।

‘Special Ops 2’ ছিৰিজৰ জনপ্ৰিয়তা ‘পঞ্চায়ত’, ‘ফেমিলি মেন’ আৰু ‘পাতাল লোক’ৰ দৰেই বিবেচিত হৈছে । এই ৱেব শ্ব’টোৰ প্ৰতিটো চৰিত্ৰই অনুৰাগীৰ মাজত ছাচপেন্সৰ সৃষ্টি কৰিছে । ইয়াৰ প্ৰথম ছিজনত হিম্মত সিঙে নিজৰ বিশেষ দলৰ সৈতে সন্ত্ৰাসবাদ নিৰ্মূল কৰিছিল । পিছলৈ নিৰ্মাতাসকলে হিম্মত সিঙৰ কাহিনীও লৈ আহিছিল অৰ্থাৎ ‘স্পেচিয়েল অপছ ১.৫’ । এতিয়া ছিজন ২ আহি আছে য’ত তেওঁ দেশক এক ডাঙৰ চাইবাৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিব ।

কে কে মেননে ‘স্পেচিয়েল অপছ ২’ত অভিনয় কৰাৰ অভিজ্ঞতা শ্বেয়াৰ কৰে । তেওঁ এটা সাক্ষাৎকাৰত কয় যে হিম্মত সিং আপোনাৰ টিপিকেল হিৰো নহয় । বোজা কঢ়িয়াই নিয়া মানুহ । এইবাৰ যুঁজখন অলপ শান্তিপূৰ্ণ হ’ব, কিন্তু যথেষ্ট বিপদজনক হ’ব । আমি প্ৰতিটো সিদ্ধান্ত অতি চিন্তাশীলভাৱে ল’ব লাগিব । অভিনেতা হিচাপে এনে চৰিত্ৰ কাৰোবাক আগবঢ়োৱাটো অতি বিৰল । এনে এটা চৰিত্ৰত কেৱল এটা অভিনয় দিয়াই নহয়, এটা আবেগক জীয়াই ৰাখিব লাগিব ।

উল্লেখ্য যে, এইবাৰ এই ছিৰিজত কে কে মেননৰ ওপৰিও প্ৰকাশ ৰাজ, তাহিৰ ৰাজ ভাছিন, ছিয়ামী খেৰ, কৰণ টেকাৰ, গৌতমী কাপুৰ আৰু পৰমীত শেঠীকো দেখা যাব ।

লগতে পঢ়ক : ৰূপালী পৰ্দাত পুনৰ প্ৰত্যাৱৰ্তনৰ বাবে সাজু হৈছে স্মৃতি ইৰাণী; ক’লে এই কথা…

এইবাৰ ফুলেৰাত উপ-প্ৰধান পদৰ বাবে হ’ব যুঁজ; নিৰ্মাতাই ঘোষণা কৰিলে ‘পঞ্চায়ত ৫’

এইবাৰ ফুলেৰাত উপ-প্ৰধান পদৰ বাবে হ’ব যুঁজ

বিগত ২৪ জুনত ‘পঞ্চায়ত’ৰ চতুৰ্থ ছিজন ‘এমাজন প্ৰাইম’ত মুক্তি লাভ কৰিছিল । পূৰ্বৰ ছিজনৰ দৰেই এই ছিজনো দৰ্শকে আদৰি লৈছে । অৱশ্যে এই ছিজনত মঞ্জু দেৱী প্ৰধান নিৰ্বাচনত পৰাস্ত হয়, যিয়ে দৰ্শকক হতাশ কৰি তোলে । এতিয়া সকলোৱে অপেক্ষা কৰি আছে ইয়াৰ পঞ্চম ছিজনত কি হ’ব । এই অধীৰতা দেখি ‘পঞ্চায়ত’ৰ নিৰ্মাতাসকলে ঘোষণা কৰিছে এই জনপ্ৰিয় ছিৰিজৰ পঞ্চম ছিজন ।

নতুন ছিজনৰ পোষ্টাৰ মুকলি-

পঞ্চম ছিজন আনুষ্ঠানিকভাৱে ঘোষণা কৰি নতুন ছিজনৰ প্ৰথমখন পোষ্টাৰ মুকলি কৰিছে ‘পঞ্চায়ত’ৰ নিৰ্মাতাসকলে । এই পোষ্টাৰখনত দেখা গৈছে যে এইবাৰ কাহিনীটোত নতুন টুইষ্ট আহিব, য’ত উপ-প্ৰধান পদৰ বাবে যুঁজ হোৱাৰ সম্ভাৱনা আছে । পোষ্টাৰখনৰ মতে বিনোদক চকী এখনত বহি থকা দেখা গৈছে আৰু সকলোৱে তেওঁক নিজৰ ফালে টানি লৈ গৈছে । এইটোৱে দেখুৱাইছে এটা ধেমেলীয়া দৃশ্য ।

কেতিয়া মুক্তি পাব পঞ্চায়ত ৫ ?

‘পঞ্চায়ত’ৰ নিৰ্মাতাসকলে নতুন ছিজনৰ পোষ্টাৰ মুকলি কৰি কয় যে ফুলেৰালৈ ঘূৰি অহাৰ প্ৰস্তুতি আৰম্ভ কৰক । অতি সোনকালে আহি আছে নতুন ছিজন । উল্লেখ্য যে ২০২৬ চনত মুক্তি পাব ‘পঞ্চায়ত ৫’, যিখন আমাজন প্ৰাইমত ষ্ট্ৰীম কৰা হ’ব । অৱশ্যে এতিয়াও আনুষ্ঠানিক তাৰিখ ঘোষণা কৰা নাই নিৰ্মাতাসকলে ।

লগতে পঢ়ক : “ৱেব ছিৰিজত অন্তৰংগ দৃশ্য আৰু গালি-গালাজৰ কোনো অৰ্থ নাই”; পৰেশ ৰাৱালৰ ডাঙৰ মন্তব্য

২০২৫ত চাব পাৰিব চাচপেন্স, থ্ৰিলাৰ আৰু ড্ৰামাৰে ভৰা ৱেব ছিৰিজ…জানি লওক কেতিয়া মুক্তি পাব অ’ টি টিত

২০২৫ বৰ্ষত মুক্তি পাব বহু প্ৰত্যাশিত ৱেব ছিৰিজ, য’ত ড্ৰামা, ছাচপেন্স, থ্ৰিলাৰ, কমেডী আৰু আন বহুতো থাকিব । এই তালিকাত আৰিয়ান খানৰ পৰা মনোজ বাজপেয়ীলৈকে ৱেব চিৰিজ মুক্তি পাব ।

আৰিয়ান খান নিৰ্দেশিত প্ৰথমখন ছবি-

প্ৰথমে বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানৰ আগন্তুক ৱেব ছিৰিজৰ কথা জানক । সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই ছিৰিজত আৰিয়ানে অভিনয় নকৰে যদিও তেওঁ পৰিচালনা কৰিছে । এই ছিৰিজটো ২০২৫ চনত মুক্তি পাব । এই ছিৰিজটো প্ৰযোজনা কৰিব গৌৰী খানে । শেহতীয়াকৈ নেটফ্লিক্সে ঘোষণা কৰিছে যে ২০২৫ চনত নেটফ্লিক্স আৰু ৰেড চিলিজ এণ্টাৰটেইনমেণ্টে গৌৰী খানৰ দ্বাৰা প্ৰযোজিত আৰু আৰিয়ান খানৰ পৰিচালিত বলীউডৰ এক অনন্য ছিৰিজৰ সৈতে আহি আছে ।

পাতল লোক ছিজন ২-

জয়দীপ আহলাৱত আৰু গুল পানাগ অভিনীত বহু প্ৰত্যাশিত অপৰাধমূলক ড্ৰামা ‘পাতল লোক’ৰ দ্বিতীয় ছিজনো ২০২৫ চনত মুক্তি পাব । শেহতীয়াকৈ প্ৰাইম ভিডিঅ’ই ইয়াৰ পোষ্টাৰ মুকলি কৰি ঘোষণা কৰিছে যে এই ক্ৰাইম ড্ৰামা ১৭ জানুৱাৰীত মুক্তি পাব । ২০২০ চনত মুক্তি পাইছিল ইয়াৰ প্ৰথম ছিজন । ইয়াৰ সফলতাই ব্ৰেকআউট পাৰফৰ্মাৰ হিচাপে আত্মপ্ৰকাশ কৰা আহলাৱতৰ বাবে দেশজুৰি খ্যাতি কঢ়িয়াই আনিছিল ।

দ্য ফেমিলী মেন ৩-

মনোজ বাজপেয়ী, প্ৰিয়ামণি আৰু শ্বৰীব হাছমী অভিনীত জনপ্ৰিয় ৱেব ছিৰিজ দ্য ফেমিলি মেন অহা বছৰ ষ্ট্ৰীম হ’ব । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ডিচেম্বৰৰ ভিতৰত ইয়াৰ প্ৰডাকশ্যন সম্পূৰ্ণ হ’ব, আনহাতে পোষ্ট প্ৰডাকচনৰ কাম ৯-১২ মাহলৈকে চলিব । ২০২৫ চনত মুক্তি পাব পাৰে ইয়াৰ তৃতীয় ছিজন ।

দ্য ৰৌশনছ-

হৃতিক ৰোশন, ৰাকেশ ৰোশন আৰু ৰাজেশ ৰোশনক দেখা যাব The Roshans ছিৰিজত । এই তথ্যচিত্ৰ-ছিৰিজটো ২০২৫ চনৰ ১৭ জানুৱাৰীত নেটফ্লিক্সত মুক্তি পাব । ছিৰিজটোৱে দৰ্শকক লৈ যাব ৰোশন পৰিয়ালৰ জীৱন, সংগ্ৰাম আৰু বিজয়ৰ যাত্ৰালৈ ।

ব্লেক ৱাৰেণ্ট

ছেক্ৰেড গেমছ আৰু চি টি আৰ এলৰ বাবে সুপৰিচিত বিক্ৰমাদিত্য মটৱানে এতিয়া তেওঁৰ আগন্তুক ৱেব ছিৰিজ ব্লেক ৱাৰেণ্টৰ জৰিয়তে অনুৰাগীক ভাৰতৰ আটাইতকৈ কুখ্যাত কাৰাগাৰ তিহাৰ জেলৰ কঠোৰ বাস্তৱতাৰ ভিতৰলৈ লৈ যাবলৈ সাজু হৈছে । এই ছিৰিজত শশী কাপুৰৰ নাতি জাহান কাপুৰে অভিনয় কৰিছে । ইয়াৰ প্ৰিমিয়াৰ হ’ব নেটফ্লিক্সত ২০২৫ চনৰ ১০ জানুৱাৰীত । এই ছিৰিজত পৰমবীৰ সিং চিমা, অনুৰাগ ঠাকুৰ আৰু সিদ্ধান্ত গুপ্তাক মূল চৰিত্ৰত দেখা যাব ।

‘স্ত্ৰী ২’ৰ পৰা ‘কল্কী ২৯৮৯ এ.ডি’লৈকে, এই বছৰ গুগলত সৰ্বাধিক চাৰ্চ কৰা চিনেমা, ছিৰিজত ‘হীৰামণ্ডী’ৰ সফলতা…

২০২৪ চনৰ শেষ হোৱাৰ পূৰ্বে গুগলত সৰ্বাধিক সন্ধান কৰা ছবি আৰু ৱেব ছিৰিজৰ তালিকা প্ৰকাশ পাইছে । য’ত ‘স্ত্ৰী ২’ আন সকলো ছবিক পৰাস্ত কৰি প্ৰথম স্থান লাভ কৰিছে । ৱেব ছিৰিজৰ তালিকাত জয়ী হৈছে ‘হীৰামণ্ডী’ । এই তালিকাত কোনবোৰ ছবি অন্তৰ্ভুক্ত হৈছে চাওক…

স্ত্ৰী ২-

শ্ৰদ্ধা কাপুৰ আৰু ৰাজকুমাৰ ৰাওৰ ভৌতিক-কমেডী ছবি ‘স্ত্ৰী ২’ ১৪ আগষ্টত ছবিগৃহত মুক্তি লাভ কৰে । ছবিখনত শ্ৰদ্ধা-ৰাজকুমাৰৰ উপৰিও অপাৰশক্তি খুৰানা, অভিষেক বেনাৰ্জী আৰু পংকজ ত্ৰিপাঠীয়ে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে । বক্স অফিচত ছবিখন ব্লকবাষ্টাৰ হিচাপে প্ৰমাণিত হয় ।

কল্কী ২৯৮৯ এ.ডি –

প্ৰভাস, দীপিকা পাডুকন আৰু অমিতাভ বচ্চন অভিনীত ছবি ‘কল্কী ২৯৮৯ এ.ডি’ এই তালিকাত দ্বিতীয় স্থানত আছে । যিয়ে বক্স অফিচত ভাল সংগ্ৰহ কৰে । বিগ বিৰ চৰিত্ৰটোও দৰ্শকে আদৰি লৈছিল ।

12th Fail-

বলীউডৰ প্ৰতিভাৱান অভিনেতা বিক্ৰান্ত মেছীয়ে এই ছবিখনত শক্তিশালী অভিনয়েৰে দৰ্শকক মোহিত কৰিছিল । মধ্যপ্ৰদেশৰ বাসিন্দা আই পি এছ মনোজ শৰ্মাৰ জীৱনক লৈ নিৰ্মাণ কৰা হৈছে এই ছবিখন । ছবিখনে বক্স অফিচত বিপুল লাভ অৰ্জন কৰিছিল । গুগল চাৰ্চৰ তালিকাত ই তৃতীয় স্থানত আছে ।

হীৰামণ্ডী-

ৱেব ছিৰিজৰ ক্ষেত্ৰত গুগলৰ সন্ধান তালিকাত প্ৰথম নামটো হ’ল ‘হীৰামণ্ডী’। য’ত মনীষা কৈৰালা, অদিতি ৰাও হায়দাৰী আৰু সোনাক্ষী সিনহাৰ দৰে বহু জনপ্ৰিয় অভিনেত্ৰীক দেখা গৈছিল । এই ছিৰিজৰ জৰিয়তে ফাৰ্দিন খানেও এক ডাঙৰ কামবেক কৰিছিল ।

গুগলত সৰ্বাধিক সন্ধান কৰা চলচ্চিত্ৰৰ তালিকা-

-স্ত্ৰী ২

-কল্কী ২৯৮৯ এ.ডি

-লাপাতা লেডিজ –

-হনু-মেন

-মহাৰাজা

-মঞ্জুমেল বয়ছ

-দ্য গ্ৰেটেষ্ট অল টাইম

-ছালাৰ

-আৱেশম

এইবোৰ হৈছে গুগলত সৰ্বাধিক সন্ধান কৰা ৱেব ছিৰিজ-

-হীৰমণ্ডী

-মিৰ্জাপুৰ ছিজন ৩

-লাষ্ট অব আচ

-বিগ বছ ১৭

-পঞ্চায়ত

-কুইন অব টিয়েৰছ

-মেৰী মাই হাজবেণ্ড

-কোটা ফেক্টৰী

-বিগ বছ ১৮

-৩ বডী প্ৰবলেম